উচ্চতম ন্যায়ালয়লৈ সমদল উলিওৱা ৰাহুল গান্ধীলৈ জাননী
ৰঙিলী বাৰ্ত্তাসেৱা- যোৱা ১২ অক্টোবৰত নিৰ্বাচন আয়োগৰ ভোটাৰ তালিকা সংশোধন প্ৰক্ৰিয়াৰ (SIR) বিৰুদ্ধে উচ্চতম ন্যায়ালয় অভিমুখে সমদল উলিওৱা আৰু ন্যায়ালয় চৌহদত সমবেত হোৱা ঘটনাক লৈ লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীলৈ জাননী পঠিয়ালে উচ্চতম ন্যায়ালয়ে। এই আচৰণৰ বাবে তেওঁৰ পৰা উত্তৰ বিচাৰিছে ন্যায়ালয়ে। মুখ্য ন্যায়াধীশ সূর্য কান্তৰ মন্তব্য- ‘ন্যায় বিভাগক কোনোৱেই ভয় খুৱাব নোৱাৰে।’ গোচৰৰ পৰৱৰ্তী শুনানিৰ দিনাই এই বিষয়ে ব্যাখ্যা আগবঢ়াবলৈ কোৱা হৈছে। ৰাহুল গান্ধীৰ লগতে সমাজবাদী পার্টীৰ মুৰব্বী অখিলেশ যাদবলৈও জাননী পঠিওৱা হৈছে। মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত আন্দোলন চলাই আছে বিৰোধী মৰ্চা ‘ইণ্ডিয়া’ই। ইতিমধ্যে ৰাষ্ট্ৰপতি দ্রৌপদী মুর্মুকো সাক্ষাৎ কৰিছে ‘ইণ্ডিয়া’ৰ প্রতিনিধি দলে। যোৱা সোমবাৰে মুখ্য ন্যায়াধীশ সূর্য কান্তকো সাক্ষাৎ কৰিবলৈ বিচাৰিছিল ৰাহুল বাহিনীয়ে। কিন্তু সেই অনুৰোধ প্রত্যাখ্যান কৰে মুখ্য ন্যায়াধীশগৰাকীয়ে। কিয় সাক্ষাৎ কৰাটো সম্ভব নহয় সেই বিষয়ে চিঠিও প্ৰেৰণ কৰিছে ৰাহুল আৰু কংগ্ৰেছ সভাপতি মল্লিকার্জুন খার্গেলৈ। পিছত সেইদিনাই সমদল কৰি উচ্চতম ন্যায়ালয়লৈ এছআইআৰত অনিয়ম হোৱাৰ অভিযোগ তুলি গোচৰ দাখিল কৰে ৰাহুল বাহিনীয়ে। সেইদিনাৰ কৰ্মকাণ্ডৰ বাবে এইবাৰ ৰাহুলৰ পৰা উত্তৰ বিচাৰিলে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠে। লগতে ৰাহুল বাহিনীয়ে তৰা গোচৰৰ পৰিপ্ৰেক্ষিতত নির্বাচন আয়োগলৈ জাননী প্ৰেৰণ কৰিছে ন্যায়ালয়ে। এই গোচৰত মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰ আৰু আন দুগৰাকী আয়ুক্ত সুখবীৰ সিং সিন্ধু আৰু বিবেক যোশীৰ পৰা উত্তৰ বিচাৰিছে মুখ্য ন্যায়াধীশৰ বিচাৰপীঠখনে। শেহতীয়াকৈ যন্তৰ-মন্তৰক দিল্লীৰ ‘নির্ধাৰিত প্ৰতিবাদস্থলী’ৰ তালিকাৰ পৰা বাদ দিছে দিল্লী আৰক্ষীয়ে। এই সিদ্ধান্তক প্রত্যাহ্বান জনায়ো সুকীয়া এটা গোচৰ তৰা হৈছে উচ্চতম ন্যায়ালয়ত। বৃহস্পতিবাৰে এই গোচৰটোও শুনানিৰ বাবে উঠে মুখ্য ন্যায়াধীশ সূর্য কান্ত, ন্যায়াধীশ জয়মাল্য বাগছী আৰু ন্যায়াধীশ ভি মোহনাৰ বিচাৰপীঠত। এই শুনানি কেন্দ্ৰীয় চৰকাৰৰ হৈ ছলিচিটৰ জেনেৰেল তুষাৰ মেহতাই জনায় যে এটা নির্ধাৰিত কমিটীৰ পৰামৰ্শৰ ভিত্তিতে যন্তৰ-মন্তৰ সম্পৰ্কীয় সিদ্ধান্তটো লোৱা হৈছে। এই গোচৰটোত কেন্দ্ৰ আৰু দিল্লী আৰক্ষীৰ বক্তব্য জানিবলৈ বিচাৰিছে ন্যায়ালয়ে। উচ্চতম ন্যায়ালয়ৰ মন্তব্য- ‘তেওঁলোকে উত্তৰ দিয়ক। উত্তৰ সন্তোষজনক নহ’লে আইন আইনৰ মতে চলিব।’ এছআইআৰৰ বিৰুদ্ধে শেহতীয়া বিক্ষোভৰ সময়ত কেইবাজনো মহিলা সাংবাদিককো আতিশয্যৰ অভিযোগ উঠে। তাক লৈও গোচৰ ৰুজু হৈছে ন্যায়ালয়ত। এছআইআৰ সম্পৰ্কীয় অন্যান্য গোচৰসমূহৰ শুনানিৰ লগতে বৃহস্পতিবাৰে এই গোচৰটোৰো শুনানি লয় মুখ্য ন্যায়াধীশৰ বিচাৰপীঠখনে।
