১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা

pc Wikipedia

 ১ অক্টোবৰৰ পৰা উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা

অনলাইন বাৰ্ত্তাসেৱা – চলিত বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ বিশেষ পৰীক্ষা সম্পূর্ণ ক’ভিড প্ৰট’কল অনুসৰি অনুষ্ঠিত হ’ব অহা ১ অক্টোবৰৰ পৰা। অসম উচ্চতৰ মাধ্যমিক শিক্ষা সংসদে প্রকাশ কৰা সময়সূচী অনুসৰি অহা ১১ নৱেম্বৰত এই বিশেষ পৰীক্ষাৰ সামৰণি পৰিব। উল্লেখ্য যে ক’ভিড পৰিস্থিতিৰ বাবে এই বছৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত বৰ্ষৰ পৰীক্ষা শিক্ষা সংসদে অনুষ্ঠিত কৰিব নোৱাৰিলে। বিশেষ মূল্যাংকন ব্যৱস্থাৰে উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ ফলাফল ঘোষণা কৰা হৈছিল৷ সেই ফলাফলত অসন্তুষ্টি ছাত্ৰ-ছাত্ৰীসকলে এই বিশেষ পৰীক্ষাত অৱতীৰ্ণ হ’ব পাৰিব।

(UD.)