‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ 

‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন বিতৰণ 

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজ্যৰ প্ৰায় ৫.৪২ লাখ শিক্ষাৰ্থীৰ একাউণ্টত সোমাল ‘নিযুত মইনা’ আৰু ‘নিযুত বাবু’ আঁচনিৰ প্ৰথম কিস্তিৰ ধন । বুধবাৰে গুৱাহাটীৰ খানাপাৰাস্থিত জ্যোতি-বিষ্ণু আন্তৰ্জাতিক কলা মন্দিৰত আয়োজিত এক বিশেষ অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই আনুষ্ঠানিকভাৱে এই সাহায্য বিতৰণ প্ৰক্ৰিয়াৰ শুভাৰম্ভ কৰে । এই আঁচনিৰ অধীনত ৪ লাখ ৩৯ হাজাৰ ৫৯৮গৰাকী ছাত্রী উপকৃত হ’ব আৰু ইয়াৰ বাবে প্রথম কিস্তিত মুঠ ৪৮.২২ কোটি টকা ব্যয় কৰা হ’ব। আনহাতে, ৰাজ্যৰ ছাত্ৰসকলক উচ্চ শিক্ষাত উদগনি যোগোৱাৰ বাবে আৰম্ভ কৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখনৰ জৰিয়তে মুঠ ১ লাখ ২ হাজাৰ ৫০১গৰাকী ছাত্র উপকৃত হ’ব। ইয়াৰ বাবে প্ৰথম কিস্তিত ব্যয় হ’ব ১০.৩৭ কোটি টকা। এই আঁচনিৰ অধীনত একাদশ আৰু দ্বাদশ শ্ৰেণী তথা পলিটেকনিকৰ ছাত্ৰীসকলে মাহে ৮০০ টকাকৈ লাভ কৰিব । স্নাতক মহলাৰ ছাত্ৰীসকলে মাহে ১,২৫০ টকাকৈ লাভ কৰাৰ লগতে স্নাতকোত্তৰ আৰু বি.এডৰ ছাত্ৰীসকলে মাহে ২,৫০০ টকাকৈ লাভ কৰিব । ছাত্ৰসকলৰ শিক্ষাৰ ধাৰাবাহিকতা বৰ্তাই ৰাখিবলৈ নতুনকৈ আৰম্ভ কৰা এই আঁচনিৰ অধীনত এইবাৰ ১,০২,৫০১ গৰাকী ছাত্ৰই ১০.৩৭ কোটি টকাৰ বিত্তীয় সাহায্য লাভ কৰিছে । আঁচনিখনৰ অধীনত স্নাতক মহলাৰ ছাত্ৰসকলে মাহে ১,০০০ টকাকৈ লাভ কৰিব । স্নাতকোত্তৰ মহলাৰ ছাত্ৰসকলে মাহে ২,০০০ টকাকৈ লাভ কৰিব । এই উপলক্ষে দিয়া ভাষণত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ দৰে এখন অভিলাষী আঁচনি গ্রহণ কৰা সন্দৰ্ভত মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে অসমৰ বহু জিলাত যে বাল্যবিবাহ চলি আছে আৰু কম বয়সতে মাতৃত্বৰ দায়িত্ব ল’বলগীয়া হয় সেয়া ২০২৩ চনৰ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাত প্রকাশ পাইছিল। এই সমীক্ষা অনুসৰি ধুবুৰী, দক্ষিণ শালমাৰা আদিৰ দৰে জিলাত ৬০ শতাংশ কন্যা সন্তানে ১৩ৰ পৰা ১৪ বছৰ বয়সতে বিবাহপাশত আবদ্ধ হয়। তেনেদৰে, ৰাজ্যৰ বহুতো অঞ্চলত ১১-১২ বছৰ বয়সতে কন্যা সন্তানে মাতৃত্বৰ দায়িত্ব ল’বলৈ বাধ্য হৈ পৰে।

তেওঁ কয় যে এই সামাজিক ব্যাধি দূৰ কৰাৰ উদ্দেশ্যে চৰকাৰে ৰাজ্যজুৰি বিশাল অভিযান চলাই চৰকাৰে ১০ হাজাৰতকৈও অধিক লোকক গ্ৰেপ্তাৰ কৰিছিল আৰু প্ৰতি বছৰে এই অভিযান নিৰন্তৰভাৱে চলাই থকা হৈছে। মুখ্যমন্ত্রীয়ে উল্লেখ কৰে যে কন্যা সন্তানক কম বয়সতে বিয়া দিয়া কাৰ্য বন্ধ কৰাৰ পদক্ষেপৰ সমান্তৰালকৈ তেওঁলোকক শিক্ষাগ্রহণৰ সুবিধা প্ৰদানৰ উদ্দেশ্যে নিযুত মইনা নামৰ যিখন আঁচনি ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছিল, সেই আঁচনিখন আজি সর্বজন সমাদৃত হৈছে। তেওঁ জানিবলৈ দিয়ে যে ২০২৪ চনত এই আঁচনিখন আৰম্ভকৰাৰ পিছত ৰাজ্যৰ মহাবিদ্যালয়সমূহত ছোৱালীৰ নামভৰ্তি দ্রুতগতিত বৃদ্ধি পাইছে আৰু আধাতে শিক্ষানুষ্ঠান এৰা ছাত্ৰীৰ সংখ্যাও উল্লেখযোগ্যভাবে হ্রাস পাই আহিছে। ইয়াৰ সমান্তৰালকৈ ৰাষ্ট্ৰীয় পৰিয়াল স্বাস্থ্য সমীক্ষাৰ ষষ্ঠ সংস্কৰণত সংব অসমত বাল্যবিবাহৰ ঘটনাও দ্রুতগতিত কমি অহাৰ কথা প্রতিফলিত হৈছে। আনহাতে, ছাত্ৰসকলৰ শিক্ষাগ্রহণৰ সুবিধাৰ্থে আৰম্ভকৰা মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখন সন্দৰ্ভত মুখ্যমন্ত্ৰীয়ে কয় যে ৰাজ্যৰ ছাত্ৰসকলেও যাতে পঢ়াৰ সুবিধা লাভকৰে আৰু পিতৃ-মাতৃৰ আৰ্থিক বোজা কিছু পৰিমাণে হ্রাস পায়, সেই উদ্দেশ্যে চৰকাৰে এই আঁচনিখন গ্রহণ কৰিছিল। এই আঁচনিখনৰ জৰিয়তে মাত্ৰ এবছৰৰ ভিতৰতে বছৰি ৪ লাখ টকাতকৈ কম উপার্জন কৰা পৰিয়ালৰ ছাত্ৰই মহাবিদ্যালয়ত নামভৰ্তি কৰাৰ সংখ্যা প্রায় দুগুণলৈ বৃদ্ধি হোৱাটোৱে আঁচনিখনৰ সফলতাকে প্রতিফলিত কৰিছে বুলি তেওঁ মন্তব্য কৰে। মুখ্যমন্ত্ৰীয়ে কয়- ‘সাধাৰণতে যেতিয়া কোনো এখন আঁচনিৰ হিতাধিকাৰীৰ সংখ্যা বাড়ে, তেতিয়া আমাৰ মনত চিন্তা হয়। কাৰণ তেতিয়া আবণ্টন কৰিবলগীয়া ধনৰ পৰিমাণো বৃদ্ধি পায়। কিন্তু নিযুত মইনা বা নিযুত বাবুৰ দৰে আঁচনিত যেতিয়া হিতাধিকাৰীৰ সংখ্যা বাড়ে ইয়ে আমাৰ মনত উৎকণ্ঠাৰ সৃষ্টি নকৰে। বৰঞ্চ আমাৰ মনত আনন্দৰ এক জোৱাৰৰ সৃষ্টি কৰে যে এনে আঁচনিয়ে আজি লাখ লাখ ছাত্ৰ-ছাত্ৰীৰ সপোনবোৰক সংকল্পলৈ ৰূপান্তৰ হোৱাত সহায় কৰিছে।’ প্ৰতিগৰাকী শিক্ষার্থীক নিয়মীয়াকৈ শিক্ষানুষ্ঠানলৈ শিক্ষাগ্রহণৰ বাবে আহিবলৈ আহ্বান জনাই তেওঁ লগতে কয় যে শিক্ষানুষ্ঠানত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা, মুখ্যমন্ত্ৰীৰ নিযুত মইনা তথা মুখ্যমন্ত্ৰীৰ নিযুত বাবুৰ দৰে আঁচনিসমূহৰ উদ্দেশ্য তেতিয়াহে পূৰণ হ’ব। ভাষণত মহামানৱ মহাত্মা গান্ধীৰ উদ্ধৃতিৰে মুখ্যমন্ত্ৰীয়ে কয় যে শিক্ষাই সমাজলৈ সমতা আনে। শিক্ষাৰ বাহিৰে আন কোনো ব্যৱস্থা নাই, যি ব্যবস্থাই আটাইতকৈ দৰিদ্রতম পৰিয়াল এটাক সমাজৰ উচ্চতম স্তৰলৈ উন্নীত কৰিব পাৰে।

ভাষণত মুখ্যমন্ত্রীয়ে প্রাসংগিক শিক্ষা প্ৰদানৰ ওপৰত গুৰুত্ব আৰোপ কৰে। তেওঁ কয় যে প্রতিখন মহাবিদ্যালয়তে ইনকিউবেচন কেন্দ্র, স্টার্টআপ ইক ‘ছিষ্টেম গঢ়ি তোলা আদিৰে প্ৰাসংগিক শিক্ষা প্ৰদানৰ দিশত ৰাজ্যখনে গতি কৰিব লাগিব। প্রসংগক্রমে তেওঁ উল্লেখ কৰে যে বিগত পাঁচ বছৰত ৰাজ্যত চৰকাৰী খণ্ডত ১ লাখ ৬০ হাজাৰ চৰকাৰী চাকৰিত নিযুক্তি দিয়াৰ উপৰি আত্মসংস্থাপনৰ বাবে ২ লাখ যুৱক-যুৱতীক মুখ্যমন্ত্ৰীৰ আত্মনিৰ্ভৰ অসম অভিযানৰ জৰিয়তে সামৰি লোৱা হৈছে। তদুপৰি, ৰাজ্যত উদ্যোগীকৰণৰ এক বাতাৱৰণ সৃষ্টিৰ বাবেও ৰাজ্য চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে। নিকা আৰু মেধাৰ ভিত্তিত হোৱা নিযুক্তিৰ জৰিয়তে ৰাজ্য চৰকাৰে যুৱ সমাজ তথা ছাত্র-ছাত্রীসকলৰ মাজত এটা নতুন উৎসাহ আৰু প্ৰেৰণাৰ সৃষ্টি কৰিবলৈ সক্ষম হৈছে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে শিক্ষার্থী সমাজক কেন্দ্রীয় লোকসেৱা আয়োগৰ পৰীক্ষাকে ধৰি বিভিন্ন সৰ্বভাৰতীয় পৰীক্ষাত অৱতীৰ্ণ হ’বলৈ আহ্বান জনায়। তেওঁ মহাবিদ্যালয়সমূহত কেৰিয়াৰ পৰামৰ্শদাতা কোষ স্থাপনতো গুৰুত্ব আৰোপ কৰি কয় যে মহাবিদ্যালয়ৰ অধ্যাপক-অধ্যাপিকাসকলে ছাত্র-ছাত্রীসকলৰ সপোনত ডেউকা নিৰ্মাণ কৰিব লাগিব, যাতে তেওঁলোকৰ সপোন থমকি নৰয়। মুখ্যমন্ত্ৰীয়ে ভাষণত শিক্ষার্থীসকলক তেওঁলোকৰ মাজত লুকাই থকা উদ্ভাবনী শক্তিক বিকশাই তোলাৰ বাবেও আহ্বান জনায়। উদ্যোগীকৰণৰ এক নতুন পৰিৱেশ সৃষ্টিৰে ৰাজ্যৰ যুৱক-যুৱতীসকলক কর্মসংস্থাপন প্ৰদানৰ বাবে ৰাজ্য চৰকাৰে চলাই অহা প্ৰচেষ্টাৰ কথাও উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- ‘আমাৰ ৰাজ্যৰ যুৱক-যুৱতীসকলৰ মাজত আমি আশাৰ সঞ্চাৰ কৰিব লাগিব যে তেওঁলোকৰ ভৱিষ্যৎ সমাজে সুৰক্ষিত কৰিব। অশান্তিৰ পৰা বহুত দূৰত ৰাখি অসমক আমি শান্তিৰ এখন সাগৰলৈ ৰূপান্তৰ কৰিব লাগিব যাতে আমি যুৱক-যুৱতীসকলৰ সপোনক ডেউকা পিন্ধাব পাৰোঁ আৰু ৰাজ্যখনক স্বাৱলম্বী কৰি গঢ়ি তুলিব পাৰোঁ।’ ভাষণত মুখ্যমন্ত্রীয়ে আগন্তুক বৰ্ষত মুখ্যমন্ত্ৰীৰ নিযুত মইনা আৰু মুখ্যমন্ত্ৰীৰ নিযুত বাবু আঁচনিখন সম্প্ৰসাৰণ কৰা হ’ব  বুলিও ঘোষণা কৰে। তেওঁ কয় যে অহা বৰ্ষত এই আঁচনি দুখনৰ জৰিয়তে শ্রীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, আউনীআটী বিশ্ববিদ্যালয়, কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয় আৰু প্ৰাগজ্যোতিষপুৰ বিশ্ববিদ্যালয়ৰ শিক্ষার্থীসকলকো সামৰি লোৱা হ’ব। ইয়াৰ বাবে যাৱতীয় ব্যৱস্থা গ্রহণ কৰিবলৈ তেওঁ শিক্ষামন্ত্রীক আহ্বান জনায়। তেওঁ লগতে কয় যে এ এন এম, জি এন এম আৰু বি এছ চি নাৰ্ছিঙৰ ছাত্ৰীসকলকো মুখ্যমন্ত্ৰীৰ নিযুত মইনা আঁচনিৰ আওতালৈ অনা হ’ব। শিক্ষার্থীসকলে ছেপ্টেম্বৰ মাহৰ ধন সমাগত দুর্গাপূজাৰ পিছত ‘ডিবিটি’যোগে লাভ কৰিব পাৰে বুলি মন্তব্য কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয় যে ৰাজ্য চৰকাৰে পৰৱৰ্তী সময়ত দুয়োখন আঁচনিৰ ধনৰাশি বৃদ্ধি কৰাৰ বাবেও চিন্তা-চৰ্চা কৰিব। আজিৰ এই অনুষ্ঠানত শিক্ষামন্ত্রী ডাঃ ৰণোজ পেণ্ড, সাংসদ দিলীপ শইকীয়া আৰু বিজুলী কলিতা মেধি, বিধায়ক প্রদ্যুৎ বৰদলৈ, দিপ্লুৰঞ্জন শৰ্মা, বিজয় কুমাৰ গুপ্তা, ড° তপন দাস, হিমাংশু শেখৰ বৈশ্য, প্রকাশ চন্দ্র দাস, গুৱাহাটী পৌৰ নিগমৰ মেয়ৰ মৃগেন শৰণীয়াৰ উপৰি উচ্চ আৰু বিদ্যালয় শিক্ষা বিভাগৰ আয়ুক্ত সচিব নাৰায়ণ কোঁৱৰকে ধৰি কেইবাগৰাকীও শীর্ষ বিষয়া উপস্থিত থাকে।