শাওণৰ দুশাৰীমান
প্ৰভাত বণিয়া
নাযায় নুপুৱাই অপেক্ষাৰ দিন-ৰাতি
কেতিয়া ফুলিব বুকুৰ গোলাপ
নৈ খন সাৰ পাই উঠিব
হাবি গুচি ফুলনি হ’ব আমাৰ
অজলা গাওঁ
তিৰবিৰাই স্বপ্নৰ বৰ ঘৰ
গাভৰু জোনৰ চিটিকি অহা একলা স্বচ্ছ ৰূপালী জিলিকনি
মনত দুখ থাকিলেও জ্বালা যন্ত্ৰণাত দহি থাকিলেও
শাওণৰ এঠালতীয়া বোকা মাটি বৰ হেঁপাহৰ
শাৰী শাৰীকৈ ভূঁই ৰুই মন জুৰাও
দেহা শাত পেলাওঁ
অপেক্ষাৰ দিন উকলিব
সেউজীয়া হ’ব
আমাৰ লখিমী পথাৰ।
