প্ৰলয়
ৰূপালী গগৈ চুতীয়া ,ডিব্ৰুগড়
খবৰ কেনে কাক সোধোঁ
সকলোৰে ভাল অ’
সকলোতে পানী ,
পিছে খাবলৈ পানী নাই
থাকিবলৈ আজি ঘৰ নাই
পিন্ধিবলৈ কাপোৰ নাই
সকলোতে মাথো
পানী পানী পানী ।
দুখীয়া কোন ?
চহকী কোন ?
ৰজা কোন ?
প্ৰজা কোন ?
কোনেও নাজানে তেওঁলোক কোন ,
আমি কোন ,
মাথো আমি মানু্হ
কেৱল আমাৰ পৰিচয়
আমি সকলো মানুহ
আমাৰ কোনো জাতি নাই
আমাৰ কোনো ধৰ্ম নাই।
বুৰঞ্জীৰ পাতত নাম জিলিকি ৰব
প্ৰলয় অহা ঠাই নাম
শিৱসাগৰ, চৰাইদেউ,যোৰহাট
লিখি থোৱা থাকিব
২০২৬ চনৰ ১৯ জুলাই ।
কিছুলোকে অসম বুৰঞ্জীৰ
পৃষ্ঠাত ফটো বিচাৰি হাহাকাৰ কৰিব ,
কিছুলোকে পৰিস্থিতিৰ ওপৰত
আলোকপাত কৰি সকলো
সামৰণি মাৰিব
এদিন অতীত হ’ব
এদিন অতীত হ’ব।
