আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি, নিষ্ঠাবান সাংবাদিকজনলৈ – অঞ্জু শাণ্ডিল্য

আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি, নিষ্ঠাবান সাংবাদিকজনলৈ

অঞ্জু শাণ্ডিল্য

২০১৪চনৰ আগষ্ট মাহত মানুহ জনৰ সৈতে প্ৰথম ফোনযোগে বাৰ্তালাপ ঘটিছিল ।সেইটো ফোনকলেই যে আমাক অসমৰ জনপ্ৰিয় দৈনিক কাকতখনৰ নিয়মীয়া লেখিকা কৰি তুলিব ভবা নাছিলো ।’দৈনিক জনমভূমিৰ আগষ্ট মাহত ‘সাগৰ দেখিছা’ৰ কবি দেৱকান্ত বৰুৱাদেৱৰ বিষয়ে আমাৰ এটা লেখা প্ৰকাশ হৈছিল, ২০১৪চনত।লেখাটো পঢ়ি চিনাকী, অচিনাকি বহুতে ফোন কৰিছিল ।আগবেলাতে এটা অচিনাকি ফোন নম্বৰত এজনে ফোন কৰি কৈছিল, “আপোনাৰ লেখাটো পঢ়ি ভাল পালো ।’অসমীয়া প্ৰতিদিনৰ পৰা নিত্য বৰাই কৈছিলো ।” আমি উলাহেৰে কৈছিলো , “মোৰ লেখাটো কি হৈছে নাজানো; কিন্তু আপুনি মোলৈ ফোন কৰিছে, সেইটো এই মূহূৰ্তত মোৰ বাবে আটাইতকৈ ভাল লগা কথা! ” তেখেতে আকৌ কৈছিল, “সঁচাকৈ লেখাটো ভাল হৈছে ।আপোনাৰ আন আন কাকতত প্ৰকাশ হোৱা লেখা পঢ়িছো।আমাৰ প্ৰতিদিনতো লিখিবচোন।” উত্তৰত কৈছিলো, “মোক তুমি বুলি ক’ব।প্ৰতিদিনলৈ লেখা পঠিয়াই দিম।প্ৰকাশ হোৱা নোহোৱাৰ কথা নাই ।আপুনি যে মোক লিখিবলৈ কৈছে, সেইটোৱেই মোৰ বাবে ডাঙৰ কথা ।”

দুদিন মান পাছত ‘অসমীয়া প্ৰতিদিনলৈ লেখা প্ৰেৰণ কৰিছিলো ।যিদিনা লেখাটো প্ৰকাশ হৈছিল, সেইদিনা আমাৰ আনন্দৰ সীমা নাছিল ।অসমৰ আটাইতকৈ জনপ্ৰিয় আৰু সৰ্বাধিক প্ৰচাৰিত দৈনিক কাকতখনত আমাৰ লেখা প্ৰকাশ হৈছে! তাৰ পিছৰ পৰা মাজে মাজে এনেকৈ লিখি আছো ।তেখেতে ফোন কৰি আমাৰ লেখাৰ ভুল শুধৰাই দিয়া, আন আন প্ৰসঙ্গত লেখা পঠিওৱা, নিদিৰ্ষ্ট দিনত কিবা লিখিবলৈ কৈছিল ।কথা প্ৰসঙ্গত এদিন কৈছিল, “তুমি যে দেৱকান্ত বৰুৱাদেৱৰ জন্মশতবৰ্ষ নপতাৰ বাবে আক্ষেপ কৰিছিলা,কথাটোৱে মোক বৰ চিন্তাত পেলাইছে ।ভাবিছো,পৰাপক্ষত আমাৰ কথা শিল্পী সকলৰ জন্মশতবৰ্ষ পাতিম।ইতিমধ্যে তেখেতে ৰূপকোঁৱৰৰ জন্মশতবৰ্ষ, হেমাঙ্গ বিশ্বাসৰ জন্মশতবৰ্ষ অনুষ্ঠান উদযাপনৰ ক্ষেত্ৰত আগ ভাগ লৈ অনুষ্ঠিত কৰিছিল ।তাৰ পাছত অমলেণ্ডু গুহ,গোলাপ বৰবৰাদেৱৰো জন্মশতবৰ্ষ অনুষ্ঠান পাতিছিল।এই জন মানুহক এদিনো ওচৰৰ পৰা নেদেখিলো।আৰু কোনো দিনে নেদেখিম।২২এপ্ৰিলত কোনো দিনে উভতি নহাৰ বাটেৰে অচিন দেশলৈ গতি কৰিলে।কিন্তু আমাৰ থৈ গল অমল প্ৰেৰণাৰ উৎস।আজি আদ্য শ্ৰাদ্ধৰ শ্ৰদ্ধাঞ্জলি জনাই ভগবানৰ ওচৰত প্ৰাৰ্থনা জনাইছো তেখেত য’তেই আছে শান্তিত থাকক ।