কাতি বিহুৰ পৰম্পৰা – পৰীস্মৃতা বৰা হাজৰিকা

Pc Northeast Now

কাতি বিহুৰ পৰম্পৰা

পৰীস্মৃতা বৰা হাজৰিকা,মাজুলী

অসমীয়া প্ৰাণৰো প্ৰাণৰ , অতি আদৰৰ অসমৰ জাতীয় উৎসৱ বাপতি-সাহন বিহু । বিহু তিনিটা । তাৰে মাজত এটি অন্যতম বিহু – ” কাতি বিহু বা কঙালী বিহু ” । যত অন্তনিহিত হয় কৃষকৰ সপোনৰ ৰং । কাতি বিহুৰ সময়চোৱাত প্ৰায়বোৰ ভঁ‌ৰাল উদং হয় , অভাৱ – অনাটনে কৃষিজীৱী লোকসকলক জুৰুলা কৰে , সেয়েহে এই বিহুক কঙালী বিহু বুলিও জনা যায় ।

আহিন আৰু কাতি মাহৰ সংক্ৰান্তি দিনা পালন কৰা হয় । শস্য শ্যামলা ধাননি পথাৰৰ সেউজীয়াই নৱ স্বপ্নৰ উন্মেষ অনাৰ সময়তে অসমীয়াই পালন কৰে কাতি বিহু । কাতি বিহু কৃষিৰ সৈতে জড়িত এক উৎসৱ । আহাৰ – শাওণ মাহৰ প্ৰখৰ গৰমকো নেওচি হাড় ভঙা পৰিশ্ৰম কৰা কৃষকৰ খেতি ডৰাত সোণগুটিয়ে পোখা মেলে । এনে সময়ত খেতি পথাৰত কীট পতংগৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ বিহুৰ দিনা পথাৰত বন্তি জ্বলাই সেৱা লোৱা হয় ।

কাতি বিহুৰ অন্যতম এক নিয়ম হ’ল ” তুলসী পূজা ” । ঘৰৰ সন্মুখৰ চোতালত তুলসী পুলি ৰুই ভেটি বনাই তুলসীৰ তলত চাকি বন্তি , ধূপ – ধূনা , নৈবদ্য আদি আগবঢ়াই তুলসী পূজা কৰা হয় ।

গধূলিৰ লগে লগেই ওচৰ – চুবুৰীয়া লগলাগি তুলসীৰ তলত প্ৰাৰ্থনা গোৱা হয় ———-

” তুলসীৰ তলে তলে
মৃগ পহু চৰে
ঐ ৰাম কাৰ ঘৰে লয়
হৰিনাম “

হৰি নামৰ ধ্বনিৰে মুখৰিত হৈ পৰে গাৱঁৰ প্ৰতিঘৰ । মৰম চেনেহৰ বান্ধোনেৰে গাৱঁৰ বয়োজ্যেষ্ঠ জনৰ পৰা শিশুলৈকে সকলোৱে ঘৰে ঘৰে তুলসীৰ তলত নাম গায় আৰু মাহ প্ৰসাদ খাই গৃহস্থৰ মংগল কামনা কৰে । কাতি বিহুৰ পৰাই গৃহস্থই লখিমী আদৰাৰ প্ৰস্তুতি আৰম্ভ কৰে । কাতি বিহুৰ দিনা আকাশ বন্তিও জ্বলোৱা হয় । কাতি বিহুৰ ঐতিহ্য আৰু পৰম্পৰাই সকলোৰে মাজত একতাৰ এনাজৰীডাল অধিক সুদৃঢ় কৰি তুলে । এই একতাৰ এনাজৰীয়েই সমাজখনক সুন্দৰ ভাৱে বৰ্তাই ৰখাত যথেষ্ট অৰিহণা যোগাই ।