নিয়ৰসিক্ত টোপাল – শেৱালী শৰ্মা ৰংমৌ 

Pc StockCake

নিয়ৰসিক্ত টোপাল

 শেৱালী শৰ্মা ৰংমৌ
দুলীয়াজান ভাদৈ পাঁচআলি

হিম পৰা চেঁচা মৃদু মলয়াই
পুৱতি নিশাতেই নিদ্ৰা ভাঙিলে।
লাহে লাহে ভাঁহি অহা
প্ৰভাতি সূৰুযৰ কিৰণত
দুবৰি বনৰ বুকুত
নিয়ৰসিক্ত টোপালৰ জিলিকনি !
পদূলি মুখত এয়াই শৰতৰ আগমনি
শাৰদীয় দুৰ্গোৎসৱৰ জাননী।
নদীৰ পাৰত হালি জালি
শুভ্ৰ কহুঁৱাৰ হাঁহিটি
ৰ’দৰ কিৰণ লাগি কঁহুৱাৰ মিচিকি হাঁহি ।
হাউলি বাউলি কঁহুৱাৰ সুবাসতে উন্মাদিনী
চৌদিশে সেউজ পথাৰৰ সেউজ হাঁহি দেখি
প্ৰাণ পাই সপোনৰ ডেউকাই
স্তব্ধ নিশাৰ জোনটি দেখিলেই
হৃদয়ত বাজে প্ৰেমৰ সুৰ!
পুৱাতেই চোতাল ভৰিছে
তল সৰা সুগন্ধি ফুলৰ দলিছাই ।
আলফুলে গাঁথিলো শাৰদীয় ফুলৰ মালা
মন দাপোণত সাচিলো শাৰদীয় স্মৃতি।