মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অসম অসামৰিক সেৱা বিষয়া সন্থাৰ এদিনৰ দৰমহা

Pc The Economic Times

মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ অসম অসামৰিক সেৱা বিষয়া সন্থাৰ এদিনৰ দৰমহা

দিছপুৰ,ৰঙিলী বাৰ্ত্তাসেৱা-  অসমৰ বানপানীৰ ফলত হোৱা প্ৰবল ক্ষতিৰ পৰিপ্ৰেক্ষিতত অসম অসামৰিক সেৱা বিষয়া সন্থাই এদিনৰ দৰমহা মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ দান কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু সেই অনুসৰি ফিনআসাম [finassam] পৰ্টেলত কৰ্তনৰ ব্যৱস্থা কৰা হৈছে৷ সেয়েহে অসম অসামৰিক সেৱা বিষয়া সন্থাৰ অধীনস্থ ইচ্ছুক কৰ্মচাৰীসকলৰ আগষ্ট মাহৰ এদিনৰ দৰমহা ফিনআসাম প’ৰ্টেলৰ জৰিয়তে, অসম সচিবালয় শাখাৰ SBI একাউণ্ট নম্বৰ ৩৫৯৬৯৬৬০২৩০ IFSC SBIN0010755-ত মুখ্যমন্ত্ৰী সাহায্য পুঁজি, অসমত পোনপটীয়াকৈ জমা কৰাৰ ব্যৱস্থা কৰা হৈছে লগতে কোষাগাৰ বিষয়াসকলে এই ক্ষেত্ৰত যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব৷ উল্লেখযোগ্য যে এই পদ্ধতিৰেই অন্যান্য চৰকাৰী কৰ্মচাৰী বা সন্থাসমূহেও তেওঁলোকৰ আৰ্থিক দান মুখ্যমন্ত্ৰী সাহায্য পুঁজিলৈ প্ৰদান কৰিব পাৰিব বুলি বিত্ত [বাজেট] বিভাগৰ এক তাঁৰ বাৰ্তাত প্ৰকাশ কৰিছে৷