‘মন কী বাত’ত পূর্ণিমা দেৱী বর্মনক ভূয়সী প্রশংসা প্ৰধানমন্ত্ৰীৰ

Pc NDTV

‘মন কী বাত’ত পূর্ণিমা দেৱী বর্মনক ভূয়সী প্রশংসা প্ৰধানমন্ত্ৰীৰ

ৰঙিলী বাৰ্ত্তাসেৱা- দেওবাৰে ১৩৫ সংখ্যক ‘মন কী বাত’ অনুষ্ঠানত প্ৰধানমন্ত্ৰী নৰেন্দৰ মোদীয়ে সমগ্ৰ দেশ আৰু বিশ্বৰ বিভিন্ন অনুষ্ঠানৰ ওপৰত আলোকপাত কৰে ৷ প্ৰধানমন্ত্ৰী মোদীয়ে দেওবাৰে দেশবাসীক সম্বোধন কৰা ‘মন কী বাত’ অনুষ্ঠানত দেশবাসীৰ বহু কৃতিত্বৰ বিষয়ে আলোচনা কৰে। চলিত বৰ্ষৰ বিগত ছমাহত কৰাৰ দৰে দেশখনে অৰ্জন কৰা মাইলৰ খুঁটিস্বৰূপ সফলতাসমূহৰ কথাও উল্লেখ কৰে প্ৰধানমন্ত্ৰীয়ে। এই অনাতাঁৰ ভাষণত প্রধানমন্ত্রী মোদীয়ে অসমৰ হাড়গিলা চৰাইৰ প্ৰসংগও উত্থাপন কৰে। প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখাত বিশেষ ভূমিকা পালন কৰা এইবিধ চৰাই ক্ৰমে বিলুপ্তিৰ পথলৈ আগবঢ়াৰ ক্ষেত্ৰত উদ্বেগ প্রকাশ কৰে প্রধানমন্ত্রী মোদীয়ে। সমাজত প্রচলিত অন্ধবিশ্বাসৰ বাবে কিন্দৰে চৰাইবিধে বিলুপ্তিৰ পথত আগবাঢ়িছে সেই বিষয়ে উল্লেখ কৰি প্ৰধানমন্ত্ৰীয়ে লগতে আপুৰুগীয়া চৰাইবিধৰ সংৰক্ষণৰ ক্ষেত্ৰত অসমৰ মহিলাসকলে লোৱা ভূমিকাৰো প্রশংসা কৰে। এইক্ষেত্ৰত মহিলাসকলক নেতৃত্ব দিয়া জীৱবিজ্ঞানী পূর্ণিমা দেৱী বৰ্মনৰ বিষয়েও তেওঁ বিশেষভাৱে উল্লেখ কৰে। দেওবাৰৰ ‘মন কী বাত’ অনুষ্ঠানত প্রধানমন্ত্রী মোদীয়ে কয়, ‘অসমত পোৱা যায় হাড়গিলা নামৰ এবিধ চৰাই। হাড়গিলা এবিধ বিৰল চৰাই। প্ৰকৃতিক পৰিষ্কাৰ কৰি ৰখাত ই অতি গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে। কিন্তু দীর্ঘদিন ধৰি অসমৰ কিছুমান অঞ্চলত ইয়াক অশুভ বুলি গণ্য কৰা হৈছিল। মানুহে নিজৰ চাৰিওফালে ইয়াক দেখি ভাল নাপাইছিল। কেতিয়াবা হাড়গিলাই বাহ সাজি থকা গছবোৰো কাটি পেলোৱা হৈছিল। কল্পনা কৰকচোন, পৰিৱেশ পৰিষ্কাৰ কৰাত সহায় কৰা হাড়গিলা চৰাই মানুহৰ ভয়ৰ বলি হৈ পৰিল। এই সময়ছোৱাত জীৱবিজ্ঞানী পূর্ণিমা দেৱী বৰ্মনে এই সকলোবোৰ লক্ষ্য কৰিছিল। মানুহৰ মনত শিপাই থকা ভুল ধাৰণাবোৰ সলনি কৰাৰ সংকল্প ল’লে তেওঁ। মহিলাসকলৰ লগত কথা পাতি তেওঁ কথাবোৰ বিজ্ঞানসন্মতভাবে বুজাই দিলে আৰু লাহে লাহে মহিলাসকলেও এই অভিযানত যোগদান কৰিবলৈ ধৰিলে। তাৰ পিছত এটা ডাঙৰ পৰিৱৰ্তন আৰম্ভ হ’ল। এসময়ত অশুভ বুলি গণ্য কৰা আৰু পৰিহাৰ কৰা চৰাইটো গাঁৱৰ প্ৰতীক হৈ পৰিল। যি হাজাৰ হাজাৰ গ্ৰাম্য মহিলাই হাড়গিলাক ৰক্ষা কৰিবলৈ আগবাঢ়ি আহিছিল, আজি তেওঁলোকক ‘হাড়গিলা সেনা’ বুলি জনা যায়। এই মহিলাসকলেও সমাজৰ সৈতে সংগ্রাম কৰিছিল, দিনে-নিশাই সমাজক শিক্ষিত কৰাৰ বাবে কাম কৰিছিল আৰু অন্ধবিশ্বাসক অতিক্রম কৰি গৈছিল। তেওঁলোকে দেখুৱাই দিছে যে সঠিক তথ্য প্ৰচাৰ হ’লে যুগ যুগ ধৰি চলি অহা চিন্তাধাৰাও সলনি হ’ব পাৰে।’ প্রধানমন্ত্রীয়ে ‘মন কী বাত’ত দেশখনে লাভ কৰা বিমান পৰিবহণ খণ্ডৰ সফলতাৰ বিষয়েও উল্লেখ কৰে। ভাষণ প্রসংগত তেওঁ থলুৱা প্ৰযুক্তিৰে নির্মিত আইএনএছ ডুনাগিৰি, আইএনএছ সংশোধক আৰু আইএনএছ অগ্নেয়ক ভাৰতীয় নৌসেনাত অন্তর্ভুক্ত কৰাৰ কথাও উল্লেখ কৰে। প্ৰধানমন্ত্ৰীয়ে ভাষণত আন্তঃৰাষ্ট্ৰীয় যোগ দিৱসৰ কথা উল্লেখ কৰি চলিত মাহত আহমেদাবাদত অনুষ্ঠিত বিশ্ব যোগাসন চেম্পিয়নশ্বিপত বিজয়ীসকলক অভিনন্দন জ্ঞাপন কৰে। পশ্চিম এছিয়াৰ যুদ্ধসদৃশ পৰিস্থিতিৰ প্রতি লক্ষ্য ৰাখি তেওঁ দেশবাসীক ব্যয় সংকোচনৰ বাবে যথাসম্ভৱ সোণ নিকিনিবলৈ, কৃষকসকলক ৰাসায়নিক সাৰমুক্ত কৃষিৰ অভ্যাস কৰিবলৈ জনোৱা আহ্বানৰ প্ৰতি দেশবাসীয়ে দিয়া সঁহাৰিৰ কথাও উল্লেখ কৰে। ইন্ধনৰ ব্যৱহাৰ হ্ৰাস কৰি মানুহে ৰাজহুৱা পৰিবহণ ব্যৱস্থাৰ সুবিধা গ্ৰহণ কৰাৰ ফলত দেশত পেট্ৰ’ল আৰু ডিজেল ৰাহি হোৱাৰ কথা তেওঁ উল্লেখ কৰে। তেওঁ কয়, ‘মই আনন্দিত যে আমি ভাৰতীয়সকলে ঐক্যবদ্ধভাৱে এই বিশ্ব সংকটৰ সৈতে মোকাবিলা কৰিছোঁ। মোৰ বিশ্বাস যে জনসাধাৰণৰ অংশগ্ৰহণৰ এই শক্তিয়ে আমাক শক্তিশালী আৰু সফল কৰি তুলিব। প্ৰধানমন্ত্ৰীৰ ‘মন কী বাত’ত নাগালেণ্ডৰ ফুটবলৰ প্ৰতি আগ্ৰহৰ কথাও উল্লেখ কৰে। তেওঁ কয়, ‘পূৰ্বতকৈ অধিক যুৱকে ক্রীড়াক কেৰিয়াৰ হিচাপে লৈছে। নাগালেণ্ডত এনে দুটা পদক্ষেপৰ বিষয়ে জানিব পাৰিলোঁ, যিবোৰ অতি আকর্ষণীয়। প্রথমটো হ’ল নাগালেণ্ড বেবী লীগ। ৫ৰ পৰা ১০-১২ বছৰ বয়সৰ সৰু ল’ৰা-ছোৱালীৰ বাবে এইখন এখন অসাধাৰণ লীগ। ইয়াৰ ফলত শিশুসকলৰ মনৰ ওপৰত গভীৰ প্ৰভাৱ পৰিছে। নাগালেণ্ডত চলি আছে আন এটা ভাল পদক্ষেপ। ইয়াৰ নাম নাগালেণ্ড ব’মেন ফুটবল লীগ। এটা দলত মাত্র ৫জন খেলুৱৈ থাকে। খেলপথাৰখন ফুটবল খেলপথাৰতকৈ বহু সৰু। নাগালেণ্ড মহিলা ফুটছাল লীগে আমাৰ কইনাসকলক তেওঁলোকৰ প্রতিভা প্ৰদৰ্শনৰ এক সুন্দৰ সুযোগ প্রদান কৰিছে। এনে পদক্ষেপৰ বাবে নাগালেণ্ডবাসীক প্রশংসা কৰিছোঁ। এনে প্রচেষ্টাই দেশৰ আন আন প্রান্তকো অনুপ্রাণিত কৰিব।’ প্রধানমন্ত্রী মোদীয়ে তেওঁৰ অনাতাঁৰ ভাষণত মেঘালয়ৰ ৰাইজে প্রাকৃতিক ঐতিহ্যক সংৰক্ষণৰ দায়িত্ব কিদৰে পালন কৰিছে তাকো উল্লেখ কৰে। এই সন্দৰ্ভত প্রধানমন্ত্রীয়ে মেঘালয়ৰ শিপাৰ দলঙৰ কথাও উল্লেখ কৰে। তেওঁ কয়, এই শিপাৰ দলংবোৰৰ কাহিনী মনোমোহা। এই দলংবোৰ কেইদিনমান বা কেইবছৰমানতে নিৰ্মাণ কৰা হোৱা নাই। ইয়াৰ বিকাশ হ’বলৈ দশক দশক সময় লাগিছে। ৰবৰ গছৰ শিপাবোৰ ক্ৰমান্বয়ে সজ্জিত কৰি নৈৰ সিপাৰলৈ কঢ়িয়াই নিয়া হয়। সময়ৰ লগে লগে এই শিপাবোৰে এখন মজবুত দলং গঠন কৰে। এই দলংবোৰৰ আন এটা অনন্য বৈশিষ্ট্য আছে-ই জীৱন্ত দলং। সময়ৰ লগে লগে ই শক্তিশালী হৈ পৰে। ই মেঘালয়বাসীৰ সৃষ্টিশীলতাক প্রতিফলিত কৰে। প্ৰকৃতিৰ সহযোগত মানুহে ইমান আচৰিত বস্তু সৃষ্টি কৰিব পাৰে এই কথা এই দলংসমূহে প্ৰমাণ কৰে। ভাৰতে এতিয়া মেঘালয়ৰ শিপাৰ দলংসমূহ ইউনেস্ক’ৰ বিশ্ব ঐতিহ্যক্ষেত্ৰৰ তালিকাত অন্তর্ভুক্ত কৰিবলৈ আবেদন জনাইছে। প্ৰধানমন্ত্ৰী মোদীয়ে পূৰ্ণিমা দেৱী বৰ্মনৰ পদক্ষেপক প্ৰশংসা কৰাৰ পাছতে মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমযোগে পূৰ্ণিমা দেৱী বৰ্মন অভিনন্দন জ্ঞাপন কৰে ৷ মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত কয়, “দেশবাসীক সম্বোধন কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জনপ্ৰিয় অনাতাঁৰ অনুষ্ঠান ‘মন কী বাত’ত অসমৰ কন্যা পূৰ্ণিমা দেৱী বৰ্মনৰ হাড়গিলা চৰাই সংৰক্ষণৰ বাবে কৰা অনন্য প্ৰচেষ্টা আৰু পৰিৱেশ সংৰক্ষণৰ ক্ষেত্ৰত তেখেতৰ অৱদানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰাটো সমগ্ৰ অসমৰ বাবে এক গৌৰৱৰ বিষয়।”