পূর্ণনে তুমি? – শচীন্দ্ৰ কুমাৰ দাস

Pc Pixabay

পূর্ণনে তুমি? 

 শচীন্দ্ৰ কুমাৰ দাস, পলাশবাৰী

সন্ধিয়া পৰত অজানিতে
তুমি ভাৱবিলাক বিলাই স্তব্ধ কৰি
নিজানৰ সুস্থিৰতাত অহংৰ গৰ্ব
ৰেণু সানি সুগন্ধ বিমুখ পাৰিজাত হৈ
ভাৱনাবোৰক তৎসাত কৰাৰ মানসিকতাৰে
কিয় আহিছিলা মোৰ মানসপটত?

স্মৃতিবোৰত হেঙাৰ বান্ধি স্নেহবোৰত
শিকলি লগাই হৃদয়ৰ নীল আকাশত
ক’লা ডাৱৰ সাঁচ বহুৱাই মনৰ
উন্মাদনাক নিৰস কিয় কৰিলা তুমি?

জীৱন বিধ্বংসী প্রয়াসেৰে
চল চাতুৰীৰ বান্ধেৰে ভৱিষ্যত নস্যাৎ
কৰাৰ প্রলোভনেৰে কি খেল খেলিছা তুমি?

আশাবোৰক ধুমুহা সজাই
তাণ্ডৱৰ নাচোন তুলি সকলো নিঃশেষ কৰি
বিজয়ৰ ঢোল বজাই আনন্দত মতলীয়া হৈ
বিৰহৰ ব্যথাক উপহাস কৰি
প্রেমস্পদক ভৰিৰে মোহাৰি পূর্ণ নে তুমি?