১৩২ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীক অভিনন্দন জ্ঞাপন আছুৰ
ৰঙিলী বাৰ্ত্তাসেৱা- মেধাবী ছাত্র-ছাত্রীসকল আশাৰ ভাষা আৰু ভাষাটোৰো আশা হওক। এই মন্তব্য সদৌ অসম ছাত্র সন্থা চমুকৈ আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যৰ। সদৌ অসম ছাত্ৰ সন্থাৰ উদ্যোগত মহানগৰীৰ মাছখোৱাৰ প্ৰাগজ্যোতি আইটিএ প্রকল্পত আয়োজিত অভিনন্দন অনুষ্ঠানত ছাত্র- ছাত্ৰীসকলক উদ্দেশ্যি এনেদৰে মন্তব্য আগবঢ়ায় আছুৰ মুখ্য উপদেষ্টা ড° সমুজ্জ্বল ভট্টাচার্যই। সদৌ অসম ছাত্ৰ সন্থাই প্রতি বছৰে হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক শিক্ষান্ত পৰীক্ষাত বিশেষ কৃতকার্যতাবে উত্তীর্ণ হোৱা শিক্ষার্থীসকলক অভিনন্দন জনাবলৈ কৰি অহা বিশেষ অভিনন্দন অনুষ্ঠানৰ অংশ হিচাপে এইবেলি হাইস্কুল শিক্ষান্ত পৰীক্ষা আৰু উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষাত সুখ্যাতিৰে উত্তীৰ্ণ হোৱা ৰাজ্যৰ ১৩২ গৰাকী কীৰ্তিমান ছাত্ৰ-ছাত্ৰীৰ লগতে কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাত সফলতাৰে উত্তীৰ্ণ হোৱা চাৰিগৰাকী ছাত্র-ছাত্রীক আছুই বিশেষ অভিনন্দন জ্ঞাপন কৰাৰ লগতে কীৰ্তিমান ছাত্র-ছাত্রীসকলে অধ্যয়ন কৰা ৭৩খন শিক্ষানুষ্ঠানৰ মুৰব্বীসকলকো অনুষ্ঠানটোত সম্বর্ধনা জনোৱা হয়। অনুষ্ঠানটোত ছাত্র-ছাত্রীসকলক অধ্যয়নৰ প্ৰতি আগ্রহী হ’বলৈ আহ্বান জনাই মুখ্য উপদেষ্টা ড° ভট্টাচার্যই কয় যে বহু মেধাৱী ছাত্ৰ-ছাত্ৰী ঘৰুৱা আৰ্থিক দুৰৱস্থাৰ বাবে পঢ়া-শুনাত অসুবিধাৰ সন্মুখীন হৈ আহিছে। এনে বহু ছাত্ৰ-ছাত্ৰীৰ কাষত আছুই পূৰ্বৰে পৰা সহাৱস্থান কৰি থকাৰ লগতে ভৱিষ্যতেও সহায়-সহযোগিতা আগবঢ়াব। ঘৰুৱা আর্থিক অসুবিধাৰ বাবে কোনো ছাত্র-ছাত্রীয়ে পঢ়া-শুনা ত্যাগ কৰিব নালাগে। এনে ছাত্র-ছাত্রীসকলক আছুৱে সদায়ে সহায় আগবঢ়াব। অধ্যয়নৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক নিজৰ জাতিটোৰ প্ৰতিও শ্রদ্ধাশীল হ’বলৈ ড° ভট্টাচার্যই আহ্বান জনায়। অনুষ্ঠানটোত অংশ লৈ আছুৰ সভাপতি উৎপল শর্মাই কয় যে ছাত্র-ছাত্ৰীসকলৰ ব্যক্তিগত সফলতাক এখন সমাজেও যে উদযাপন কৰি আহিছে, সেয়া উপলব্ধি কৰাবলৈ এই অনুষ্ঠান আছুৱে বছৰ বছৰ ধৰি অনুষ্ঠিত কৰি আহিছে। সমাজখনৰ প্ৰতি ছাত্ৰ-ছাত্ৰীসকলৰ কৰণীয় বহু কাম আছে। ছাত্ৰাৱস্থাৰ পৰাই এই কামবোৰ তেওঁলোকে কৰি যাব লাগিব। সমাজসেৱাৰ চিন্তাৰ বীজ যাতে বিদ্যালয়ৰ দিনৰ পৰাই ছাত্ৰ-ছাত্ৰীৰ মনত ৰোপণ হয়, তাৰ বাবে সকলোৱে চেষ্টা কৰিব লাগিব। অকল সফলতা উদ্যাপনেই নহয়, কীৰ্তিমান ছাত্ৰ-ছাত্ৰীসকলৰ সফলতাৰ পৰা নতুন প্ৰজন্মৰ শিক্ষাৰ্থীসকলেও অনুপ্রাণিত হয়। অনুষ্ঠানটোত সভাপতি উৎপল শর্মাই নতুন শিক্ষানীতি অনুসৰি নম্বৰ ব্যৱস্থা বিলুপ্ত কৰি নতুনকৈ গ্রেডিং ব্যৱস্থা কৰিবলৈ ওলোৱা কাৰ্যৰ বিৰোধিতা কৰে। পুৰণি ব্যৱস্থাকে বাহাল ৰাখিবলৈ চৰকাৰক আহ্বান জনাই তেওঁ কয় যে নতুন শিক্ষানীতি প্রযোজ্য কৰিবলৈ অসমত ইমান খৰখেদা কি কাৰণত সৃষ্টি হৈছে। অসমীয়া শিক্ষিত নিবনুৱাই কেৱল তৃতীয় আৰু চতুৰ্থ বৰ্গৰ চৰকাৰী চাকৰি লাভ কৰিয়েই ক্ষান্ত থাকিলে নহ’ব। সৰ্বভাৰতীয় পৰ্যায়তো অসমীয়া ছাত্ৰই নিজৰ মেধা প্রতিপন্ন কৰিব লাগিব। এইক্ষেত্রত আছুৱে শেহতীয়াকৈ গ্ৰহণ কৰা ‘প্রত্যাশা’ শীর্ষক প্ৰকল্পৰ কথাও ভাষণত উল্লেখ কৰি সভাপতি শৰ্মাই কয় যে এই পদক্ষেপৰ জৰিয়তে আছুৱে অতদিনে তাকৰ হৈ থকা অসমীয়া প্ৰশাসনিক বিষয়াৰ সংখ্যা বৃদ্ধিৰ বাবে প্রচেষ্টা কৰিছে। অনুষ্ঠানটোত বিশিষ্ট অতিথি হিচাপে অংশ লৈ নগাঁও বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° হিতেশ ডেকাই ছাত্র-ছাত্রীসকলক সময় অপচয় নকৰাকৈ লক্ষ্য প্রাপ্তিৰ বাবে অধ্যয়নত জড়িত হ’বলৈ আহ্বান জনায়। তেওঁ কয় যে পূৰ্বৰ তুলনাত এতিয়া চৌদিশে বহু সম্ভাৱনাময় কেৰিয়াৰৰ সৃষ্টি হৈছে। ছাত্র-ছাত্রীসকলে এই কেৰিয়াৰসমূহক লক্ষ্য কৰি নিজৰ অধ্যয়ন আগুৱাই নিব লাগিব। ৰাজ্য চৰকাৰৰ গৃহ আৰু ৰাজনৈতিক বিভাগৰ আয়ুক্ত সচিব দিগন্ত বৰাই ছাত্ৰ-ছাত্ৰীসকলক নিজৰ লক্ষ্য প্ৰাপ্তিৰ বাবে সকলো ত্যাগ কৰি হ’লেও আগুৱাই যাবলৈ আহ্বান জনায়। লক্ষ্য প্রাপ্তিৰ ক্ষেত্ৰত কেতিয়াও দুৰৱস্থা বাধাৰ প্ৰাচীৰ নহয় বুলি উল্লেখ কৰি তেওঁ কয় যে কষ্ট আৰু অধ্যৱসায়ৰ জৰিয়তে যিকোনো পৰিস্থিতিত হ’লেও লক্ষ্যত উপনীত হ’ব পাৰি। ছাত্ৰ-ছাত্ৰীসকলক অধ্যয়নৰ ক্ষেত্ৰত সুপৰিকল্পিতভাৱে আগবাঢ়ি যোৱাৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ পৰামৰ্শ তেওঁ আগবঢ়ায়। উল্লেখ্য যে আজিৰ অভিনন্দন অনুষ্ঠানটোত কেন্দ্ৰীয় লোকসেৱা আয়োগৰ পৰীক্ষাত অসমৰ নাম উজলাই তোলা অভিজ্ঞান খাউণ্ড, লীজা গার্গ, অভিজ্ঞান জ্যোতি বৰা আৰু ভাস্বত শইকীয়াক আছুৰ তৰফৰ পৰা অভিনন্দন জ্ঞাপন কৰা হয়। অৱশ্যে অনুষ্ঠানটোত ছাত্র-ছাত্রীকেইগৰাকী বিশেষ কাৰণত উপস্থিত থাকিব নোৱৰাৰ পৰিপ্ৰেক্ষিতত তেওঁলোকৰ হৈ পৰিয়ালক সম্বর্ধনা জনোৱা হয়। আনহাতে হাইস্কুল শিক্ষান্ত পৰীক্ষাত এইবাৰ ৫৭৯ বা ততোধিক নম্বৰপ্ৰাপ্ত ৩৪ গৰাকী ছাত্ৰ-ছাত্ৰীক অভিনন্দন জনোৱাৰ লগতে উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ কলা শাখাত ৪৭৪ বা ততোধিক নম্বৰপ্ৰাপ্ত ৫১ গৰাকী, উচ্চতৰ মাধ্যমিক বিজ্ঞান শাখাত ৪৭৬ বা ততোধিক নম্বৰপ্ৰাপ্ত ২৫গৰাকী আৰু উচ্চতৰ মাধ্যমিক বাণিজ্য শাখাত ৪৬৭ বা ততোধিক নম্বৰপ্ৰাপ্ত ২২গৰাকী কীৰ্তিমানক আছুৰ তৰফৰ পৰা অভিনন্দন জনোৱা হয়। আনহাতে অসম সাহিত্য সভাৰ সভাপতি বসন্ত কুমাৰ গোস্বামীয়ে কৰা মন্তব্যৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি ড° সমুজ্বল কুমাৰ ভট্টাচাৰ্য আৰু উৎপল শৰ্মাই কয়, ” অসম সাহিত্য সভাৰ সভাপতি গৰাকীয়ে কৰা মন্তব্য আমাৰ দৃষ্টিগোচৰ হৈছে । তেওঁ কৰা এটা মন্তব্য সকলো মুছলমানে বাংলাদেশী নহয় । সেই কথাটোৰ লগত আমি এক মত । ভাষাটো সন্দৰ্ভত সভাপতি গৰাকীয়ে যি কথা কৈছে, লোকপিয়ল সন্দৰ্ভত যিটো কথা কৈছে সেই কথাটোৰ সৈতে আমি একমত নহয় । গতিকে অসমীয়া খিলঞ্জীয়া মানুহৰ সুৰক্ষিত ভৱিষ্যতৰ বিষয়টোক লৈ আমি সাহিত্য সভাৰ লগত আলোচনা কৰিম। অতি সোনকালেই কথা পাতিম। খিলঞ্জীয়া মানুহৰ সুৰক্ষা নিশ্চিত হ’ব লাগিব ।” আনহাতে মূল্যবৃদ্ধি সন্দৰ্ভত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি আছুৰ মুখ্য উপদেষ্টা ড° ভট্টাচাৰ্যই কয়, ” অত্যাৱশ্যকীয় সামগ্ৰীৰ সাংঘাটিক মূল্যবৃদ্ধি হৈছে । চাউল, দাইল, মিঠাতেল, গাখীৰ, কণী সকলোৰে মূল্যবৃদ্ধি হৈছে । এনে অত্যাৱশ্যকীয় সামগ্ৰী নাই য’ত মূল্যবৃদ্ধি হোৱা নাই । পেট্ৰ’ল- ডিজেল দাম বাঢ়িছে । কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰ মূল্যবৃদ্ধি ৰোধ কৰাত ব্যৰ্থ হৈছে । মূল্যবৃদ্ধিয়ে অসমৰ জনসাধাৰণৰ জীৱন দুৰ্বিসহ কৰি তুলিছে । ৰাইজক ৰামটাঙোন দিছে । মূল্যবৃদ্ধি প্ৰত্যাহাৰ কৰিব লাগিব । নহ’লে সদৌ অসম ছাত্ৰ সন্থাই আন্দোলন কৰিবলৈ বাধ্য হ’ব।” এই অনুষ্ঠানত সভাপতি উৎপল শর্মাইনিজৰ ভাষণত কয় যে ৰাষ্ট্ৰীয় শিক্ষানীতি মতে নম্বৰ বিলুপ্ত কৰি নতুনকৈ গ্রেডিং ব্যৱস্থা কৰিবলৈ ওলোৱা কাৰ্যক বিৰোধিতা কৰি আহিছে ছাত্র সন্থাই। পুৰণি ষ্টেণ্ড ব্যৱস্থাৰ প্রতি সমর্থন আছে ছাত্ৰ সন্থাৰ। ইফালে ৰাজ্যৰ ভয়ানক নিবনুৱা সমস্যাক লৈ চিন্তিত আছু সভাপতি উৎপল শর্মাই কয় যে নতুন ৰাষ্ট্ৰীয় শিক্ষানীতি প্রযোজ্য কৰিবলৈ চৰকাৰে অসমত কিয় ইমান খৰধৰ লাগিছে সেয়া বুজিবলৈ টান। ৰাজ্যত বৈদেশিক নীতি সন্দৰ্ভত অধ্যয়ন কৰিবলৈ এখনো শিক্ষানুষ্ঠান নাই। অসমৰ বনৌষধিসমূহৰ অধ্যয়নৰ ওপৰত গুৰুত্ব দিব লাগে। অসমীয়া শিক্ষিত নিবনুৱাই কেবল তৃতীয় চতুৰ্থবৰ্গৰ চৰকাৰী চাকৰি লাভ কৰিলেই নহ’ব। সৰ্বভাৰতীয় পৰীক্ষাত অৱতীর্ণ অসমীয়া মেধাৰ সংখ্যা আজিও অতি তাকৰ।
