শ্ৰমিক সকলক সন্মান দিওঁ আহক।
অৰ্ণৱ কটকী
জাঁজী যোৰহাট জিলা
শিশু শ্ৰমিক বন্ধ কৰাৰ ক্ষেত্ৰত দায়িত্ব সকলোৰে ।
শ্ৰমিক দিৱস পালনৰ সমান্তৰাল ভাৱে শ্ৰমিক সকলৰ উপযুক্ত সন্মান প্ৰদৰ্শন কৰাটো সকলোৰে নৈতিক দায়িত্ব। শ্ৰমিক, বনুৱা সকলৰ অবিহনে সমাজ জীৱন আধৰুৱা। তেওঁলোকৰ কষ্ট, ত্যাগৰ বিনিময়ত তেওঁলোকে তাৰ প্ৰাপ্য সন্মান, অধিকাৰ লাভ কৰে নে? সেইয়া আজি দিনত গুৰুত্বপূৰ্ণ প্ৰশ্ন।
ৰজা ঘৰ কিম্বা সমাজে উচিত সন্মান জনাই নে ?
প্ৰতি ক্ষেত্ৰতে তেওঁলোক উপেক্ষিত , অনাদৃত,অৱহেলিত। ৰজা ঘৰেও এটা মাথোঁ দিনত সন্মান প্ৰদৰ্শন কৰা দেখুৱাই কিন্তু বছৰৰ বাকী থকা দিনত তেওঁলোকৰ ওপৰত শোষণ, অৱহেলা আদি প্ৰয়োভৰ ঘটে । সন্মান,মৰম , আদৰ প্ৰতিজন মানৱ সম্পদৰেই আশা।
মই ভাবোঁ শ্ৰমিক আমি প্ৰতিজন ব্যক্তিয়েই। সকলোৱেই নিজৰ পেটৰ শ্ৰমিক। ঘৰৰ গৃহিণীৰ পৰা উচ্চ পৰ্য্যায়ৰ বিষয়া লৈকে। শ্ৰমিক, বনুৱা, কৃষক বুলি সমাজত কোনো শ্ৰেণী থাকিব নালাগে। সকলো সমান , আমাৰ সংবিধানেও তাকেই কয়।
তাৰ পাছতো এই ভেদ ভাৱ! উচিত সন্মান, উচিত আদৰ দিওঁ আহক প্ৰতিজন ব্যক্তিক। তেওঁলোকৰ অবিহনে কিন্তু কোনো সমাজ বৰ্তী থাকিব নোৱাৰে। মানুহ হিচাপে মানৱ ধৰ্ম পালন কৰোঁ আহক।
তেওঁলোকে বিশেষ একো নিবিচাৰে ,বিচাৰে মাথোঁ আপোনাৰ পৰা অলপ সন্মান , আদৰ আৰু মৰম।
নিৰ্দিষ্ট এটা দিনত সন্মান প্ৰদৰ্শন কৰাতকৈ বছৰৰ আন আন দিন সমূহতো তেওঁলোকক প্ৰাপ্য সন্মান প্ৰদান কৰোঁ। ৰজা ঘৰেও প্ৰতিজন শ্ৰমিকৰ জীৱনৰ মূল্য, কষ্ট আৰু ত্যাগৰ উচিত সন্মান তথা সামাজিক সন্মান প্ৰদান কৰাত গুৰুত্ব আৰোপ কৰাৰ চেষ্টা কৰক। সেই সন্মান খিনি লাভ কৰিলেই প্ৰতিজন শ্ৰমিক, বনুৱাই শ্ৰমিক দিৱসৰ উপযুক্ত সোৱাদ লাভ কৰিব বুলি মই আশাবাদী।
