টংলা আৰক্ষীৰ তৎপৰতাত ভূ মাফীয়া তিলক চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ

টংলা আৰক্ষীৰ তৎপৰতাত ভূ মাফীয়া তিলক চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ

অমৰজিৎ ৰাভা,ওদালগুৰি,বাৰ্ত্তাসেৱা-  ওদালগুৰি জিলা টংলাস্হিত হৰিশিঙা ৰাজহ চক্ৰত মাটিৰ দালাল তিলক চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ টংলা আৰক্ষীৰ। যি সময় অসমৰ মুখ্যমন্ত্ৰী তথা প্ৰশাসনে দুৰ্নীতি বিৰুদ্ধে শূণ্য সহনশীলতা নীতি অম্বলবন কৰি ৰাজহ চক্ৰত মাটিৰ দালাল সকলৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে। ঠিক তেনেহেন সময়তে টংলাস্থিত হাৰিশিঙা ৰাজহ চক্ৰত দীর্ঘদিনে জনসাধাৰণ মাটিৰ দালাল কৰি অহাৰ অভিযোগত যোৱা নিশা টংলা আৰক্ষীয়ে খৈৰাপাৰা গাওঁৰ নিবাসী (তৰণি) তিলক চন্দ্ৰ ডেকাক গ্ৰেপ্তাৰ কৰা ঘটনাই অঞ্চলটোত চাঞ্চল্যৰ সৃষ্টি কৰিছে।