সিহঁত এতিয়া মৰাৰ দৰেই  – বনজিত দাস 

Pc StockCake

সিহঁত এতিয়া মৰাৰ দৰেই 

বনজিত দাস 
ৰিহাবাৰী, বজালী

মুখ বন্ধ, চকু বন্ধ, কাণ বন্ধ
সিহঁতৰ এতিয়া
মৌনতাৰ শোভা যাত্ৰাত
জীয়াই থাকিও মৰাৰ দৰেই
সত্যৰ সম্মুখত মৌন
অন্যায়ৰ সম্মুখত অন্ধ
আৰ্তনাদৰ সম্মুখত বধিৰ
এইদৰেই লাহে লাহে
মৰি যায় মানুহৰ বিবেক
মুখত মৌনতাৰ মস্ত এটা তলা
চকুত অন্ধকাৰ পৰ্দা
কাণত সময়ৰ বধিৰতা
সিহঁত এতিয়া জীয়াই থাকিও মৃত
স্পন্দন আছে
কিন্তু বিবেকৰ কোনো ধ্বনি নাই
সত্যই দুৱাৰত টুকুৰিয়াই
ন্যায়ে নাম ধৰি মাতে
আৰ্তনাদে আকাশ কঁপাই
তথাপিও সিহঁত নিস্তব্ধতা
শ্মশানৰ নীৰৱতাকো অতিক্ৰম কৰে
এইদৰে এজন মানুহে
প্ৰথমে বন্ধ কৰে মুখ
তাৰ পিছত চকু
শেষত কাণ
এতিয়া সিহঁত
মৰাৰ দৰেই মৃতপ্ৰায়
নীৰৱ শোকগাঁথা
বিশাল শোভা যাত্ৰা ।