বান
হৰেন কপ্তাক
মেঘৰ গৰ্জন, বিজুলীৰ নাচোন
তীব্ৰ বেগত হিল-দল ভাঙি
এটা জীৱন আহি আছে
দুৰ্বিষহ, বণ্যাৰ্ত, অমানিশা দুৰ্দিন
পীড়িতৰ অলেখ অলংকাৰৰ ৰং চটিয়াবলৈ
এটা জীৱন আহি আছে
ঠিকনা থাকিও ঠিকনাহীন
বাসগৃহ থাকিও যাযাবৰী
জলে উভৈনদী,কিন্তু তৃষ্ণাত আতুৰ
এটা জীৱন আহি আছে
কোনোদিন নেদেখা
নিচেই কাষত বৈ গ’ল
এখন বিশাল সাগৰ,
জীৱন, যৌৱন অনাগত স্বপ্ন
উটি গ’ল আজি বানৰ বুকুত
এটা জীৱন আহি আছে
