লাভলীনাৰ বক্সিং গ্ল’ভছ ১০ কোটি টকাত নিলাম

pc The Indian Express

লাভলীনাৰ বক্সিং গ্ল’ভছ ১০ কোটি টকাত নিলাম

 ভাৰত গৌৰৱ অসম কন্যা লাভলীনা বৰগোহাঁইই ট’কিঅ’ অলিম্পিক বক্সিঙৰ গ্ল’ভছ নিলাম কৰা হয় ১০ কোটি টকাত। ইয়াৰ সমান্তৰালকৈ জেভলিনত সোণৰ পদক বিজয়ী তথা অলিম্পিকত এথলেটিক্‌ছত প্ৰথমগৰাকী স্বর্ণ বিজয়ী নীৰজ চোপ্ৰাৰ জেভলিনো নিলাম হৈছে ১০ কোটি টকাত। প্রধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ ৭১সংখ্যক জন্মদিন উপলক্ষে কেন্দ্রীয় সাংস্কৃতিক মন্ত্রালয়ে আয়োজন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীলৈ আগবঢ়োৱা উপহাৰ আৰু স্মৃতিচিহ্নৰ ই-নিলাম আৰম্ভ কৰা হৈছে। এই আৰম্ভণিৰ দ্বিতীয় দিনা ই-নিলামত ট’কিঅ’ অলিম্পিকত স্বর্ণ বিজয়ী নিৰজ চোপ্ৰা আৰু ব্ৰঞ্জ বিজয়ী লাভলীনা বৰগোহাঁইৰ ট’কিঅ’ অলিম্পিকৰ স্মৃতি চিহ্ন জেভলিন আৰু বক্সিং গ্ল’ভছ সৰ্বাধিক আকর্ষণীয় হয়। প্ৰাৰম্ভতে নীৰজ চোপ্ৰাৰ জেভলিনতকৈ লাভলীনা বৰগোহাঁইৰ গ্ল’ভছে অধিক মূল্যত নিলাম হয়। যদিও পিছলৈ চোপ্ৰা আৰু বৰগোহাঁইৰ ট’কিঅ’ অলিম্পিকৰ স্মৃতি চিহ্ন প্রত্যেকৰে ১০ কোটি টকাকৈ নিলাম হয়।

(UD.)