সুৰৰ শৰতত  ড°ভূপেন হাজৰিকা  … – কবিতা শৰ্মা

সুৰৰ শৰতত  ড°ভূপেন হাজৰিকা  …

কবিতা শৰ্মা,নতুন দিল্লী

এই কথা সমগ্ৰ অসমবাসীয়ে জানে  যে ২০২৫ – ২৬ ইং বৰ্ষটোত আমি সকলোৱে একেলগে উদ্‌যাপন কৰি আহিছোঁ — আমাৰ সকলোৰে শ্ৰদ্ধা আৰু মৰমৰ শিল্পী সুধাকণ্ঠ — ড° ভূপেন হাজৰিকাৰ জন্ম শতবৰ্ষ …  ইতিমধ্যে চৰকাৰী ভাবে আৰু লগতে ব্যক্তি বিশেষৰ বিশেষ প্ৰচেষ্টাত বিভিন্ন অনুষ্ঠান অনুষ্ঠিত হৈ আছে ৷ তেখেতৰ কিছু কথা , সৃষ্টি ৰাজীক লৈ কিছু আলোচনা আৰু লগতে তেখেতৰ সৃষ্টি ৰাজীয়ে কেনেকৈ অসমীয়াৰ গোটেই সাংস্কৃতিক পথাৰখন উদ্বুদ্ব কৰি থৈ গৈছে , সেই কথাখিনি ফহিয়াই চোৱাটো অত্যন্ত গুৰুত্বপূৰ্ণ ৷ আমাৰ পাছৰ পৰ্যায়ত তেখেতৰ গীতসমূহ শুদ্ধ ভাবে প্ৰসাৰ আৰু প্ৰচাৰ হৈছে নে নাই , সেই কথাখিনিও জানি বুজি লোৱাটো প্ৰতিজন অসমীয়াৰ বাবে যথেষ্ট তাৎপৰ্যপূৰ্ণ ৷

ড° ভূপেন হাজৰিকাৰ গীত সমূহ অসমৰ জাতীয় জীৱনৰ এটা বৈশিষ্ট্য পূৰ্ণ যুগৰ অনবদ্য শিল্প সম্ভাৰ… এজন চিৰ যাযাবৰ শিল্পীৰ জীৱনজোৰা সাধনাৰ নিঃসীম ফলশ্ৰুতি… তেখেতৰ গীতবোৰ কথা আৰু সুৰ  দুয়োফাল পৰাই অনিবৰ্চনীয় ৷ ঠিক যেনেকৈ ফুলৰ পাহিবোৰ সিহঁতৰ ৰং আৰু গোন্ধ নিজেই বিচাৰি আপোনা-আপুনি ফুলি উঠে , ঠিক তেনেকৈ ৷ সাধাৰণতে আধুনিক গীত বুলিলে তেখেতৰ গীত সমূহ  প্ৰথাগত স্থায়ী , অন্তৰা , আভোগ আৰু সঞ্চাৰী— চাৰিটা স্পষ্ট স্তৱকত বিভক্ত আৰু সুৰ প্ৰবাহৰ তৰলিত ৰূপত বিন্যস্ত ৷ বৰ্তমানৰ অসমীয়া আধুনিক গীতৰ ক্ষেত্ৰত  ভূপেন হাজৰিকাৰ গীত সমূহৰ এয়াই প্ৰধান বৈশিষ্ট্য । তেওঁৰ গীতবোৰ কথা আৰু সুৰৰ এক অনবদ্য যুগলবন্দী ৷

ড° ভুূপেন হাজৰিকাৰ গীত সমূহ জনপ্ৰিয়তাৰ শীৰ্ষ ত থকাৰ অন্যতম প্ৰধান কাৰণ হৈছে — তেখেতৰ কণ্ঠ মাধুৰ্য্য , অৰ্থপূৰ্ণ শব্দ , শুদ্ধ উচ্চাৰণ , শ্ৰুতিমধুৰ সুৰ সংযোজন আৰু পৰিবেশন কৰা কলাসুলভ দেহভঙ্গিমা ৷

ড° ভূপেন হাজৰিকাৰ গীত সংকলন — “গীত সমগ্ৰ”ৰ আত্ম কথনত তেখেতে কৈছে — “গোটেই জীৱন নিৰন্তৰ ভাবে লিখি অহা কোনো এটি গীতেই মই সংখ্যা বঢ়োৱাৰ উদ্দেশ্যে বা সময়ৰ ঢৌত খৰ মাৰিবলৈ লিখা নাই ৷ মোৰ গীত সমূহৰ মূল উদ্দেশ্য — “ গীতবোৰ মানুহৰ গীত হওক ৷  বৰ্তমানটো এদিন যেতিয়া অতীত হৈ যাব , তেতিয়াও মোৰ কিছুমান গীত প্ৰাসংগিক হৈ থাকিব আৰু কিছুমান গীত ইতিহাস হৈ যোৱা ইতিহাসৰ ভিত্তিতে মানুহক পৰিৱৰ্তনৰ বাটেৰে আগুৱাই যোৱাত সাহস যোগাব , আস্থা প্ৰদান কৰিব ৷”

ভূপেন হাজৰিকাৰ এই কথা যে ধ্ৰুৱ সত্য , এই কথা আজি আমি প্ৰতিজন অসমীয়াই  তেখেতৰ গীত সমূহৰ মাজেৰে প্ৰতিনিয়ত উপলব্ধি কৰিব পাৰিছোঁ ৷ অতীতৰ পৰা বৰ্তমানলৈকে তেখেতৰ গীতবোৰ চিৰ প্ৰাসংগিক হৈ আছে আৰু হৈ থাকিব ৷

তেখেতৰ বিশাল সংগীত সাধনাৰ আলোচনা কৰিবলৈ লোৱা মানেই  —  তেখেতৰ প্ৰতিটো গীতৰ সুৰ, শব্দ আৰু অন্তৰ্নিহিত ভাবৰ গভীৰতালৈ প্ৰৱেশ কৰা — যি প্ৰায় অসীম কৰ্ম । সেয়া কোনো এক লেখাৰ পৰিসৰত সম্পূৰ্ণ সামৰি লোৱা সম্ভৱ নহয় ৷

সেয়েহে এই শাৰদীয় বতৰৰ আবেগ – অনুভূতিৰ সৈতে সংগতি ৰাখি তেখেতৰ সৃষ্টিৰ বিশাল সাগৰৰ পৰা মুকুতাৰ দৰে বুটলি লোৱা , কেইটিমান হৃদয় স্পৰ্শী গীতৰ মাজেৰে শৰতৰ ৰূপ , সৌন্দৰ্য আৰু অনুভৱৰ মায়াময় পৃথিৱীখনত এপলক ভুমুকি মৰাৰ মোৰ এই সামান্য  প্ৰয়াস…

শৰৎ হেনো ভূপেন হাজৰিকাৰ অতিকৈ প্ৰিয় ঋতু আছিল ৷ শৰতৰ কহুঁৱা, নিয়ৰ সিক্ত শেৱালিৰ সুবাস আৰু কপাহ কোমল শুকুলা ডাঁৱৰৰ মোহত পৰি , তেখেতৰ কাপৰ পৰা সৃষ্টি হৈছিল — কেইবাটাও কালজয়ী গীতৰ…. তেখেতৰ গীতত শৰতৰ বৰ্ণনাই কেবল প্ৰকৃতিক প্ৰতিফলিত কৰা নাই , বৰঞ্চ মানব মনৰ আশা আৰু সমন্বয়ৰ বাৰ্তাও প্ৰেৰণ কৰিছে ৷

শাৰদী ৰাণী তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা  ৰূপহী মোৰ
পুৱতি নিশাৰ সপোন…

এই গীত ভূপেন হাজৰিকাৰ  এক অনুপম আৰু কালজয়ী সৃষ্টি ৷ ১৯৭৮ চনত মুক্তিপ্ৰাপ্ত এই গীতটিত শৰতৰ সৌন্দৰ্য্যক তেখেতে এক ৰূপহী নাৰীৰ ৰূপত কল্পনা কৰি , শাৰদী ৰাণী বুলি সম্বোধন কৰিছে ৷ বৰ্ষাৰ অন্তত অহা বৰষুণৰ এই ৰূপক তেখেতে সদ্যস্নাতা ৰূপহীৰ দৰে কল্পনা কৰিছে ৷ পুৱতি নিশাৰ মিঠা সপোনে যেনেকৈ মন প্ৰফুল্লিত কৰে , শৰতৰ পুৱাৰ কুঁৱলী ভৰা পৰিৱেশেও সকলোৰে অন্তৰত তেনে এক মায়াবী আমেজ সানে ৷

শুভ্ৰনীলা ওৰণি খনি
কুঁৱলী – সূতাৰে বোৱা
পাতল ৰিহা খনি
থৰ লগা বিলখনি
তোমাৰ শুৱনি দাপোণ

পুৱাৰ ভাগৰ পাতল কুঁৱলীবোৰ পাতল ৰিহাৰ দৰে গাত মেৰিয়াই শাৰদী ৰাণীয়ে যেন বিলৰ পানীৰ দাপোনত  নিজৰ ৰূপ চাইছে ৷

কপাহ মেঘৰ অহা – যোৱা
সেউজী ঘাঁহৰ হিমানী
সোণালী ৰ’দ শেৱালিৰে জাক
তুমিয়েই আনিলাঁ কিজানি
শেৱালি কোমল হাঁহিটি মাৰি
কৰাঁহি সাজোন- কাচোন

আকাশত উৰি ফুৰা কপাহ সদৃশ শুকুলা মেঘ , সেউজ ঘাঁহনিত পৰি থকা নিয়ৰ কণাবোৰ আৰু পথাৰৰ বুকুত জিলিকি উঠা সোণালী ৰ’দ জাক , বিলৰ বুকুত ভাহি থকা শৰালি জাকে প্ৰকৃতিৰ এই সৌন্দৰ্যক অনন্য কৰি তোলে ৷ শৰতৰ পুৱা যেতিয়া শেৱালি ফুল ফুলি উঠে এনে লাগে যেন শাৰদী ৰাণীয়ে কোমল হাঁহি মাৰি ধৰিত্ৰীৰ বুকুত সাজোন- কাচোন কৰিছে …

সামগ্ৰিক ভাবে এই  গীতটি কেবল প্ৰকৃতিৰ বৰ্ণনাই নহয় , বৰঞ্চ প্ৰকৃতি আৰু মানুহৰ মাজৰ নিবিড়  সম্পৰ্কৰ এক কাব্যিক প্ৰকাশ । এটা সাৰ্থক সুৰে শাৰদী ৰাণীক সাৰ্থক গীতত পৰিনত কৰিছে ৷ ড° ভূপেন হাজৰিকাই এই গীতটিৰ শব্দ আৰু সুৰৰ যাদুৰে অসমৰ শৰৎ কালটোক চিৰদিনৰ বাবে কালজয়ী কৰি ৰাখিলে ৷

ড° ভূপেন হাজৰিকাৰ দ্বাৰা ৰচিত আৰু সুৰাৰোপিত আন এক অনাঘ্ৰাত মধুৰ আধুনিকতাবাদী ৰোমাণ্টিক বিৰহী গীত… এই গীতটোত প্ৰকৃতিৰ পটভূমিত এজন আধুনিক নগৰীয়া মানুহৰ একাকীত্ব , অতীতৰ সোঁৱৰণী আৰু প্ৰেমৰ এক গভীৰ ব্যকুলতা প্ৰকাশ পাইছে —

এটুকুৰা আলসুৱা মেঘ ভাহি যায়
মোৰো বনহংসই বাট হেৰুৱাই
মই আছোঁ শাৰদীয় খিৰিকী মুখত
বুকুৱে বিচৰা জনলৈ বাট চাই ৷৷

মহাকবি কালিদাসৰ “ মেঘদূত ” কাব্যখনৰ আধুনিক ৰূপ হিচাপে গন্য কৰিব পৰা  এই গীতটি—  প্ৰকৃতি , মহানগৰীৰ যান্ত্ৰিকতা , প্ৰেম আৰু  বিৰহৰ এক অপূৰ্ব সমন্বয় ! প্ৰিয়জনৰ বাবে অপেক্ষা আৰু বিৰহৰ বেদনা গীতটোৰ মূল বিষয় বস্তু ৷

বিজুলীচাকিৰ সৌ তাঁৰবোৰতে
নিয়ৰে ওলমি কিবা কথা পাতে
বিশেষ বিন্দুত অঁকা এখনি মুখে
এমুঠি অনুৰাগ দিছে ছটিয়াই ৷

এই গীতটিত গীতিকাৰে কিছুমান অপূৰ্ব ৰূপকৰ ব্যৱহাৰ কৰিছে ৷ “বন হংস ” শব্দটোৱে প্ৰিয়জনৰ সন্ধানত দিশহাৰা হৈ পৰা প্ৰেমিকৰ চঞ্চল আৰু ব্যাকুল মনটোক দৰ্শাইছে ৷ মনৰ কোনো এক —    “ বিশেষ বিন্দুত ” প্ৰিয়জনৰ মুখখন জিলিকি উঠি যেন এমুঠি অনুৰাগহে ছটিয়াই দিছে ৷

ড° ভূপেন হাজৰিকাৰ গীত চিৰন্তন আনন্দৰ উৎস ৷ নিত্য নতুন আৱিষ্কাৰেৰে ভৰপুৰ তেখেতৰ গীত ৷ শৰৎ বৰ্ণনাত তেখেতে  কেতিয়াবা কালিদাস, শঙ্কৰদেৱ , ৰবীন্দ্ৰ নাথকো টানি আনিছে ভাবেৰে , ভাষাৰে… কালিদাসৰ মহাকাব্যত বিৰহী যক্ষই আকাশত বাৰিষাৰ মেঘ দেখা দিয়াৰ লগে লগে জড় – চেতনৰ কথা পাহৰি মেঘ খণ্ডকে প্ৰিয়তমাৰ ওচৰলৈ বাতৰি নিবলৈ অনুৰোধ জনাইছে , ঠিক তেনেদৰে গীতিকাৰে আকাশত ভাহি যোৱা আলসুৱা মেঘ জাকক প্ৰেমিকালৈ লিখা চিঠিখন লৈ যাবলৈ অনুৰোধ কৰিছে ৷

মই এক যক্ষ মহানগৰীৰ
মিছলীয়া মৰমত কাৰাৰুদ্ধ
সোঁৱৰণী শ্ৰাৱনতে আৱদ্ধ

গীতিকাৰে মহানগৰীৰ কৃত্ৰিম, পঙ্কিল আৰু স্বাৰ্থপৰ মৰম – স্নেহৰ মাজত নিজকে কাৰাৰুদ্ধ যেন অনুভৱ কৰিছে ৷ চহৰৰ মিছা মৰমৰ পৰা আঁতৰি তেওঁৰ মনটো অতীতৰ এক সচা প্ৰেমৰ শ্ৰাৱণ সিক্ত সোঁৱৰণীত আৱদ্ধ হৈ পৰিছে ৷

নিয়ন চাকিয়ে আজি চকু টিপিয়াই
শৰত- সন্ধ্যা মহানগৰী সজাই
মাদকতা সানি আজি লিখিছোঁ চিঠি
চঞ্চল মেঘে যেন তাকে কঢ়িয়াই

এই গীতটোত প্ৰেমৰ গভীৰ বেদনা প্ৰকাশ পাইছে যদিও গীতিকাৰে এই বেদনাক কেবল এক যন্ত্ৰণাৰ সলনি প্ৰকৃতিৰ সুন্দৰ ৰূপৰ সৈতে একাকাৰ কৰি পেলাইছে ৷ গীতটোত প্ৰেমৰ সেই বিষাদময় অনুভৱটোত কস্তুৰীৰ দৰেই এক পবিত্ৰ আৰু সজীব সুবাসেৰে ভৰাই তুলিছে৷ ই কেবল এক প্ৰেমৰ গান নহয় ৷ ই হ’ল, নগৰীয়া আধুনিকতাবাদ আৰু প্ৰাচীন ভাৰতীয় কাব্যিক চেতনাৰ এক অভূতপূৰ্ব সংমিশ্ৰণ। অপূৰ্ব শব্দচয়ন আৰু অলংকাৰৰ প্ৰয়োগে গীতটিক অসমীয়া সাহিত্যৰ এক উৎকৃষ্ট সৃষ্টি হিচাপে প্ৰতিষ্ঠা কৰিছে ৷ অসমীয়া সংগীত জগতৰ আন এক চিৰসেউজ আৰু অনন্য আবেগিক শাৰদীয় গীত —

শৰতৰ শেৱালিৰ নতুন নিয়ৰে
শুভ্ৰ শুভ্ৰ কিবা ছবি আঁকে
শুকুলা ডাঁৱৰৰ পতাকা উৰুৱাই
মুকুতিৰ  গীত গাই শৰালি জাকে

এই গীতটি এক  সুৰীয়া, আশাবাদী আৰু দাৰ্শনিক ভাব সম্পন্ন গীত ৷  গীতটিত প্ৰকৃতিৰ সৰু- সৰু উপাদানক  জীৱনৰ বিশালতা আৰু ইতিবাচক দৃষ্টিৰে সুন্দৰ ভাবে তুলি ধৰা হৈছে ৷ শৰতত ফুলা শেৱালি ফুলৰ ওপৰত পৰা নিয়ৰৰ টোপালবোৰে শুভ্ৰতা আৰু পবিত্ৰতাৰ প্ৰতীক ৷ আকাশত ভাঁহি থকা বগা ডাঁৱৰ বোৰ যেন মুকুতিৰ জাজ্বল্যমান পতাকা ৷ সেই পতাকা উৰুৱাই জাক পাতি উৰি যোৱা  শৰালিবোৰ যেন মুক্তিৰ এক জীৱন্ত প্ৰতিচ্ছবি। নাই কোনো বন্ধন, নাই কোনো সীমাৰেখা — আছে কেৱল বিস্তৃত আকাশ আৰু নিজ গন্তব্যৰ দিশে উৰি যোৱাৰ স্বাধীনতা…

 নিয়ৰ বিন্দু হ’ল জীৱন দাপোন
তাতেই দেখোঁ মই আশাৰ সপোন
ক্ষুদ্ৰতে বিশালক যদি বিচাৰাঁ
দেখিবা বিন্দুতে সিন্ধু থাকে

গীতিকাৰে ইয়াত আধ্যাত্মিক দৰ্শনৰ এক গভীৰ সত্য প্ৰকাশ কৰিছে ৷ পাতৰ আগত জিলিকি থকা ক্ষুদ্ৰ  নিয়ৰৰ টোপালটোক গীতিকাৰে জীৱনৰ দাপোনৰ লগত তুলনা কৰিছে ৷  দৃষ্টিভঙ্গী ইতিবাচক হ’লে এটা সামান্য পানীৰ টোপালৰ মাজতো সমগ্ৰ মহাসাগৰৰ বিশালতা বিচাৰি পাব পাৰি ৷

শৰতৰ আকাশ কিয় বুটলিম
ৰিক্ত ৰিক্ত মন কিয় আদৰিম
বন্ধ বন্ধ সীমা কিমান সহিম
মুগ্ধ – মুগ্ধ মই আকাশ দেখি
স্নিগ্ধ স্নিগ্ধ ফুল মনেৰে লেখি
মুক্ত মুক্ত কহুঁৱাৰ নাচোনে
হহুৱাই নিৰাশাৰ ফাঁকে ফাঁকে

শৰত অহাৰ লগে লগে  সৰি পৰা পাতবোৰক গীতিকাৰে অতীতৰ কোনো  ৰিক্ততাৰ সৈতে তুলনা কৰি কৈছে যে, সেই ৰিক্ততাক মনৰ মাজত সাঁচি ৰাখিব নালাগে ৷ নিজকে সংকীৰ্ণতাৰ ঠেক গণ্ডীৰ মাজত আবদ্ধ নাৰাখি আকাশৰ বিশালতা আৰু প্ৰকৃতিৰ উদাৰতাকহে আকোঁৱালি লব লাগে ৷ শৰতৰ স্নিগ্ধ ফুল আৰু নৈৰ পাৰৰ কহুঁৱা বনৰ মুক্ত নাচোনে মানুহৰ মনৰ সকলো হতাশা আঁতৰাই পেলায় ৷ শৰতৰ এই বিনন্দীয়া ৰূপে জীৱনৰ নিৰাশাৰ মাজতো মুখত আশাৰ হাঁহি বিৰিঙাই তোলে ৷

এই গীত কেৱল  এক ঋতু বন্দনা নহয় ৷ ই হ’ল জীৱন জীওঁৱাৰ এক উৎকৃষ্ট অনুপ্ৰেৰণা দায়ক গীত ৷ ড° ভূপেন হাজৰিকাই এই গীতত সৰল প্ৰাকৃতিক ৰূপক ব্যৱহাৰ কৰি মানুহক অতীতৰ দুখ পাহৰি , মনৰ সকলো সংকীৰ্ণতা ত্যাগ কৰি মুক্ত আকাশৰ দৰে উদাৰ হৈ ক্ষুদ্ৰৰ মাজতো বিশালতাৰ সন্ধান কৰিবলৈ শিকাইছে ৷ ড° ভূপেন হাজৰিকাৰ এক অনন্য প্ৰেম ভাবাত্মক গীত হ’ল —

নতুন নিমাতী নিয়ৰৰে নিশা
জীৱন জিলিকা জোনাকৰে নিশা
আৰু তুমি  নিচেই চিনাকি

গীতটিৰ আৰম্ভণিতে এক শান্ত স্নিগ্ধ আৰু জিলমিল জোনাক নিশাৰ ছবি অঁকা হৈছে ৷ গীতটোত শাৰদীয় নিশাৰ প্ৰকৃতিক পৰিৱেশৰ পটভূমিত মানৱীয় প্ৰেম, কামনা আৰু মিলনৰ এক গভীৰ, সংযত তথা নান্দনিক ৰূপ প্ৰকাশ পাইছে ৷

শৰতৰ এক নিয়ৰসিক্ত নিস্তব্ধ নিশা… জীৱনৰ পোহৰ বিলোৱা জোনাক জিলিকি উঠিছে ৷ বহু দিনৰ অপেক্ষাত, হৃদয়ত কঢ়িয়াই লৈ ফুৰা প্ৰেয়সীৰ উপস্থিতি  কবিয়ে অনুভৱ কৰিছে ৷ নিৰিবিলি পৰিৱেশত  প্ৰেয়সীয়ে যেন নিচেই চিনাকী ৰূপত ধৰা দিছে ৷

মোৰ যৌৱন আজি উচ্ছল
জলমল সৰসীত নাচে পঙ্কজ
কামনাৰ পৰাণো পূৰ্ণ হয় নিশাটি

সৰোবৰ সদৃশ মনৰ সৰসীত পংকজ কামনা নাচি উঠিছে ৷ প্ৰেয়সীক ওচৰত পায়ো তেওঁৰ হৃদয়ত যেন এক ব্যকুলতা ৰৈ গৈছে। যাৰ বাবে এই মিলন অবিহনে নিশাটি অপূৰ্ণ যেন অনুভৱ হৈছে ৷

নাই বৈভৱ, নাই ৰূপ
নাই নাই গুণাৱলী
তথাপি সঁপিলো
মৰম সিক্ত অঞ্জলি ৷

প্ৰেমিকৰ হয়তো কোনো বৈভৱ নাই , তথাকথিত বাজ্যিক ৰূপ বা অতুলনীয় গুণাৱলীও নাই, কিন্ত আছে এক পৱিত্ৰ মন আৰু সেই পবিত্ৰ মন আৰু নিৰ্ভেজাল প্ৰেমেৰে সিক্ত মৰমৰ অঞ্জলি তেওঁ  প্ৰেয়সীৰ চৰণত উচৰ্গা কৰিছে ৷ সচা প্ৰেম বাহ্যিক চমকতাৰ ওপৰত নিৰ্ভৰশীল নহয় ৷

মোৰ বক্ষত মধু উত্তাপ ভৰা
কম্পিতা , স্তম্ভিতা তুমি আজি
জীৱনো পূৰ্ণ হয় নিশাটি

প্ৰেমাস্পদৰ  বক্ষৰ মাজত সোমাই থকা প্ৰেমৰ সেই মধু উত্তাপ অনুভৱ কৰি , প্ৰেয়সী আজি লাজ আৰু আৱেগত কম্পিতা আৰু স্তম্ভিতা….  আত্মিক আৰু শাৰীৰিক মিলনৰ ফলস্বৰূপে অপূৰ্ণ নিশাটো পূৰ্ণ হৈ যেন জীৱনটোৱেই সাৰ্থক হৈ পৰিছে ৷

এই গীতটো কাব্য সংগীতৰ এক শ্ৰেষ্ঠ নিদৰ্শন। ড° ভূপেন হাজৰিকাই অতিশয় শালীনতা আৰু নান্দনিকতাৰে  প্ৰেমৰ আবেগ, আকুলতা আৰু কামনা – বাসনাক প্ৰকৃতিৰ  স্নিগ্ধতাৰ সৈতে বিলীন কৰি দিছে ৷ সৰসী ,পংকজ , কম্পিতা, স্তম্ভিতা আদি তৎসম শব্দৰ প্ৰয়োগে ইয়াক এক গভীৰ সাহিত্যিক মৰ্যাদা প্ৰদান কৰিছে ৷ গীতটোৰ সুৰটো সোলোকাই মাথোন কবিতাৰ লেখীয়াকৈ পঢ়ি তাৰ আস্বাদ বেলেগ ধৰণে লব পাৰি ৷

এই গীতটো তেখেতে পোন প্ৰথমবাৰৰ বাৱে গাইছিল — গুৱাহাটীৰ ৰাজ্যিক পুথিভৰালৰ এক সাংস্কৃতিক অনুষ্ঠানত ৷ তেওঁৰ কণ্ঠত গীতটো শুনি কবি নৱকান্ত বৰুৱাই কৈছিল “মোহময় মন্ত্ৰৰ নিচিনা ৷”

ড° ভূপেন হাজৰিকাৰ গীতসমূহ বিশ্লেষণ কৰিলে সততে কেইটামান দিশ চকুত পৰে — অপৰূপ শব্দ সংযোজনা , যাৰ গীতি মাধুৰ্য্যই সহজতে শ্ৰোতাৰ হৃদয় স্পৰ্শ কৰিব পাৰে ৷ সহজ , সৰল আৰু চিনাকি চিত্ৰকল্প আৰু প্ৰতীক বোৰে গধুৰ বিষয় বস্তুকো সুমধুৰ ৰূপত প্ৰকাশ কৰে ৷ আশাপূৰ্ণ দৃষ্টি ভঙ্গী , সমাজৰ জটিল সমস্যাকো সহজ সমাধানেৰে আগবঢ়াই নিয়াৰ প্ৰয়াস, নিৰাশাক কেতিয়াও স্থান দিব নিবিচৰা এক বাস্তৱ চেষ্টা তেওঁৰ গীতৰাজিৰ অন্যতম দিশ ৷ সমাজৰ সকলো শ্ৰেণীৰ লোক , জাতীয় সমস্যা , প্ৰকৃতি , প্ৰেম আদি নতুন নতুন বিষয় বস্তুক গীতৰ জৰিয়তে জীৱন্ত ৰূপ দি তেওঁ গীতক সৰ্ব স্তৰলৈ লৈ যাব পাৰিছিল ৷

যাৰ বলিষ্ঠ কণ্ঠই আছিল অস্ত্ৰ , গীতত আছিল সুধা তথা জাতিটোৰ প্ৰাণ , তেৱেঁই হ’ল আমাৰ চিৰ নমস্য ড° ভূপেন হাজৰিকা ৷ কালজয়ী শিল্পী জনে অসমীয়া জাতিটোক অনন্ত  কাললৈ জীয়াই ৰাখিবলৈ যি শিকনি আৰু প্ৰেৰণা দি থৈ গ’ল  সেয়া তেওঁৰ গীত মাথোঁ এবাৰ শুনিলেই প্ৰতিজন চেতনাবান অসমীয়াৰ শিৰাই শিৰাই প্ৰবাহিত হয় ৷ বিশ্ব দৰবাৰত মূৰ তুলি থাকিবলৈ জাতিটোৰ বাবে কৰণীয় খিনি গীতৰ মাধ্যমেৰে কৈ থৈ গৈছে ৷ তেখেতে অসমৰ আকাশে – বতাহে এনে ঢৌ তুলি আহিছে যে তেখেতৰ গীতে আলোড়িত নকৰা এখন অসমীয়া হৃদয় বিচাৰি উলিওৱা টো হয়তো অসম্ভৱ ৷

ড° ভূপেন হাজৰিকাৰ দৰে প্ৰতিভা কেবল ভাৰততে নহয় সমগ্ৰ বিশ্বতে বিৰল ৷ তেখেতৰ গীতৰ বৈচিত্ৰ্য — সেয়া তেখেতৰ স্বকীয় সম্পদ ৷ আন কাৰো লগতেই তেখেতৰ তুলনা নহয় ৷ তেখেতৰ মঞ্চানুষ্ঠান দেখা ৰাইজে জানে তেখেতৰ মুখৰ কথাবোৰ একো – একোটা গীত সদৃশ । তেখেতৰ কথাৰ মাজেৰে প্ৰকাশ পাইছিল তেখেতৰ অধ্যয়ন পুষ্ট  আৰু অভিজ্ঞতাৰ বহল পৃথিৱী এখন ৷।

সম্প্ৰতি বহু অসমীয়া গীত সমাজ বিচ্ছিন্ন , বাদ্যযন্ত্ৰ সৰ্বস্ব অসংগীতলৈ ৰূপান্তৰিত হৈছে যেন ৷ সমাজ জীৱনত অহিত সাধন কৰা পৰিৱৰ্তন নিশ্চয় কাৰো কাম্য নহয় ৷ ভোগ সৰ্বস্ব চিন্তাৰ অৱসান ঘটাবলৈ আমাক ড° ভূপেন হাজৰাকাই দি যোৱা শব্দ আৰু সুৰৰ মিলনেৰে মানুহৰ জয়গান গোৱা সুস্থ আৰু সুষমধাৰাটোৰ নিতান্তই প্ৰয়োজন।

অসম বাসীৰ বাবে শৰৎ কালটো ভূপেন হাজৰিকাৰ স্মৃতিৰে সিক্ত ।  ২০১১ চনৰ  ৫ নৱেম্বৰত শৰতৰ এক পৰিপক্ব সময়তে তেখেতে মৃত্যু বৰণ কৰিছিল ৷ প্ৰতি বছৰে নিয়ৰ সৰা আৰু শেৱালি ফুলা  সময়ত ভূপেন দাৰ স্মৃতি স্বত:স্ফূূৰ্ত ভাবে নামি আহে ৷

সংগীতৰ এক বৰ্ণিল যাত্ৰাৰে এই মহান শিল্পী গৰাকীয়ে হাজাৰ জনক মোহিত কৰি থৈ গ’ল ৷ কায়িক ভাবে তেখেত আমাৰ মাজৰ পৰা হেৰাই গ’লেও তেখেতৰ সুধা কণ্ঠেৰে শ্ৰোতাৰ হৃদয়ত চিৰদিন জীয়াই থাকিব ৷

মা দুৰ্গাৰ আশীৰ্বাদেৰে সমাজৰ পৰা সকলো অন্যায় , অবিচাৰ আৰু অন্ধকাৰ দূৰ হওক ৷ শৰতৰ এই স্নিগ্ধ শেৱালি সুবাসে আপোনালোক সকলোৰে জীৱনলৈ কঢ়িয়াই আনক অনাবিল সুখ – শান্তি , সমৃদ্ধি আৰু সুস্বাস্থ্য৷ আহক আমি সকলোৱে মিলি এক সুস্থ , সুন্দৰ আৰু প্ৰদুষণ মুক্ত সমাজ গঢ়াৰ সংকল্প লওঁ ৷

শাৰদীয় দুৰ্গোৎসৱ উপলক্ষে “ৰঙিলী বাৰ্ত্তা”ৰ  সমূহ পাঠক – পাঠিকা , লেখক – লেখিকা তথা অসমবাসীলৈ আন্তৰিক প্ৰীতি আৰু হিয়া ভৰা ওলগ জনালোঁ।