ভাড়ালৈ….. – নিৰঞ্জন ঠেঙাল

Pc Unsplash

ভাড়ালৈ…..!

নিৰঞ্জন ঠেঙাল 
গোলাঘাট, টেঙানী

মই মানুহ নামৰ শৰীৰটো
আবেগ, অনুভূতিৰ বিনিময়ত
ভাড়ালৈ লৈছিলো!
বিনয়ীৰ সুগন্ধই
প্ৰেমৰ লগতে বিশ্বাসকো আহ্বান জনালে—
দিন বাগৰাৰ লগে লগে
দিবলৈ থাকি যোৱা ধাৰবোৰ হেনো পৰিশোধ
কৰালৈ এপৰ হ’ব,
দুচকু বিল হোৱা নিশাবোৰত হিচাপ কৰিলোঁ!
হয়তো!
জঞ্জালৰ ভুৰোকাত কোনে কাক উদ্ভাৱন কৰে?
মইতো ভাড়াতীয়াহে,
বিশ্বাসেৰে প্ৰেম জিনিব খোজা
ঐচৰ্য্যশালী ভাড়াতীয়া।
হাঁহি উঠে,
এইবোৰ সকলো বলীয়া,পগলা!
সকলোবোৰ উষ্ণতাত গলি যোৱা বৰফৰ দৰে
আকাৰহীন, অস্তিত্বহীন।
মোৰো একেই,
সম্পৰ্কৰ আস্থা বুকুত মেৰিয়াওতে মেৰিয়াওতে
শেষৰ পাকলৈ কমেগৈ,
সেনেকৈয়ে
আবেগ আৰু অনুভূতিয়েও মোক এৰেগৈ!
এতিয়া মই গৃহহীন,
নে অঘৰী?
নে ভাড়াতীয়া?