ৰ’দ হৈ জ্বলিবলৈ দিয়া
বনজিত দাস , ৰিহাবাৰী বজালী
ৰ’দ হৈ জ্বলিবলৈ দিয়া
বৰষুণ হৈ তিয়াবলৈ তোমাৰ চোতাল
শব্দৰে গৰজিম বুকুত
মেঘৰ দৰেই আঁকিম
ছাঁ-পোহৰৰ খেল
উতলাই কলিজা ৰ’দ কাঁচলিত
প্ৰেম নামৰ দলিচা পাৰি
নহওঁ বৰদৈচিলা
ছেদেলি-ভেদেলী নকৰো হিয়া
চকুত যদি থাকে
এচেৰেঙা সপোনৰ জোনাক
বতাহৰ গোপন সুৰ হৈ
নিস্তব্ধতাৰ বুকুত
আলফুলে উমলিম হৃদয়ত
মুখত ৰঙামুৱা বেলিৰ পোহৰ
আশাৰ পানচৈ সাজি উজলাম
এমোকোৰা হাঁহি
দিয়ানা ঢালি বাকী দিয়া
আছে নেকি ক’ৰবাত মতলীয়া
বতাহজাকৰ দৰেই হিয়া জুৰোৱা
উন্মনা পৰশত গজি উঠিব
কেঁচা মাটিৰ উমাল ছাঁত
একাঁজলি সুবাস
ৰ’দ হৈ জ্বলিবলৈ দিয়া
গুপুতে বুকুতে ।
