বান্দৰ আৰু শিয়াল – বাহাৰুল ইছলাম

Pc Vikaspedia - Education

বান্দৰ আৰু শিয়াল

বাহাৰুল ইছলাম

গছৰ ডালত বান্দৰ ককাই
বহি আছিল এদিন,
শিয়াল বোপাইৰ আহ-যাহত দুয়ো
সখা পাতে সেইদিন।
কল বেপাৰীয়ে পাচিত ভৰাই
পকা কল লৈ যায়,
বান্দৰ ককায়ে হঠাৎ দেখি
বুধি এটি উলিয়ায় ।
শিয়াল সখা শিয়াল সখা
খুন্দা এটা দিয়া মাৰি,
শিয়াল বোপায়ে মাৰিলে খুন্দা
কলৰ সৈতে পৰিল ঠাৰি।
সাউৎকৰে বান্দৰ ককায়ে
কলৰ থোক লৈ যায়,
কাণ্ড চাই কল বেপাৰী জনে
কৰে হায় হায় ।
বেচেৰা বেপাৰী গুচি যোৱাত শিয়ালে
খাবলৈ আহিল কল,
বান্দৰ ককায়ে বাকলি পেলাই
বাৰে বাৰে কৰে ছল।
দিনচেৰেক বাগৰি পৰাত
দুয়ো লগ হ’ল,
শিয়াল বোপায়ে ছলনাৰে কয়
ঢুল বজাবলৈ ব’ল ।
বান্দৰ ককায়ে নাজানি নুবুজি
জোৰেৰে ঢুল মাৰে ,
জাকে জাকে বৰল ওলায়
বান্দৰক বিন্ধি মাৰে।
বান্দৰ ককাইৰ আলৈ-বিলৈ দেখি
শিয়ালে পালে সুখ,
ছলনা কৰা বৰ বেয়া কথা
ফল নিতৌ হয় দুখ।