অসম জাতীয় পৰিষদ ত্যাগ ৰাজেন গোহাঁইৰ

অসম জাতীয় পৰিষদ ত্যাগ ৰাজেন গোহাঁইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম জাতীয় পৰিষদ দল ত্যাগ কৰিলে প্রাক্তন কেন্দ্রীয় মন্ত্ৰী ৰাজেন গোহাঁয়ে। বিধানসভা নিৰ্বাচনত পৰাজিত হোৱাৰ পাছতে সোমবাৰে অসম জাতীয় পৰিষদৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰে গোহাঁয়ে । জ্যেষ্ঠ নেতাগৰাকীয়ে অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈলৈ দলৰ সকলো দায়িত্বৰ পৰা পদত্যাগ কৰাৰ বাবে এখনি পত্ৰ প্ৰেৰণ কৰে ৷ তেওঁ ব্যক্তিগত কাৰণতে এই সিদ্ধান্ত লোৱা বুলি উল্লেখ কৰে। লগতে তেওঁ পত্ৰখনত উল্লেখ কৰে, ‘‘দলীয় নেতৃত্ব, কৰ্মী আৰু সমৰ্থকৰ পৰা লাভ কৰা সহযোগিতা আৰু সমৰ্থনৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰিলো ৷’’ উল্লেখ্য যে সদ্যসমাপ্ত বিধানসভা নির্বাচনত অসম জাতীয় পৰিষদৰ পৰা বঢ়মপুৰ সমষ্টিত প্রতিদ্বন্দ্বিতা কৰা ৰাজেন গোহাঁইৰ বিজেপি প্রার্থী জিতু গোস্বামীৰ হাতত শোচনীয়ভাৱে পৰাজয় হৈছে।  বিগত সময়ছোৱাত বিজেপিৰ প্ৰাক্তন কর্মীসকলক সংগঠিত কৰি নিজকে এক শক্তিত পৰিণত কৰিব খোজা ৰাজেন গোহাঁয়ে নিৰ্বাচনৰ প্ৰাক্ষণত অসম জাতীয় পৰিষদত যোগদান কৰিছিল।উল্লেখ্য যে, বিগত বিধানসভা নিৰ্বাচনত বঢ়মপুৰ বিধানসভা সমষ্টিত আঞ্চলিকতাবাদৰ খোপনি মজবুট কৰিবলৈ বিজেপি দলৰ প্ৰাৰ্থী জিতু গোস্বামীৰ বিৰুদ্ধে থিয় দিছিল অসম জাতীয় পৰিষদৰ (এজেপি) প্ৰাৰ্থী হিচাপে ৰাজেন গোহাঁয়ে । কিন্তু শেষ মুহূৰ্তত শাসকীয় বিজেপি দলৰ প্ৰাৰ্থী গোস্বামীৰ হাতত বিপুল ভোটৰ ব্যৱধানত তেওঁ পৰাজিত হয় ৷ শেহতীয়া নিৰ্বাচনত পৰাজয়ৰ পাছৰে পৰা দলীয় কাৰ্যসূচীত তেওঁৰ সক্ৰিয়তা পূৰ্বতকৈ কিছু হ্ৰাস পোৱা পৰিলক্ষিত হৈছিল ।ইফালে, নিৰ্বাচনৰ ফলাফলৰ পিছতে বঢ়মপুৰৰ বিধায়ক জিতু গোস্বামীয়ে ৰাজেন গোহাঁইক তেওঁৰ ৰাজনৈতিক গুৰু বুলি অভিহিত কৰি পুনৰ বিজেপিলৈ আহিবলৈ আহ্বান জনাইছিল।অৱশ্যে ৰাজেন গোহাঁয়ে কি কাৰণত অসম জাতীয় পৰিষদক সকলো দায়িত্ব ত্যাগ কৰিলে, সেই সন্দৰ্ভত এতিয়ালৈকে কোনো স্পষ্ট কাৰণ ৰাজহুৱাকৈ প্ৰকাশ কৰা নাই । স্মৰ্তব্য যে নগাঁও লোকসভা সমষ্টিৰ পৰা চাৰিবাৰ সাংসদ হোৱাৰ লগতে কেন্দ্ৰীয় চৰকাৰৰ ৰাজ্যিক ৰে’লমন্ত্ৰী হিচাপে এসময়ত দায়িত্ব লাভ কৰা ৰাজেন গোহাঁয়ে ৰাজ্যিক বিজেপিৰো সভাপতি আছিল। কিন্তু বিগত ২০২৪ চনত বিজেপিৰ নেতৃত্বৰ প্ৰতি ক্ষোভ প্রকাশ কৰি দল এৰিছিল ৰাজেন গোহাঁয়ে। পদত্যাগ-পত্র দাখিলৰ পিছত ৰাজেন গোহাঁইৰ পৰৱৰ্তী পদক্ষেপ কি হ’ব, সেয়া এতিয়াও নিশ্চিত হোৱা নাই।