সময় – মেৰী বৰদলৈ

Pc Magnific

সময়

মেৰী বৰদলৈ
নগাঁও,ফুলগুৰি

হৃদয় কপোঁৱা
কথাবোৰ
নকবিচোন আহি,
বুকুত খুন্দিয়াবলৈ
নাহিবি অ’
অতীত,
স্মৃতিবোৰ থাকিবলৈ
দেচোন
সোণালী হৈ…৷
সেই চিঞৰবোৰ
সামৰিছোঁ
বুকুৰ একোণত,
চকুলোবোৰো মচিছো
বুকুৰ আঁচলত,
পাৰ যদি
লৈ যা
উন্মাদিনী ভৰগাভিনী নদীৰ
খং অভিমান
কোনোবা অচিন
দ্বীপলৈ …!