শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড° বাণীকান্ত শৰ্মাৰ পৰলোকপ্ৰাপ্তি

pc incountryvalueoman.net

শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড° বাণীকান্ত শৰ্মাৰ পৰলোকপ্ৰাপ্তি

অনলাইন বাৰ্ত্তাসেৱা – ১৮ ছেপ্তেম্বৰৰ পুৱা ১০.১০ বজাত দীর্ঘদিনীয়া অসুস্থতাৰ অন্তত উজান বজাৰৰ মালিবাগান অঞ্চলৰ নিজ বাসভৱনত ড° শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰে বিশিষ্ট সংস্কৃত পণ্ডিত-শিক্ষাবিদ তথা গুৱাহাটী বিশ্ববিদ্যালয়ৰ প্রাক্তন অধ্যাপক ড° বাণীকান্ত শৰ্মা। উল্লেখ্য যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ আধুনিক ভাৰতীয় ভাষা বিভাগৰ মুৰব্বী অধ্যাপক হিচাপে অৱসৰ গ্ৰহণ কৰা ড° শৰ্মাই জীৱিত কালত অসমীয়া ভাষা-সাহিত্যলৈ অনবদ্য অৱদান আগবঢ়াই থৈ গৈছে। ড° শৰ্মাই বহুসংখ্যক শৈক্ষিক প্ৰকাশনৰ সম্পাদনা কৰাৰ উপৰি বিভিন্ন আলোচনী আদিত তত্ত্বগধুৰ লেখাৰে চহকী কৰি ‘থৈ গৈছে অসমীয়া ভাষা-সাহিত্যৰ ভঁৰাল৷ তেওঁ সবিতা সভা, কামৰূপ অনুসন্ধান সমিতি আৰু অসম সাহিত্য সভাৰ সৈতে ওতপ্রোতভাৱে জড়িত হৈছিল।

(UD.)