মৌনতাৰ কায়া
বনজিত দাস
ৰিহাবাৰী, বজালী
বিষাদৰ শোভাযাত্ৰাত
মৌনতাৰ নিৰ্জন নদী হৈ
বুকুত বৈ যায় এটোপ এটোপ কৈ
ৰক্তকণিকা ।
শব্দই কৰা বিশ্বাসঘাতকতাত
সাক্ষী মাথো নিৰৱতা ।
আকস্মিক বেদনাৰ গোপন ভাষা
সময়ৰ বুকুত আঁকি যায় দাগ ।
হেৰোৱা সপোনৰ ছাঁ বোৰে
গোপনে গুণগুণাই বিষাদৰ ৰাগ ।
অন্তহীন অপেক্ষাৰ ৰক্তধাৰাৰ সোঁতত
স্পন্দন হৈ থিয় হয়
অৱচেতনাৰ প্ৰতিমূৰ্তি গান্ধাৰীৰ কায়া ।
