চিয়াঁহী
ৰফিক উদ্দিন
চিয়াঁহী নৱপ্ৰজন্মৰ প্ৰেৰণা
জগত জিনাৰ সপোন
ক’লা চিয়াঁহীৰে আঁকে
ভণ্ড চয়তানৰ ইতিহাস ;
ফাদিল হ’ব মুখাধাৰী
তহঁতৰ ক্ৰুৰ পৰিহাস।
প্ৰগতিশীল সমাজ হ’ব
থাকিব কেৱল সমতাৰ গান।
চেতনা হীন সমাজৰ উপহাস
ধ্বংস হওক;
জাগি উঠক
এটি নতুন আলোকপথ
অন্ধকাৰ ফালি বৈ আহক
প্ৰগতি আৰু মানৱতাৰ লহৰ।
