আন্তজাৰ্তিক শ্ৰমিক দিৱস: ইতিহাস আৰু তাৎপৰ্য – উৰিশ্মা নাথ

Pc Medium

আন্তজাৰ্তিক শ্ৰমিক দিৱস: ইতিহাস আৰু তাৎপৰ্য

উৰিশ্মা নাথ
গৰুখুটি (দৰং)

বিশ্বৰ বিভিন্ন প্ৰান্তত সংঘটিত হোৱা ঐতিহাসিক শ্ৰমিক আন্দোলন আৰু শ্ৰমিক সকলৰ কষ্ট, ত্যাগৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ১ মে’ ৰ দিনটো আন্তজাৰ্তিক শ্ৰমিক দিৱস হিচাপে উদযাপন কৰা হয় । ১৮৮৯ চনৰ আন্তৰ্জাতিক সমাজবাদী ফেডাৰেচন দলসমূহ আৰু ট্ৰেড ইউনিয়নসমূহে ১ মে’ৰ দিনটো প্ৰথমবাৰৰ বাবে শ্ৰমিকসকলৰ বাবে উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । এই সিদ্ধান্তৰ অন্তৰালত আছিল ১৮৮৬ চনত আমেৰিকাৰ হে-মাৰ্কেটত সংঘটিত এটি দুৰ্ঘটনা। উল্লেখ্য যে, ১৮৮৬ চনৰ ৪ মে’ত আমেৰিকা যুক্তৰাষ্ট্ৰৰ হে-মাৰ্কেটত শ্ৰমিকসকলে নিজৰ দাবীৰে উলিওৱা এক প্ৰতিবাদৰ সময়ছোৱাত আৰক্ষী আৰফু শ্ৰমিকসকলৰ সংঘৰ্ষত প্ৰাণ হেৰুৱাবলগীয়া হৈছিল। তাৰেই শ্ৰদ্ধাঞ্জলিৰূপে প্ৰথমবাৰৰ বাবে মে’ দিৱস অথবা শ্ৰমিক দিৱস পালন কৰা হৈছিল।

সমাজত ধনী-দুখীয়া দুটা শ্ৰেনী থকাটো স্বাভাৱিক। এটাক এৰি আনটোৰ কথা কেতিয়াও ভাবিব নোৱাৰি। গতিকে বৃহৎ উদ্যোগপতি বা ধনাঢ্যসকলৰ ওচৰত সমাজৰ এচাম লোকে কায়িক বা মানসিক পৰিশ্ৰম কৰি জীৱন নিৰ্বাহৰ বাট উলিয়াই লয়। শ্ৰমিকসকলৰ মূল সমস্যা আছিল তেওঁলোকে কিমান সময় কাম কৰিব। পূৰ্বতে শ্ৰমিকসকলে অমানুষিক পৰিশ্ৰম কৰিব লাগিছিল। প্ৰতিদিনে গড়ে প্ৰায় ১০-ৰ পৰা ১২ ঘন্টা আৰু সপ্তাহত ৬ দিন কাম কৰিছিল। বিপৰীতে নগণ্য পাৰিশ্ৰমিক বা মজুৰি পাইছিল, শ্ৰমিকসকলে অতি অমানৱীয় জীৱন যাপন কৰিছিল, ক্ষেত্ৰবিশেষে সেইটো দাসবৃত্তিৰ পৰ্যায়ত পৰিছিল। ১৮৮৪ চনত যুক্তৰাষ্ট্ৰৰ চিকাগো চহৰত এদল শ্ৰমিকে দৈনিক ৮ ঘন্টা কামৰ নিয়ম কৰাৰ দাবীত আন্দোলন আৰম্ভ কৰে আৰু তেওঁলোকৰ এই দাবী কাৰ্যকৰী কৰাৰ বাবে তেওঁলোকে সময় বান্ধি দিয়ে ১৮৮৬ চনৰ ১ মে’। কিন্তু কাৰখানাৰ মালিকসকলে এই দাবী মানি নল’লে। ১৮৮৬ চনৰ ৪ মে’ৰ সন্ধিয়া সামান্য বৰষুণৰ মাজত চিকাগো নগৰৰ হে-মাৰ্কেট নামৰ এক বানিজ্যিক এলেকাত শ্ৰমিকসকল শোভাযাত্ৰা কৰাৰ উদ্দেশ্যে গোট খায়। তেওঁলোকে ১৮৭২ চনত কানাডাত অনুষ্ঠিত এক বিশাল শ্ৰমিক শোভাযাত্ৰাৰ সাফল্যত উদ্বুদ্ধ হৈ এনে কৰিছিল। আগষ্ট স্পীজ নামৰ এজন নেতাই উপস্থিত শ্ৰমিকসকলৰ উদ্দেশ্যে কিছু কথা কৈছিল। হঠাৎ দূৰৈত ৰৈ থকা আৰক্ষী দলৰ ওচৰত এটা বোমা বিস্ফোৰণ ঘটে আৰু এজন পুলিচ নিহত হয়। পুলিচ বাহিনীয়ে তৎক্ষণাত শ্ৰমিকসকলৰ ওপৰত অতৰ্কিতে আক্ৰমণ আৰম্ভ কৰে আৰু ই এক গণ-হত্যাৰ ৰূপ লৈ ১১ জন শ্ৰমিক নিহত হয়। পুলিচক হত্যা কৰাৰ দোষত আগষ্ট স্পীজ সহ ৮ জনক অভিযুক্ত কৰা হয়। এক প্ৰহসনমূলক বিচাৰৰ পিছত ১৮৮৭ চনৰ ১১ নৱেম্বৰ তাৰিখে উন্মুক্ত স্থানত ৬ জনক ফাঁচী দিয়া হয়। বিশ্বৰ প্ৰথমটো শ্ৰমিক সংগঠন- Mechanie’s Union Of Philadelphia-ই শ্ৰমিকসকলৰ বিষয়ে বিশেষভাৱে গুৰুত্ব আৰোপ কৰিছিল। ইয়াৰ পিছত ১৮২৭ চনত ফিলাডেলফিয়াত,১৮৫৬ চনত অষ্ট্ৰলিয়াত শ্ৰমিক আন্দোলনে বিশেষ গা কৰি উঠে। ১৮৬১-৬২ চনত হোৱা আমেৰিকাৰ গৃহযুদ্ধই শ্ৰমিকসকলৰ মাজত বিশেষ প্ৰভাৱ পেলায়। ১৮৯৩ চনৰ ২৬ জুন তাৰিখে ইলিয়নৰ গভৰ্নৰে অভিযুক্ত ৮ জনকেই নিৰপৰাধী বুলি ঘোষণা দিয়ে আৰু হত্যালীলাৰ হুকুম প্ৰদানকাৰী পুলিচ কামাণ্ডাৰ জনক দুৰ্নীতিৰ দোষত অভিযুক্ত কৰে। আৰু আনফালে সেই বোমা বিস্ফোৰণকাৰীৰ পৰিচয় কেতিয়াও প্ৰকাশিত নহ’ল। ভাৰতবৰ্ষত ব্ৰিটিছ শাসনকৰ্তাসকলৰ বিৰুদ্ধে খৰ্গহস্ত হৈ শ্ৰমিক সৈনিকসকলে আন্দোলনৰ সূচনা কৰে। তদুপৰি ভাৰতৰ বিভিন্ন প্ৰান্তত থকা কয়লাখনিত দিনটোৰ ১৮ ঘন্টা সময় তেজক পানী কৰি শ্ৰম কৰিব লাগিছিল। এইবোৰ ঘটনাই শ্ৰমিকসকলৰ মাজত বিপ্লৱৰ বীজ সিঁচিছিল। ভাৰতত প্ৰথম ট্ৰেড ইউনিয়ন গঠন হয় ১৯২০ চনত। লালা লাজপত ৰায়ৰ নেতৃত্বত গঢ় লৈ উঠা সংগঠনটোৰ নাম দিছিল অল হিয়া ট্ৰেড ইউনিয়ন। ১৯২৩ চনত ভাৰতত প্ৰথম মে’ দিৱস পালন কৰা হয়। ভাৰতৰ বিভিন্ন ঠাইত সংঘটিত শ্ৰমিক সংঘবোৰৰ ওপৰত কতৃপক্ষই নানান অত্যাচাৰ চলাইছিল। আনকি ১৯৩৫ চনত ১৩ টা সংগঠন নিষিদ্ধ ঘোষণাও কৰিছিল যদিও শ্ৰমিকসকলক স্তব্ধ কৰিব পৰা নাছিল। অৱশেষত শ্ৰমিকসকলৰ “দৈনিক আঠ ঘন্টা কাম কৰাৰ” দাবীয়ে প্ৰশাসনিক স্বীকৃতি পায় আৰু মে’ দিৱসে প্ৰতিষ্ঠা লাভ কৰে। এনেদৰে প্ৰতি বছৰে ১ মে’ তাৰিখে শ্ৰমিক দিৱস উদযাপন কৰাৰ প্ৰধান উদ্দেশ্য আছিল শ্ৰমিক আৰু শ্ৰমিকসকলৰ সাফল্যক সন্মান জনোৱা আৰু আগবঢ়োৱা অৱদানবোৰ মনত ৰখা।

শেষত, কপালৰ ঘাম মাটিত পেলাই কষ্ট কৰি উপাৰ্জন কৰা বিশ্বৰ প্ৰতিজন শ্ৰমিকক শ্ৰমিক দিৱসৰ আন্তৰিক শুভেচ্ছা জনালোঁ।