ঋতুৰাণী শৰৎ : প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি – দৰ্শনা দত্ত

Pc Pexels

ঋতুৰাণী শৰৎ : প্ৰকৃতিৰ এক অপূৰ্ব সৃষ্টি

দৰ্শনা দত্ত ,দেৰগাঁও,গোলাঘাট 

“শাৰদী ৰাণী
তোমাৰ হেনো নাম
তুমি মোৰ নিচেই আপোন
সদ্যস্নাতা ৰূপহী মোৰ
পুৱতী নিশাৰ সপোন।” (ড° ভূপেন হাজৰিকা)

অসমীয়া সংগীত জগতৰ সুধাকণ্ঠই শৰৎ ঋতুক তেওঁৰ মনৰ অতিকৈ আপোন এগৰাকী সদ্যস্নাতা ৰূপহী গাভৰু আৰু পুৱতি নিশাৰ সপোন হিচাপে যি নান্দনিক ৰূপত তেওঁৰ গীতত সজাই তুলিছে, ঠিক তেনেকৈয়ে এক শান্ত, স্নিগ্ধ আৰু মনোৰম পৰিৱেশৰ মাজেৰ প্ৰকৃতিৰ বুকুলৈ নামি আহে ঋতুৰাণী শৰৎ। এই ঋতু প্ৰকৃতিৰ এটি অনুপম সৃষ্টি, যিয়ে সকলো অৱসাদ দূৰ কৰি প্ৰকৃতিৰ লগতে মানুহৰ মনবোৰো এক অপূৰ্ব সজীৱতাৰে ভৰাই তোলে। শৰৎ মানেই কেৱল এটা ঋতু নহয়, ই হৈছে শুভ্ৰতা আৰু সৌন্দৰ্যৰে ধৰিত্ৰীক সজাই তোলা প্ৰকৃতিৰ এক নৱ উৎসৱ।

শৰৎ ঋতুৰ সুকোমল পৰশ আটাইতকৈ গভীৰভাৱে অনুভৱ কৰা যায় পদূলিৰ শেৱালিজোপাৰ বুকুত। শৰতৰ নিয়ৰসনা প্ৰভাতত চোতাল ভৰি সৰি থকা আলফুল শেৱালি ফুলৰ সুবাসে চৌপাশৰ সমগ্ৰ বতাহজাককে এক মায়াময় সুগন্ধিৰে ব্যাকুল কৰি তোলে। ইয়াৰ সমান্তৰালভাৱে, নদীৰ পাৰত শৰতৰ মৃদু বতাহত হালি-জালি থকা শুভ্ৰ কঁহুৱা বনে যেন ধৰাৰ বুকুত এখনি ধুনীয়া আঁচলহে মেলি দিয়ে। কঁহুৱা বনবোৰৰ চঞ্চল জোকাৰণি দেখি এনে লাগে প্ৰকৃতিয়ে যেন ঋতুৰাণীক আদৰিবলৈ এক নীৰৱ অথচ ছন্দোময় নৃত্যতহে মগ্ন হৈ পৰিছে। শৰতৰ নিশাৰ জোনাক ভেদি নামি অহা পুৱাবোৰো অতি মায়াময়। দূবৰি বনৰ সেউজীয়া দলিচাত আৰু ফুলৰ লাহি পাপৰিত মুকুতাৰ দৰে জিলিকি থকা শীতল নিয়ৰৰ টোপালবোৰে পুৱাবোৰ অনাবিল আনন্দেৰে ভৰাই তোলে। আকাশখনেও নিজৰ গাঢ় নীলা ৰঙৰ আঁচলখনেৰে সমগ্ৰ ধৰিত্ৰীকে আৱৰি ধৰে। বগা তুলাৰ দৰে ভাঁহি থকা ডাৱৰৰ টুকুৰাবোৰে আকাশৰ বুকুত এক মনোমোহা পৰিৱেশৰ সৃষ্টি কৰে। প্ৰকৃতিৰ এনে স্নিগ্ধতাৰ মাজতেই আকাশে-বতাহে ভাহি আহে উৎসৱৰ মধুৰ বতৰা। কুমলীয়া সোনালী ৰ’দৰ পোহৰে ধৰালৈ কঢ়িয়াই আনে শৰতৰ আটাইতকৈ আকৰ্ষণীয় উৎসৱসমূহ। খেতিয়কৰ বুকুত আশাৰ সঞ্চাৰ কৰা কাতি বিহুৰ চাকিৰ পোহৰে আৰু দুৰ্গা পূজাৰ আনন্দময় লহৰে ঋতুৰাণী শৰতক সাংস্কৃতিক আৰু আধ্যাত্মিকভাৱে মহিমামণ্ডিত কৰি তোলে।

প্ৰকৃতিৰ অনাবিল সৃষ্টি শৰৎ কাল মানৱ মনলৈ নতুন আশা আৰু পৱিত্ৰতাৰ বতৰা কঢ়িয়াই অনা এক নতুন আহ্বান। শুভ্ৰ কঁহুৱা, শেৱালিৰ সুবাস, নিৰ্মল নীলা আকাশ আৰু জ্যোৎস্নাময় নিশাবোৰে ধৰিত্ৰীৰ বুকুত জীয়াই থকাৰ এক সুকীয়া আনন্দ প্ৰদান কৰে। সেয়ে শৰৎকাল প্রকৃতি, মানৱ জীৱন, সমাজ আৰু সাহিত্যৰ বাবে এক চিৰন্তন স্নিগ্ধ উৎস।