শিশুৰ সামাজিক চৰিত্ৰ গঠনত সমাজৰ ভূমিকা – দীপিকা ফুকন

Pc StockCake

শিশুৰ সামাজিক চৰিত্ৰ গঠনত সমাজৰ ভূমিকা

দীপিকা ফুকন
চুঙাজান, গোলাঘাট 

এটি শিশুৰ চৰিত্ৰ গঠনৰ দায়িত্ব কেৱল মা-দেউতাক বা পৰিয়ালটিৰে দায়িত্ব নহয়, ই গোটেই সমাজৰ দায়িত্ব। যদি সমাজখনে শিশুক সুৰক্ষা, মৰম আৰু ভাল আদৰ্শ দিয়ে, তেন্তে শিশুটি এদিন সু-নাগৰিক হৈ সমগ্ৰ বিশ্বখনকেই পোহৰাই তুলিব। বেয়া সমাজে এটা ভাল শিশুকো বেয়া কৰিব পাৰে, আৰু ভাল সমাজে এটা দুৰ্বল শিশুকো শক্তিশালী কৰিব পাৰে।

শিশু এটি জন্মৰ লগে লগেই নিজৰ পৰিয়ালৰ বা সম্পৰ্কীয় সকলৰ মৰম-চেনেহ অথবা আদৰ-যত্নৰ জড়িয়তে সামাজিক পৰিবেশত সোমাই পৰে,এই কথা আমি স্বীকাৰ কৰিবই লাগিব। এটা বীজক পানী, পোহৰ আৰু সাৰৰ প্ৰয়োজন হোৱাৰ দৰে, এটি শিশুৰ সুস্থ সামাজিক চৰিত্ৰ গঠনৰ বাবে সমাজৰ প্ৰয়োজন। সেয়ে এটি শিশুৰ সামাজিক চৰিত্ৰ গঠনত সমাজৰ ভূমিকা অপৰিসীম আৰু সুদুৰপ্ৰসাৰী। সমাজখনেই হৈছে শিশুৰ প্ৰকৃত  শিক্ষানুষ্ঠান।  পৰিয়ালৰ  পিছতেই  সমাজৰ পৰিৱেশ, নীতি-নিয়ম, সংস্কৃতিয়ে শিশুৰ মনস্তাত্ত্বিক বিকাশ, সহানুভূতি, সততা তথা দায়িত্ববোধ গঢ়ি তোলে।এই ক্ষেত্ৰত সমাজৰ ভূমিকা তলত চমুকৈ আলোচনা কৰা হ’ল—

ওচৰ চুবুৰীয়া মানুহৰ সৈতে মিলা-মিছা কৰা, সামাজিক অনুষ্ঠানত খোৱা-বোৱা কৰা বা সৰু-সৰু আদান-প্ৰদান কৰাৰ মাধ্যমেৰে এটি শিশুৱে সমাজৰ নিয়ম-নীতি শিকি উঠে।শিশুৰ এই সামাজিকীকৰণ প্ৰক্ৰিয়া হ’ল তেওঁলোকৰ গোটেই জীৱনজুৰি চলি থকা পদ্ধতি, যাৰ মাধ্যমেৰে শিশুৱে সমাজৰ প্ৰতিটো নীতি-নিয়ম, আদান-প্ৰদান, মূল্যবোধ, ভাষা, আৰু আচৰণ শিকি এজন সামাজিক মানুহ হিচাপে পৰিগণিত হয়। এই প্ৰক্ৰিয়া জন্মৰ পৰা আৰম্ভ হয় আৰু শিশুৰ সৰ্বাংগীন বিকাশৰ বাবে ই অত্যন্ত গুৰুত্বপূৰ্ণ।

শিশুৰ সামাজিকীকৰণ প্ৰক্ৰিয়াটো প্ৰধানকৈ দুটা ভাগত বিভক্ত কৰা হৈছে।সেই ভাগ দুটা হৈছে–:(১) প্ৰাথমিক সামাজিকীকৰণ : শিশুৰ এই স্তৰটো ঘৰৰ পৰিৱেশত আৰম্ভ হয়। জন্মৰ পিছত শিশুৱে প্ৰথমে নিজৰ মা-দেউতা, ককা-আইতা , বৰদেউতা-বৰমা,খূৰা-খূৰী,পেহী আৰু পৰিয়ালৰ অন্যান্য সদস্যৰ লগত সময় কটায়। ইয়াৰ জৰিয়তে শিশুৱে ব্যৱহাৰিক ভাষা, প্ৰাথমিক আচাৰ-ব্যৱহাৰ, মৰম, আৰু সমাজৰ মৌলিক আদৰ্শ শিকিবলৈ আৰম্ভ কৰে। এতেকে ক’ব পৰা যায় যে -শিশুৰ ব্যক্তিত্ব গঠনত পৰিয়ালৰ ভূমিকা আটাইতকৈ বেছি।

(২) গৌণ সামাজিকীকৰণ : এটি শিশুৱে যেতিয়া ঘৰৰ পৰিৱেশৰ পৰা বাহিৰলৈ ওলায় আন বিষয়বস্তুৰ মাজত সোমাই যায়, তেতিয়া এই প্ৰক্ৰিয়াটো আৰম্ভ হয় । ইয়াৰ মূল মাধ্যমসমূহ হ’ল বিদ্যালয়, শিক্ষক, লগৰীয়া , ওচৰ-চুবুৰীয়া, গণমাধ্যম আৰু সংস্কৃতি।

বিদ্যালয় এখন শিশুৰ দ্বিতীয় ঘৰ বা দ্বিতীয় সমাজ। ইয়াত শিশুৱে অনুশাসন, সময়ানুবৰ্তিতা, বন্ধুত্ব আৰু নেতৃত্বৰ বিষয়ে শিকাৰ সুযোগ লাভ কৰে। শিক্ষাগুৰুসকলৰ বহুমূলীয়া মৰম,ত্যাগ, আৰু অপৰিসীম যত্নত তেওঁলোকে আচৰণ, নম্ৰতা,ভদ্ৰতা,লগৰীয়াৰ লগত মিলিজুলি থকা, প্ৰাৰ্থনা, খেল-ধেমালি এই সকলোবোৰ শিকি এজন ভাল নাগৰিক হ’বলৈ অগ্ৰসৰ হয়। শিক্ষাগুৰুসকলৰ বহুমূলীয়া উপদেশে শিশুৰ গোটেই জীৱন সলনি কৰি দিব পাৰে।সহপাঠীসকলৰ সৈতে মিলামিছা কৰোঁতে শিশুৱে নিয়ম মানি চলা, সহযোগিতা,যিকোনো বস্তু ভগাই লোৱা, ক্ষমা কৰা, একেলগে কাম কৰা আদি মহান গুণসমূহ শিকিবলৈ সক্ষম হয়।একে বয়সৰ লগৰীয়াৰ সৈতে খেলি বা কথা পাতি শিশুৱে সামাজিক সমতা, সহনশীলতা আৰু বন্ধুসুলভ আচৰণ শিকিব পাৰে।সমাজৰ যিকোনো উৎসৱ-পাৰ্বনত একেলগে থকাৰ অভ্যাসে শিশুৰ মনত সামাজিক একতাৰ ভাৱ আনে আৰু এই সহযোগিতাৰ ফলত তেওঁলোকৰ নেতৃত্বৰ গুণ আয়ত্ত হয়।

বৰ্তমান সময়ত সামাজিক মাধ্যম হিচাপে টিভি আৰু মোবাইলৰ ফেচবুক, ইউটিউৱ আদিয়ে শিশুৰ চৰিত্ৰত বহুত প্ৰভাৱ পেলায়। ভাল কাৰ্যসূচীয়ে ভাল শিক্ষা দিয়ে যদিও, বেয়া বিষয়বস্তুৱে শিশুৰ চৰিত্ৰ নষ্ট কৰিব পাৰে। সেয়ে শিশুৰ ধাৰণা আৰু মূল্যবোধক প্ৰভাৱিত কৰিব পৰাকৈ সামাজিক মাধ্যমৰ ইতিবাচক দিশ আৰু বৰ্তমান লুপ পাব ধৰা কিতাপ পঢ়া কাৰ্যটোৰ প্ৰতি শিশু সকলক ধাবিত কৰা ক্ষেত্ৰত সমাজৰ গুৰুদায়িত্ব আছে।

শিশুৰ সামাজিক চৰিত্ৰ গঠনত পৰিয়ালৰ নিজৰ আচাৰ-অনুষ্ঠানৰ লগতে ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানৰ অপৰিসীম ভূমিকা আছে। পৰিয়ালক শিশুৰ প্ৰথম পঢ়াশালি বুলি কোৱাৰ বিপৰীতে সমাজখনক তাৰ বিস্তীৰ্ণ ৰূপ বুলি আমি ক’ব লাগিব। এই দুই মাধ্যমে শিশুৰ মানসিক আৰু নৈতিক বিকাশৰ ওপৰিও সামাজিক সৰ্বাংগীন বিকাশত সৰ্বোৎকৃষ্ট প্ৰভাৱ পেলায়।পৰিয়ালত পালন কৰা দৈনন্দিন ৰীতি-নীতি সমুহৰ ভিতৰত প্ৰাৰ্থনা, জেষ্ঠ্যজনক সেৱা কৰা আদিয়ে শিশুৰ মনত ভক্তি আৰু শ্ৰদ্ধাভাব উদয় কৰে। পৰিয়ালৰ পৱিত্ৰ পৰিৱেশৰ পাছতে শিশুসকলক নামগৃহ আদিকে ধৰি আন ৰাজহুৱা ধৰ্মীয় অনুষ্ঠান সমুহে সমাজৰ আন লোকৰ সৈতে মিলামিছা কৰিবলৈ শিকায়। শিশুসকলে যেতিয়া কোনো ৰাজহুৱা অনুষ্ঠানত সকলোৱে একেলগে কাম কৰা দেখা পায়, তেতিয়া শিশুৰ মনত সহযোগিতা, একতা আৰু ভাতৃত্ববোধৰ ভাৱ গঢ়ি উঠে।বিভিন্ন ধৰণৰ মানুহ আৰু সংস্কৃতিৰ সংস্পৰ্শলৈ অহাৰ ফলত শিশুৱে সহিষ্ণুতা আৰু পৰস্পৰৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰিবলৈ শিকে। ধৰ্মীয় প্ৰৱচন বা ভাগৱত পাঠ আদিৰ জৰিয়তে শিশুৱে ভাল-বেয়া, ন্যায়-অন্যায় আৰু পাপ-পুণ্যৰ মাজৰ পাৰ্থক্য বুজি পাবলৈ আৰম্ভ কৰে।

সামৰণিত ক’ব পাৰি যে পৰিয়ালৰ আচাৰ-অনুষ্ঠানে শিশুৰ চৰিত্ৰৰ ভেটি গঢ়ি তোলে আৰু ৰাজহুৱা ধৰ্মীয় অনুষ্ঠানে তাক বহল সমাজখনত প্ৰয়োগ কৰিবলৈ শিকায়। !