যোৰহাটত আৰ্মীৰ ৰিক্ৰুইটমেণ্ট ৰেলী

Pc Careerindia

যোৰহাটত আৰ্মীৰ ৰিক্ৰুইটমেণ্ট ৰেলী
তামোলপুৰত অগ্নিবীৰ, ৱ’মেন মিলিটাৰী পুলিচ ৰিক্ৰুইটমেণ্ট ৰেলী

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  আৰ্মী ৰিক্ৰুইটিঙ অফিচ, যোৰহাটে অহা ৭ ছেপ্টেম্বৰৰ পৰা ১৫ ছেপ্টেম্বৰলৈকে যোৰহাট জিলাৰ যোৰহাট ষ্টেডিয়ামত এক আৰ্মী ৰিক্ৰুইটমেণ্ট ৰেলী অনুষ্ঠিত কৰিব৷ উজনি অসমৰ ৯ খন জিলা ক্ৰমে যোৰহাট, মাজুলী, তিনিচুকীয়া, ডিব্ৰুগড়, গোলাঘাট, শিৱসাগৰ, চৰাইদেউ, ধেমাজি আৰু লখিমপুৰৰ জিলাৰ প্ৰাৰ্থীসকলৰ বাবে এই আৰ্মী ৰিক্ৰুইটমেণ্ট ৰেলী অনুষ্ঠিত হ’ব৷ এই ৰিক্ৰুইটমেণ্ট ৰেলীত অংশগ্ৰহণৰ বাবে বা এই ৰেলী সন্দৰ্ভত অধিক তথ্যৰ বাবে প্ৰাৰ্থীসকলে www.joinindianarmy.nic.in ভিজিট কৰিব পাৰিব৷ একেদৰে আৰ্মী ৰিক্ৰুইটিঙ অফিচ, নাৰেংগীয়ে অগ্নিবীৰৰ বাবে ২৫ অক্টোবৰৰ পৰা ২৪ নৱেম্বৰলৈকে এক ৰিক্ৰুইটমেণ্ট ৰেলী অনুষ্ঠিত কৰিব৷ এই ৰেলী পশ্চিম আৰু নামনি অসমৰ ১৩খন জিলা ক্ৰমে বৰপেটা, কোকৰাঝাৰ, ধুবুৰী, বঙাইগাঁও, চিৰাঙ, গোৱালপাৰা, কামৰূপ, কামৰূপ মহানগৰ, বাকসা, নলবাৰী, ওদালগুৰি, দৰঙ আৰু দক্ষিণ শালমৰা মানকাচাৰ জিলাৰ বাবে অনুষ্ঠিত হ’ব৷ তেওঁলোকে¸ উত্তৰ-পূব মণ্ডলৰ প্ৰাৰ্থীসকলৰ বাবে ২৬ নৱেম্বৰৰ পৰা ৩০ নৱেম্বৰলৈকে এক ৱ’মেন মিলিটাৰী পুলিচ ৰিক্ৰুইটমেণ্ট ৰেলীও অনুষ্ঠিত কৰিব৷ এই দুয়োটা ৰেলী তামোলপুৰৰ ১০৭ এম টি এন বি ডি ইৰ হেলিপেডত অনুষ্ঠিত হ’ব৷