শ্ৰমিকৰ কথাৰে – বাহাৰুল ইছলাম

Pc Pexels

শ্ৰমিকৰ কথাৰে

বাহাৰুল ইছলাম

প্ৰখৰ ৰ’দৰ তাপত ভাপ হৈ উৰি যায়
এশ-এবুৰি যন্ত্ৰণা
প্ৰতিপল, প্ৰতিক্ষণ বাগিচাত
য’ত শ্ৰম আছে
ক্লান্তি আছে
আৰু আছে বুকু ভৰা মৰম।
চহৰৰ অলিয়ে-গলিয়ে লাগি আছে
অক্লান্ত শ্ৰম আৰু ঘামৰ টোপাল
নিশা সেইবোৰে মৰমেৰে মাতে
সিহঁতেও নিদ্ৰাসুখত কথা পাতে
গভীৰ প্ৰেম আৰু
ভগা-ছিগা সপোনৰ।
বিশ্বৰ ইতিহাসত প্ৰতিনিতে খোদিত হয়
শ্ৰমৰ পূৰ্ণাংগ দস্তাবেজ
দোকমোকালিৰ পৰা নিশালৈ
দেহৰ ৰন্ধ্ৰে ৰন্ধ্ৰে নিগৰিত ঘাম
অহৰহ কৰ্মই প্ৰসৱ কৰে
শত-সহস্ৰ নৱ সামগ্ৰী
যাৰ প্ৰতিটো পৃষ্ঠাত অংকিত থাকে
সিহঁতৰ হস্তাক্ষৰ।
এচোতাল নাচ আৰু গানে অপেক্ষা কৰে
হয়তো সিহঁতৰ বাবে
যৌৱন বাগৰা হাঁহি, সুৰীয়া বীণ বাঁহী
দূৰ্গম বননি,সু-উচ্চ পৰ্বত কিম্বা
সুৰঙ্গ পথৰ সেই চানেকিবোৰ
আজি সজীৱ হৈ উঠিছে ।
অট্টালিকা সমূহে মিচিক-মাচাকৈ হাঁহিছে
সুঠাম দেহৰ পথবোৰে সৌন্দৰ্য ছটিয়াই
দিনে-নিশাই বাগৰ সলাইছে
হয়তো পাহৰি গৈছে
কুৎচিত দেহৰ  সেই দৰিদ্ৰ প্ৰেমিকক।