ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত সদৌ অসম কবি সন্মিলনৰ “চোতাল” কাব্যানুষ্ঠান সম্পন্ন

মৃগাংক বৰুৱা,গোলাঘাট,ৰঙিলী বাৰ্ত্তাসেৱা- গোলাঘাট জিলাৰ সৰুপথাৰ চহৰৰ ১ নং পদুমণিত সদৌ অসম কবি সন্মিললৰ একক অনন্য কাব্যানুষ্ঠান “চোতাল” বৰ্ণিল কাৰ্যসূচীৰে সম্পন্ন হৈ যায় । ধনশিৰি মহকুমা কবি সন্মিলনৰ উদ্যোগত, সদৌ অসম কবি সন্মিলনৰ প্ৰকাশন উপ-সমিতিৰ সভাপতি ডক্টৰ প্ৰণৱ ঢেকিয়াল ফুকনৰ আতিথ্যত আৰু তেখেতৰ বাসগৃহৰ চোতালত অনুষ্ঠিত কেন্দ্ৰীয় অনুষ্ঠানটিৰ বন্তি প্ৰজলন কৰে ধনশিৰি মহকুমা কবি সন্মিলনৰ সভাপতি দণ্ডেশ্বৰ বৰাই। অনুষ্ঠানটিত সভাপতিত্ব কৰে সদৌ অসম কবি সন্মিলনৰ সভাপতি ৰাজুমণি বেজবৰুৱাদেৱে আৰু কবিতা পাঠ অনুষ্ঠান সঞ্চালনি কৰে সদৌ অসম কবি সন্মিলনৰ উপদেষ্টা ড° মাণিক শইকীয়াদেৱে। অনুষ্ঠানত অতিথি হিচাপে উপস্থিত থাকি বক্তব্য ৰখাৰ লগতে কবিতা পাঠ কৰে সদৌ অসম কবি সন্মিলনৰ কোষাধ্যক্ষ দিলীপ কুমাৰ শৰ্মা, কেন্দ্ৰীয় সম্পাদক দীপ হেষ্টিংছ বৰি, গোলাঘাট জিলা কবি সন্মিলনৰ সভাপতি অমৰ শৰ্মা আৰু সম্পাদক পৰাগ বৰুৱাই। অনুষ্ঠানত অতিথি কবি আসনৰ পৰা কবিতা পাঠ কৰে কেন্দ্ৰীয় কাৰ্যালয় সম্পাদক জিন্তু ফুকন, কেন্দ্ৰীয় কাৰ্যনিৰ্বাহক দিপাংকৰজ্যোতি বৰা, জিলা সহকাৰী সম্পাদক নৱ কুমাৰ বৰ্মন, কাৰ্বিআংলঙ জিলাৰ শিলনীজান শাখা কবি সন্মিলনৰ সম্পাদক পৰিমিতা গোস্বামী, বোকাজান শাখা কবি সন্মিলনৰ সম্পাদক ৰূপালী বৰঠাকুৰ, মৰঙি শাখা কবি সন্মিলনৰ সভাপতি চাৰুমাই ৱৰা, দৈয়াং শাখা কবি সন্মিলনৰ অৰুন্ধতী গোহাই আদি ৷ নিৰ্বাচিত কবি হিচাপে কবিতা পাঠ কৰে স্থানীয় বহুতো সু-কবি তথা ধনশিৰি মহকুমা কবি সন্মিলনৰ বিষয়ববীয়াসকলে ৷ কবি ধৰ্মেশ্বৰ দুৱৰা, প্ৰশান্ত চাহু, মহেশ্বৰ বসুমতাৰী, ৰোহিত ৰাভা, নিৰু দত্ত, দীপালী শৰ্মা, জ্যোৎস্না হিলৈদাৰী, তৰা বৰুৱা, কৰুণা শইকীয়া, নিজৰা কোঁৱৰ, শেৱালি গগৈ আদিয়ে । প্ৰায় শতাধিক কবিৰ কবিতা পাঠেৰে জীপাল কাব্যানুষ্ঠানটিৰ বৰ্ণাঢ্য কাৰ্যসূচীৰ অন্যতম আছিল বিশেষ সম্বৰ্ধনা, গ্ৰন্থ উন্মোচন আৰু সমবেত গীত পৰিবেশন। অনুষ্ঠানৰ প্ৰাৰম্ভিকতে গৃহস্থ কবি ড° প্ৰণৱ ঢেকিয়াল ফুকনক অনুষ্ঠানৰ আতিথ্যৰ বাবে সদৌ অসম কবি সন্মিলনৰ তৰফৰ পৰা বিশেষ সম্বৰ্ধনা জনোৱা হয় । লগতে তেখেতৰ কন্যা নিয়ৰকণা ঢেকিয়ালফুকনে যোৱা উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাত অসমৰ ভিতৰতে শীৰ্ষ দ্ৱিতীয় স্থান দখল কৰাত কেন্দ্ৰীয়, জিলা তথা ভিন্ন শাখা কবি সন্মিলন আৰু বিশিষ্ট ব্যক্তিৰ দ্বাৰা বিপুল সম্বৰ্ধনা জনোৱা হয় ।
অনুষ্ঠান অন্যতম আকৰ্ষণ কাৰ্যসূচী আছিল গ্ৰন্থ উন্মোচন ৷ ধনশিৰি মহকুমা কবি সন্মিলনৰ মুপপত্ৰ #শতভিষা উন্মোচন কৰে কেন্দ্ৰীয় সভাপতি ৰাজুমণি বেজবৰুৱাই। কবি নিৰু দত্তৰ শিশু কবিতা সংকলন #ওমলা_পদ্য উন্মোচন কৰে আউনীআটী বিশ্ববিদ্যালয়ৰ অসমীয়া বিভাগৰ মুৰব্বী তথা কবি সন্মিলনৰ উপদেষ্টা ড° মাণিক শইকীয়াই।
