শেখৰজ্যোতিৰ জামিন আবেদনৰ ৰায় সংৰক্ষণ ফাষ্টট্রেক আদালতৰ

শেখৰজ্যোতিৰ জামিন আবেদনৰ ৰায় সংৰক্ষণ ফাষ্টট্রেক আদালতৰ

ৰঙিলী বাৰ্ত্তাসেৱা- সোমবাৰে শিল্পী জুবিন গাৰ্গ হত্য়াৰ গোচৰত অন্যতম মূল অভিযুক্ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি  ফাষ্টট্ৰেক আদালতে গ্ৰহণ কৰে ৷ শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ পিছতেই ফাষ্টট্রেক আদালতৰ ন্যায়াধীশ শর্মিলা ভূঞাৰ আদালতে শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায়দান সংৰক্ষিত কৰি ৰাখে। উল্লেখ্য যে অসমীয়াৰ হিয়াৰ আমঠু, প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত হৈছে শিল্পীগৰাকীৰে বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামী। যোৱা ১৩ মে’ত ফাষ্টট্রেক আদালতত শেখৰজ্যোতি গোস্বামীৰ অধিবক্তাই জামিনৰ বাবে আবেদন জনাইছিল। শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানিৰ সময়ত অভিযুক্তৰ অধিবক্তাই জামিনৰ সপক্ষে আৰু ইয়াৰ বিপৰীতে চৰকাৰী অধিবক্তা জিয়াউল কামাৰকে ধৰি পাঁচজনীয়া অধিবক্তাৰ দলটোৱে শেখৰজ্যোতি গোস্বামীৰ জামিন লাভৰ বিপক্ষে যুক্তি প্রদর্শন কৰে। দুয়োটা পক্ষৰ যুক্তি শুনাৰ পিছত ন্যায়াধীশ শর্মিলা ভূঞাই শেখৰজ্যোতিৰ জামিন আবেদনৰ ৰায় অহা ২৮ মে’লৈ সংৰক্ষিত ৰাখে। শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি সন্দৰ্ভত চৰকাৰী অধিবক্তা প্রদীপ্ত তালুকদাৰে সংবাদ মাধ্যমৰ আগত জনায়- শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ শুনানি আজি সম্পন্ন হ’ল। চৰকাৰী অধিবক্তাৰ তৰফৰ পৰা যিখিনি ক’বলগীয়া আছিল আমি ক’লোঁ। যিহেতু ২৬ তাৰিখে জুবিন গাৰ্গ হত্যা গোচৰত শ্যামকানু মহন্তকে ধৰি ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ ৰায় দিব, সেয়ে ২৮ মে’ত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ ৰায় দিয়া হ’ব। স্মৰ্তব্য যে জুবিন গাৰ্গ হত্যাৰ গোচৰত শ্যামকানু মহন্ত, সিদ্ধার্থ শৰ্মাৰ পিছত শেখৰজ্যোতি গোস্বামীৰ হৈ অধিবক্তাই ফাষ্টট্রেক আদালতত জামিন আবেদন দাখিল কৰিছিল। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰহস্যজনক হত্যাকাণ্ডৰ অন্যতম অভিযুক্ত আছিল জুবিন গাৰ্গৰ বাদ্যযন্ত্ৰী শেখৰজ্যোতি গোস্বামী ৷ জুবিন গাৰ্গৰ মৃত্যুৰ পাছত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰা শেখৰজ্যোতি গোস্বামী বিগত বৰ্ষৰ ১৭ অক্টোবৰৰ পৰা হাফলং উপ-কাৰাগাৰত বন্দী হৈ আছে ৷ শেখৰজ্যোতি গোস্বামীৰ লগতে একেখন কাৰাগাৰত বন্দী হৈ আছে অন্যতম অভিযুক্ত অমৃতপ্রভা মহন্তও ৷ জুবিন গাৰ্গ হত্য়াৰ গোচৰত শেখৰ আৰু অমৃতপ্রভাৰ লগতে অভিযুক্ত শ্যামকানু মহন্ত, সিদ্ধাৰ্থ শৰ্মা, সন্দীপন গাৰ্গ, পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাৰ বিৰুদ্ধেও ফাষ্টট্ৰেক আদালতত শুনানি চলি আছে ৷ ফাষ্টট্ৰেক আদালতে ২৬ মে’ ৭ অভিযুক্তৰ চাৰ্জফ্ৰেমৰ ৰায় দিব ৷ ইতিমধ্যে শর্মিলা ভূঞাৰ আদালতে শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ জামিন আবেদন নাকচ কৰিছে ৷ ইয়াৰ বিপৰীতে ফাষ্টট্রেক আদালতৰ সিদ্ধান্তক প্রত্যাহ্বান জনাই শ্যামকানু মহন্তই জামিন বিচাৰি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। অহা ২২ মে’ত শ্যামকানু মহন্তৰ জামিন আবেদনৰ শুনানি গুৱাহাটী উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ মিতালী তালুকদাৰৰ বিচাৰপীঠত সম্পন্ন হ’ব। এনে পৰিপ্ৰেক্ষিতত শেখৰজ্যোতি গোস্বামীৰ জামিন আবেদনৰ সন্দৰ্ভত আদালতে কি ৰায় প্ৰদান কৰে, তাক লৈ উৎসুক হৈ আছে জুবিনৰ পৰিয়াল, অনুৰাগীৰ লগতে অসমবাসী ।