শ্ৰমিক সকল আমাৰ স্বাভিমান
ছেলিমা বেগম,নগাঁও
শত কোটি প্ৰণাম জনাওঁ
শ্ৰমিক সকলক শ্ৰমিক দিৱসৰ দিনা।
সহস্ৰ শ্ৰমিকৰ শ্ৰমৰ বিনিময়ত আমি দুবেলা দুমুঠি খাবলৈ পাইছোঁ।
টকা থাকিলে আমি খাদ্য খাবলৈ নোৱাৰি
শ্ৰমিক সকলে শ্ৰম কৰি
শস্য উৎপাদন কৰি দিলে
আমি খাবলৈ পাইছোঁ।
শ্ৰমিক সকলক শ্ৰমিকৰ
মৰ্য্যদা দিয়া হৈছে আমাৰ কৰ্তব্য।
দেশৰ আগশাৰীত থাকিব লাগিব শ্ৰমিকৰ শ্ৰমৰ মৰ্যাদা।
শ্ৰম পৰিশ্ৰমৰ মূল উদ্দেশ্য হৈছে জীয়াই থকাৰ প্ৰেৰণা।
কথা এষাৰ আছে “শুই থকা শিয়ালে হাঁহ ধৰিব নোৱাৰে “
আমাৰ শ্ৰমিক সকলে শুই থাকিলে আমি খাদ্য খাবলৈ নোৱাৰিম ।
সেয়ে কৈছোঁ শ্ৰমৰ মৰ্যাদা দিয়া হৈছে আমাৰ কৰ্তব্য।
শ্ৰমিক সকলে বুকুত বুকৰ তাৰনাত চটফটাই থাকি
শ্ৰম দান কৰে আৰু আমি ৰজাঘৰীয়া আৰামত বহি খাই আছোঁ।
শ্ৰমিক সকল হৈছে আমাৰ স্বাভিমান
শ্ৰমিক সকলক মৰ্যাদাৰে মূল্য দিয়ক
নিৰ্যাতাৰে নহয়।
