ভুত নে ভ্ৰম – জ্যোতিমণি মাহত্ব

Pc Peakpx

ভুত নে ভ্ৰম

জ্যোতিমণি মাহত্ব

যুগ যুগ ধৰি মানৱ সমাজত আটাইতকৈ চৰ্চিত, ৰহস্যময় আৰু বিতৰ্কিত বিষয়বোৰৰ ভিতৰত অন্যতম হৈছে অলৌকিক শক্তিৰ অস্তিত্ব।ই যেন এক সুদূৰ অতীতৰ পৰা বৈ অহা কুঁৱলীৰ নদী, যাৰ সিপাৰে কি আছে কোনেও নাজানে। এন্ধাৰ নামি অহাৰ লগে লগে, যেতিয়া বাঁহ গছৰ পাতবোৰে বতাহত সৰসৰাই উঠে যেতিয়া জোনাকৰ পোহৰে গছৰ ছাঁবোৰক একো একোটা অদ্ভুত আকৃতি দিয়ে, তেতিয়াই মানুহৰ মনৰ নিভৃত কোণত সাৰ পাই উঠে এক আদিম শিহৰণ।এই শিহৰণেই ‘ভুত’। একাংশ লোকৰ মতে ভুত সম্পূৰ্ণ সত্য আনহাতে যুক্তিবাদী আৰু বিজ্ঞানীসকলৰ মতে ই মানুহৰ মনৰ ভ্ৰম বা চকুৰ ভুল। এই ‘ভুত নে ভ্ৰম’ৰ যুঁজখন কেৱল অন্ধবিশ্বাস আৰু বিজ্ঞানৰে নহয়, ই মানৱ মনস্তত্ত্ব আৰু আমাৰ মগজুৰ জটিল কাৰ্যপ্ৰণালীৰ সৈতেও গভীৰভাৱে জড়িত।

একবিংশ শতিকাৰ এই তথ্য-প্ৰযুক্তি আৰু বিজ্ঞানৰ যুগত বহিও যেতিয়া আমাৰ সমাজত অলৌকিকতা, ভুত-প্ৰেত বা ‘ডাইনী’ৰ দৰে অন্ধবিশ্বাসে খোপনি পুতি থাকে, তেতিয়া ই আমাৰ সামগ্ৰিক চেতনাক এক ডাঙৰ প্ৰশ্নবোধক চিনৰ সন্মুখত থিয় কৰায়। আদিম কালৰে পৰা মানৱ সমাজত আটাইতকৈ চৰ্চিত আৰু বিতৰ্কিত বিষয়বোৰৰ ভিতৰত অন্যতম হৈছে ‘ভুত’ৰ অস্তিত্ব। একাংশ লোকৰ বাবে ই অতি বাস্তৱ আৰু ভীতিপ্ৰদ অনুভৱ আনহাতে যুক্তিবাদী আৰু বিজ্ঞানীসকলৰ মতে ই কেৱল চকুৰ ভুল বা মনৰ বিকাৰ। প্ৰশ্ন হয়, বিজ্ঞানৰ ইমান জয়যাত্ৰাৰ পিছতো মানুহৰ মনৰ পৰা ভুতৰ ধাৰণাটো কিয় মচি পেলাব পৰা হোৱা নাই? ই সঁচাকৈয়ে কোনো অদৃশ্য শক্তি নে মানৱ মগজুৱে ৰচা এক জটিল মায়াজাল?

বিজ্ঞানৰ দৃষ্টিৰে বিশ্লেষণ কৰিলে দেখা যায় যে ইয়াৰ আঁৰত ‘পেৰাইডোলিয়া’ নামৰ মগজুৰ এক স্বাভাৱিক প্ৰৱণতা থকাটো সম্ভৱ, য’ত মানুহে যিকোনো অস্পষ্ট আকৃতিত চিনাকি মুখ বা অবয়ব দেখা পায়। একেদৰে, মাজনিশা বুকুত কোনোবাই হেচি ধৰা অনুভৱ বা লৰচৰ কৰিব নোৱাৰা অৱস্থাটোক (শ্লিপ পেৰালাইচিচ) যি ভৌতিক বা ‘চেপা দিয়া’ বুলি ভবা হৈছিল, চিকিৎসাবিজ্ঞানে প্ৰমাণ কৰিলে যে সেয়া কেৱল টোপনি আৰু সাৰ পোৱাৰ মাজৰ এক ক্ষন্তেকীয়া স্নায়ৱিক খেলহে মাথোঁ। আনকি পৃথিৱীত এনে কিছুমান অতি নিম্ন কম্পনাংকৰ শব্দ আছে, যিবোৰ কাণেৰে নুশুনিলেও আমাৰ হৃদযন্ত্ৰ আৰু চকুৰ মণি কঁপাই তুলিব পাৰে। এই কঁপনিয়েই মানুহৰ মনত এক অজান ভয় আৰু চকুৰ চুকেদি ছাঁ এটা পাৰ হৈ যোৱাৰ ভ্ৰম সৃষ্টি কৰে।

এই লোককথাবোৰে আমাৰ সমাজক এক কাব্যিক ৰূপ দিছিল, য’ত ভয় আৰু কৌতূহল একেলগে খোজ কাঢ়িছিল। কিন্তু আধুনিক বিজ্ঞান আৰু চিকিৎসা শাস্ত্ৰই ভুতৰ এই অস্তিত্বক সম্পূৰ্ণৰূপে অস্বীকাৰ কৰে। বিজ্ঞানৰ মতে, মানুহে যাক ভুত দেখা বা অনুভৱ কৰা বুলি কয়, সেইয়া আচলতে মগজুৰ কিছুমান বিশেষ পৰিস্থিতি বা ‘ভ্ৰম হে মাথোঁ।

ভুতৰ অস্তিত্ব প্ৰকৃততে আমাৰ ভয়ৰ সৈতে জড়িত। যেতিয়া এজন ব্যক্তিয়ে সৰুৰে পৰা ভুতৰ কাহিনী শুনি ডাঙৰ হয়, তেওঁৰ অৱচেতন মনত ভয়ৰ এক গভীৰ সাঁচ বহি যায়। কোনো নিৰ্জন বা এন্ধাৰ ঠাইলৈ গ’লে মগজুৱে সতৰ্কবাণী প্ৰেৰণ কৰে আৰু ‘এদ্ৰেনালিন’ নামৰ হৰমন নিঃসৰণ কৰে। এই হ’ৰমনৰ বাবে হৃদস্পন্দন বৃদ্ধি পায় আৰু মানুহজনে প্ৰতিটো সৰু শব্দতে উচুপ খাই উঠে। মনৰ এই তীব্ৰ ভয়েই শেষত ভ্ৰমৰ ৰূপ লয়। আমি যাক বাহিৰত বিচাৰি ফুৰোঁ, সেই ভুতটো আচলতে আমাৰ মনৰ ভিতৰত সাচ পাতি বহি থাকে।

 কিয় এজন উচ্চশিক্ষিত মানুহো গভীৰ নিশা নিৰ্জন ঠাইত অকলে থাকিলে উচুপ খাই উঠে? ইয়াৰ আঁৰত আছে এক গভীৰ মনস্তাত্বিক আৰু বিৱৰ্তনমূলক কাৰণ। ভুতৰ ভয় আচলতে কোনো মৃত আত্মাৰ ভয় নহয়, ই হৈছে অজ্ঞাতৰ ভয় ।মানৱ মগজুৱে সদায় পৰিৱেশটো নিজৰ নিয়ন্ত্ৰণত ৰাখিব খোজে। যেতিয়াই আমি এন্ধাৰ বা কোনো নিৰ্জন ঠাইত থাকোঁ, আমাৰ চকু আৰু কাণে চৌপাশৰ সম্পূৰ্ণ তথ্য মগজুলৈ পঠিয়াব নোৱাৰে। এই শূন্যতা পূৰণ কৰিবলৈ মগজুৱে সৰুৰে পৰা শুনি অহা ভৌতিক কাহিনী বা চিনেমাৰ দৃশ্যবোৰ টোপোলাৰ পৰা উলিয়াই আনে আৰু এক কাল্পনিক বিপদৰ ছবি তৈয়াৰ কৰে।

বৰ্তমান সময়ত চলচ্চিত্ৰ, ভৌতিক ধাৰাবাহিক আৰু ছচিয়েল মিডিয়াই ভুতৰ ধাৰণাটোক এক ডাঙৰ মনোৰঞ্জনৰ মাধ্যমলৈ ৰূপান্তৰ কৰিছে। কিন্তু ইয়াৰ বিপৰীত পিঠিখন বৰ অন্ধকাৰ। এই ভয়ৰ সুযোগ লৈয়েই সমাজত একাংশ ভণ্ড বেজ বা তান্ত্ৰিকে অন্ধবিশ্বাসৰ বেহা মেলে। তেওঁলোকে মানুহৰ মানসিক বিভ্ৰান্তিক ‘ভুত লম্ভা’ বুলি কৈ সমাজত ডাইনী হত্যা বা নিৰীহ মানুহৰ ওপৰত অত্যাচাৰৰ দৰে জঘন্য কুসংস্কাৰ বিয়পায়, যাৰ বলি হয় বহু নিৰীহ জীৱন।

ভুত আৰু ভ্ৰমৰ মাজৰ দেৱালখন অতিশয় পাতল আৰু ঠুনুকা। ভুত কোনো বাহ্যিক বাস্তৱতা নহয়, ই হ’ল মানৱ মনৰ এক জটিল মনস্তাত্বিক সৃষ্টি। আমাৰ সমাজত এতিয়াও বহু এনে অন্ধকাৰ ঠাই আছে, য’ত শিক্ষাৰ পোহৰ পৰা নাই বা পৰিলেও সি মানুহৰ মানসিকতাক যুক্তিবাদী কৰিব পৰা নাই। একবিংশ শতিকাৰ এই তথ্য-প্ৰযুক্তিৰ যুগত বসবাস কৰিও যেতিয়া আমি বাতৰিকাকতৰ পৃষ্ঠাত ডাইনী সন্দেহত হত্যাকাণ্ড বা অমানুষিক নিৰ্যাতনৰ খবৰ দেখিবলৈ পাওঁ, তেতিয়া প্ৰমাণ হয় যে আচল ভুতটো ক’ৰবাত নহয়, বৰং আমাৰ সমাজৰ চিন্তা-চেতনাৰ মাজতহে বাহ লৈ আছে। এই সামাজিক ব্যাধিৰ পৰা মুক্ত হ’বলৈ হ’লে কেৱল আনুষ্ঠানিক শিক্ষাই যথেষ্ট নহয়, আমাক প্ৰয়োজন হ’ব এক বিজ্ঞানমনস্ক মানসিকতাৰ।

মনৰ পৰা যেতিয়া অন্ধবিশ্বাস, ভয় আৰু অজ্ঞানতাৰ কুঁৱলী সম্পূৰ্ণৰূপে আঁতৰি যাব, তেতিয়া প্ৰতিটো নিৰ্জন নিশাও জোনাকৰ দৰেই শান্ত, পৱিত্ৰ আৰু ধুনীয়া হৈ পৰিব। ভুত বুলি একো নাই ,আছে মাথোঁ আমাৰ অবুজ মনৰ একোটা অবুজন ভ্ৰম, যি ভ্ৰমে জীৱনক কেতিয়াবা ক্ষন্তেকীয়া শিহৰণ দিয়ে আৰু কেতিয়াবা সমাজক অন্ধকাৰলৈ ঠেলি দিয়ে। গতিকে, সচেতন নাগৰিক হিচাপে সমাজৰ পৰা এই মানসিক ভ্ৰম আঁতৰাই যুক্তি আৰু বিজ্ঞানৰ হাতে হাত ধৰি আগবাঢ়ি যোৱাটোহে আমাৰ একমাত্ৰ সংকল্প হোৱা উচিত। তেতিয়াহে সমাজৰ বুকুলৈ প্ৰকৃত পোহৰ আহিব আৰু ‘ভুত’ নামৰ ভয়টো চিৰদিনৰ বাবে মানুহৰ মনৰ পৰা নোহোৱা হ’ব।