অৰুণাচল সীমান্তৰ ভাৰত ভূখণ্ডত বেদখল চীনৰ
ৰঙিলী বাৰ্ত্তাসেৱা- পুনৰ ভাৰতৰ ভূমিত চকু ৰঙা চীনৰ ৷ অৰুণাচল প্রদেশ সীমান্তত ভাৰতৰ ভূখণ্ডত বেদখল চলাইছে চীনৰ পিপল লিবাৰেচন আর্মী (পিএলএ)-এ। ইয়াৰ বিস্ফোৰক তথ্যসম্বলিত এখন পত্র যোৱা ২৬ জুনত উজনি সোৱণশিৰি জিলাৰ উপায়ুক্তক প্ৰদান কৰে অৰুণাচল প্ৰদেশৰ নাগৰিক সমাজৰ এটা সংগঠন নাহ ৱেলফেয়াৰ ছ’চাইটী (এন ডব্লিউ এছ)ৰ সভাপতি কেৰু চাডেৰে।য’ত চীনৰ আগ্ৰাসনৰ বিৰুদ্ধে কেন্দ্ৰ-ৰাজ্য চৰকাৰৰ তাৎক্ষণিক হস্তক্ষেপৰ ক্ষেত্ৰত জিলা উপায়ুক্তক পদক্ষেপ গ্রহণ কৰিবলৈ দাবী জনোৱা হৈছে। সংগঠনটোৰ দাবী অনুসৰি বিগত প্ৰায় এটা দশক ধৰি চীনা বাহিনীয়ে ভাৰতীয় ভূখণ্ডৰ অন্তৰ্গত কিছুমান স্থানত ধীৰে ধীৰে পথ, দলং আৰু সামৰিক শিবিৰ নিৰ্মাণ কৰিছে । এই বিষয়টো উনুকিয়াই পত্রখনত অতি স্পষ্টভাবে লিখা হৈছে যে আমাৰ ‘পৈতৃক ভূমি য’ত আমি মাত্ৰ কেইটামান বছৰ আগলৈকে অবাধে বিচৰণ কৰিছিলোঁ, চিকাৰ কৰিছিলোঁ আৰু বনজ সম্পদ সংগ্ৰহ কৰিছিলোঁ; সেই অঞ্চলসমূহ সম্প্রতি চীনৰ সৈন্য বাহিনী পিএলএৰ দখলত। বিশেষকৈ বিগত ১০-১৫ বছৰত সীমান্তবর্তী এলেকাত পিএলএৰ কাৰ্যকলাপ বৃদ্ধি হৈছে বুলি এনডব্লিউএছে উল্লেখ কৰে। এনে অৱস্থাত পিএলএৰ শেহতীয়া তৎপৰতাৰ লগে লগে ভাৰতে আৰু অধিক ভূখণ্ড হেৰুওৱাৰো সংগঠনটোৱে আশংকা ব্যক্ত কৰে পত্ৰখনত। এই প্ৰসংগতে ৫টা গুৰুত্বপূৰ্ণ স্থানৰ বিষয়ে বিশেষভাৱে উল্লেখ কৰা হৈছে। এইকেইটা হ’ল-টকছিং সদৰৰ সমীপৱৰ্তী আছাফিলাৰ অয়িং-চুজাৰ্টাৰ পানিয়াৰ-মাৰানাফেৰ মাৰপান-পোট্টৰাং হ্রদ-টিনডিংটাঙ টিজি। এনডব্লিউএছে কৰা অভিযোগ অনুসৰি ২০২০ চনৰ আগলৈকে উক্ত স্থানকেইটা ভাৰত ভূখণ্ডৰ অধীনতেই আছিল। কিন্তু এতিয়া পিএলএই দখল কৰি লোৱাৰ সমান্তৰালভাৱে তাত সামৰিক ঘাটি স্থাপন আৰু পথ-দলং নিৰ্মাণ কৰিছে। তদুপৰি পৱিত্ৰ তীর্থস্থান থকা চাৰি অঞ্চলৰ কেতবোৰ স্থানো বেদখল কৰিছে চীনে। আটাইতকৈ গুৰুত্বপূৰ্ণ কথাটো হ’ল চীনৰ ভূখণ্ড সম্প্ৰসাৰণ তথা বেদখলৰ পৰিণতিত সীমান্তবর্তী অঞ্চলত বসবাস কৰা স্থানীয় জনগোষ্ঠীৰ জীৱন আৰু নিৰাপত্তালৈ ভাবুকি নামি আহিব পাৰে বুলি পত্ৰখনত আশংকা ব্যক্ত কৰা হয়। এনে অৱস্থাত নাগৰিক সংগঠনটোৱে চীনৰ কার্যকলাপ অব্যাহত থাকিলে স্থানীয় লোকসকলৰ জীৱিকা আৰু পৰম্পৰাগত যাতায়াতৰ ওপৰত বিৰূপ প্ৰভাৱ পৰিব বুলি সতৰ্ক কৰি দিয়ে।
