জোনাইত বাঢ়নী পানীৰ সোঁতে ভাঙিলে ৰে’লৱে দলং
ৰঙিলী বাৰ্ত্তাসেৱা- চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ লগতে জোনাইত নেৰানেপেৰা বৰষুণৰ ফলত জোনাইৰ বিভিন্ন নৈ-উপনৈৰ জলপৃষ্ঠ বৃদ্ধি হৈছে। জোনাই, অসম-অৰুণাচল সীমান্ত অঞ্চলত হোৱা ধাৰাসাৰ বৰষুণৰ ফলত জোনাইৰ বিভিন্ন অঞ্চলত বানে লৈছে ভয়ংকৰ ৰূপ। উল্লেখ্য যে অসম-অৰুণাচল সীমান্ত অৰুণাচলৰ পাহাৰৰ পৰা বৈ অহা লেকু নৈৰ বানে লৈছে ৰুদ্ৰ ৰূপ। নৈৰ পানী ওফন্দি উঠাৰ ফলত লেকুস্থিত ৫১৫নং ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথৰ ওপৰেদি বাগৰি গৈছে পানী। ফলত সম্পূৰ্ণৰূপে ব্যাহত হৈছে যান-বাহনৰ চলাচল। খৰস্রোতা নৈৰ পানী ওফন্দি উঠাৰ ফলত ফ’ৰলেনযুক্ত ৰাষ্ট্ৰীয় ঘাইপথটো নদীসদৃশ ৰূপ ধাৰণ কৰিছে। একে সময়তে অসম-অৰুণাচল সীমান্তৱৰ্তী দুয়োখন ৰাজ্যৰ কেইবাটাও পৰিয়ালৰ বাসগৃহ পানীত ডুব গৈছে। ধাৰাবাহিক বৰষুণ অব্যাহত থকাৰ ফলত লেকু নৈৰ জলস্তৰ এতিয়াও বৃদ্ধি পাই আছে। আনহাতে, সীমান্তবর্তী অয়ান নৈয়েও ভয়ংকৰ ৰূপ ধাৰণ কৰিছে। নৈখনৰ বাঢ়নী পানী বৃদ্ধি পোৱাৰ ফলত নৈৰ বুকুত জাহ গৈছে দুখনকৈ ধাবা। সেই ধাবা দুখনত দুগৰাকী মহিলাসহ মুঠ ছগৰাকী লোক আবদ্ধ হৈ পৰে। ঘটনাৰ খবৰ লাভ কৰাৰ পিছতে অৰুণাচল প্ৰদেশৰ ৰুকচিন আৰু পাছিঘাটৰ এছ ডি আৰ এফ বাহিনীৰ লগতে জোনাইৰ এছ ডি আৰ এফ, দুয়োখন ৰাজ্যৰ আৰক্ষী আৰু স্থানীয় ৰাইজে যৌথভাৱে উদ্ধাৰ অভিযান চলায়। বহু প্ৰচেষ্টাৰ অন্তত পানীত আবদ্ধ হৈ পৰা আটাইকেইজন লোকক নিৰাপদে উদ্ধাৰ কৰিবলৈ সক্ষম হয়। প্ৰবল পানীৰ সোঁতত জোনাই মহকুমাৰ চিমেন নৈৰ ৰে’লৱে দলঙৰ এটা অংশ খহি পৰাত জোনাই, গুৱাহাটী, লিডু ৰে’লপথেৰে ৰে’ল চলাচল সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। স্থানীয় ৰাইজে জনোৱা মতে চিমেন নৈৰ ৰে’লৱে দলঙৰ ওপৰেদি মুৰ্কংচেলেকৰ পৰা লিডু অভিমুখে যোৱা ৰে’লখন পাৰ হৈ যোৱাৰ ২০ মিনিটৰ পিছতে খহি পৰিল দলংখনৰ এটা অংশ। ৰে’লৱে দলংখনৰ খহি পৰা দৃশ্য চাই থকা অৱস্থাত দীপাৰ তিনিজন লোক আঘাতপ্রাপ্ত হোৱাত ততাতৈয়াকৈ উন্নত চিকিৎসাৰ কাৰণে চিকিৎসালয়লৈ প্ৰেৰণ কৰে। এই ঘটনাই অঞ্চলজুৰি তীব্র উদ্বেগৰ সৃষ্টি কৰিছে। চিমেন নদীয়ে পুৱাৰে পৰা জলমগ্ন কৰিছে কেইবাখনো গাঁও। তদুপৰি জোনাইৰ অসম-অৰুণাচল সীমান্তৱৰ্তী অঞ্চলত অব্যাহত ধাৰাসাৰ বৰষুণৰ ফলত খৰস্রোতা কেমি নৈৰ জলস্তৰ বিপজ্জনকভাৱে বৃদ্ধি হোৱাত নৈৰ এই জলস্তৰ বৃদ্ধি পোৱাৰ পিছতে কেমি নদীৰ ওপৰত নিৰ্মিত কেমি- জেলম সংযোগী লোহাৰ দলংখন নৈৰ তীব্র সোঁতে উটুৱাই নিয়ে। দলংখন উটুৱাই নিয়াৰ পিছতে কেমি-পুৰণা জেলম অঞ্চলৰ সৈতে জোনাই সদৰৰ যোগাযোগ সম্পূৰ্ণৰূপে বিচ্ছিন্ন হৈ পৰিছে। ফলস্বৰূপে অঞ্চলটোৰ সাধাৰণ জনজীৱন বিপর্যস্ত হৈ পৰাৰ লগতে যাতায়াত ব্যৱস্থাও সম্পূৰ্ণৰূপে ব্যাহত হৈছে। ইফালে চিমেন নৈৰ তীব্ৰ খহনীয়াৰ কবলত চিমেন ৰে’লৱে দলং ভাঙি যোৱাৰ ফলত যাতায়াত বিচ্ছিন্ন হৈ পৰিছে। যাৰ ফলত দলংখনৰ জৰিয়তে ৰে’লৰ যাতায়াত ব্যাহত হৈ পৰিছে। বিয়লি ৫ বজাত ৰে’লৱে দলংখনৰ পশ্চিম দিশৰ এটা বৃহৎ অংশ নদীখনৰ খহনীয়াত বিধ্বস্ত হৈ পৰাৰ বাবে সন্ধিয়া ৬.৪০ বজাত আহিবলগীয়া ৰঙিয়া-মূৰ্কংচেলেক ৰে’লখন আৰু সন্ধিয়া ৭.৪৫ বজাত যাতায়াত কৰিবলগীয়া মূৰ্কংচেলেক-গুৱাহাটী ইণ্টাৰচিটী ৰে’লখন কথমপি ৰক্ষা পৰে।
