ক’ভিড সংক্রমণ অধিক হ্রাস পালেহে সান্ধ্য আইনৰ শিথিলতাৰ সম্ভাৱনা

pc Twitter

ক’ভিড সংক্রমণ অধিক হ্রাস পালেহে সান্ধ্য আইনৰ শিথিলতাৰ সম্ভাৱনা

অনলাইন বাৰ্ত্তাসেৱা – ক’ভিড সংক্রমণ অধিক হ্রাস পালেহে সান্ধ্য আইনৰ শিথিলতাৰ সম্ভাৱনা। দুর্গোৎসৱৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা হৈছে এছ.অ’.পি. । কিন্তু ৰাজ্য চৰকাৰে এতিয়াও হ্ৰাস কৰা নাই বৰ্তমানৰ সান্ধ্য আইনৰ সময়। এই কথা স্পষ্টভাবে প্ৰকাশ কৰে স্বাস্থ্যমন্ত্ৰী কেশৱ মহন্তই। মন্ত্ৰী কেশৱ মহন্তই গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতালৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীত অংশগ্ৰহণ কৰে আৰু ইয়াৰ অন্তত অনুষ্ঠিত হোৱা সংবাদ মেলযোগে স্বাস্থ্যমন্ত্ৰীগৰাকীয়ে কয় যে সান্ধ্য আইন শিথিল কৰাৰ বিষয়টো নিৰ্ভৰ কৰিব প্ৰতিদিনে হোৱা সংক্ৰমণৰ সংখ্যাৰ ওপৰত। সংক্ৰমণৰ সংখ্যা হ্রাস পালে নিশ্চয় মুখ্যমন্ত্রীয়ে এইক্ষেত্ৰত সিদ্ধান্ত গ্ৰহণ কৰিব। সান্ধ্য আইনৰ শিথিলতা সম্পূৰ্ণৰূপে আক্ৰান্তৰ সংখ্যাৰ ওপৰত নিৰ্ভৰ কৰিব। উল্লেখ্য যে সম্প্ৰতি ৰাজ্যত ধাৰাবাহিকভাৱে হ্রাস পাই আহিছে ক’ভিডৰ আক্ৰান্তৰ হাৰ। বিগত কেইবাদিনো ধৰি ৰাজ্যত ক’ভিড আক্ৰান্তৰ হাৰ ১ শতাংশৰ তললৈ হ্ৰাস পাইছে।

(UD.)