‘মেডিচিন হাব’লৈ ৰূপান্তৰিত হʼব অসম

pc The Indian Express

‘মেডিচিন হাব’লৈ ৰূপান্তৰিত হʼব অসম

অনলাইন বাৰ্ত্তাসেৱা-  কেন্দ্রীয় আয়ুস মন্ত্রালয়ে অসম তথা উত্তৰ-পূৰ্বাঞ্চলত হাবি-বননিত থকা ঔষধি গছসমূহ চিনাক্তকৰণৰ ক্ষেত্ৰত বিশেষভাৱে গুৰুত্ব প্ৰদান কৰিছে। কেন্দ্ৰীয় আয়ুস মন্ত্ৰী সৰ্বানন্দ সোণোৱালে  আয়ুস মন্ত্ৰালয়ৰ অধীনৰ গুৱাহাটীস্থিত কেন্দ্ৰীয় আয়ুৰ্বেদিক গৱেষণা প্রতিষ্ঠান আৰু আঞ্চলিক হোমিঅ’পেথিক গৱেষণা প্রতিষ্ঠান পৰিদৰ্শন কৰে। পৰিদৰ্শনকালত মন্ত্রী সোণোৱালে প্রতিষ্ঠানত গৱেষক-বিজ্ঞানী তথা সংশ্লিষ্ট কৰ্তৃপক্ষৰ সৈতে আয়ুসৰ গৱেষণা-প্ৰসাৰ সম্পৰ্কীয় বিভিন্ন বিষয় বিস্তৃতভাৱে আলোচনা কৰে। পাছত সংবাদ মাধ্যমেৰে হোৱা বাৰ্তালাপত তেওঁ কয়— উত্তৰ-পূৰ্বাঞ্চলত যিমান গছ-গছনি আছে, তাৰ কিমানসংখ্যক ঔষধি গুণসম্পন্ন সেয়া আৱিষ্কাৰ কৰাটোৱে হৈছে এই প্রতিষ্ঠানৰ মূল লক্ষ্য। তেওঁ সংবাদ মাধ্যমক কয়- উত্তৰ-পূৰ্বাঞ্চলত যিমান গছ-গছনি আছে, তাৰ কিমানসংখ্যক ঔষধি গুণসম্পন্ন সেয়া আৱিষ্কাৰ কৰাটোৱে হৈছে এই প্রতিষ্ঠানৰ মূল লক্ষ্য। বিজ্ঞানসন্মতভাৱে অধ্যয়ন কৰি ভৱিষ্যতে এই ঔষধি গছসমূহৰ পৰা ঔষধ প্ৰস্তুত কৰি মানৱ সমাজৰ স্বাস্থ্য সুৰক্ষিত কৰাটো আন এক উদ্দেশ্য। অসমৰ বুকুত ৪ হাজাৰতকৈ অধিক প্ৰজাতিৰ গছ-গছনি আছে। ইয়াৰ ভিতৰত ১,৭০০তকৈও অধিক প্ৰজাতিৰ গছ-গছনি ঔষধি গুণ থকা। এই  ১৭০০ প্ৰজাতিৰ ঔষধি গছেৰে অসম হʼব ‘মেডিচিন হাব’।