গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথমটো ভিছা আবেদন কেন্দ্র উদ্বোধন মুখ্যমন্ত্ৰীৰ 

গুৱাহাটীত উত্তৰ-পূৰ্বৰ প্ৰথমটো ভিছা আবেদন কেন্দ্র উদ্বোধন মুখ্যমন্ত্ৰীৰ 

ৰঙিলী বাৰ্ত্তাসেৱা-  অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণকাৰীসকলৰ বাবে এক ডাঙৰ সুখবৰ । এতিয়াৰে পৰা ভিছা আবেদন বা বায়’মেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰাৰ বাবে উত্তৰ-পূবৰ লোকসকলে কলকাতা, দিল্লী বা মুম্বাইৰ দৰে দূৰৱৰ্তী চহৰলৈ যোৱাৰ প্ৰয়োজন নাই । বুধবাৰে গুৱাহাটীৰ খানাপাৰাত উত্তৰ-পূব ভাৰতৰ প্ৰথমটো ভিছা আবেদন কেন্দ্ৰ আনুষ্ঠানিকভাৱে উদ্বোধন কৰে মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই । খানাপাৰাৰ আন্তঃৰাজ্যিক বাছ আস্থান চৌহদত ‘ভিএফএছ গ্ল’বেল’ নামৰ প্রতিষ্ঠানটোৱে স্থাপন কৰা এই কেন্দ্ৰটোৰ জৰিয়তে অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে প্ৰথম পৰ্যায়ত যুক্তৰাজ্য (UK), ফ্ৰান্স, জাপান, ইটালী, চুইজাৰলেণ্ড, অষ্ট্ৰিয়া, চাইপ্ৰাচ, চেক গণৰাজ্য, ইজিপ্ত, ইষ্টনিয়া, আয়াৰলেণ্ড, লাটভিয়া, মাল্টা আৰু মৰক্কোকে ধৰি মুঠ ১৪ খন দেশৰ ভিছা আবেদন আৰু বায়’মেট্ৰিক প্ৰক্ৰিয়া সম্পন্ন কৰিব পাৰিব। লগতে এই কেন্দ্রত শ্বেনগেন ভিছা আবেদনৰো সুবিধা থাকিব। শ্বেনগেন ভিছা লাভকৰা লোকে ইউৰোপৰ ২৯খন দেশ ভ্রমণ কৰিব পাৰিব। উদ্বোধনী অনুষ্ঠানত দিয়া ভাষণত মুখ্যমন্ত্রী ড° শর্মাই কয় যে অসম তথা  উত্তৰ-পূৰ্বাঞ্চলৰ ৰাইজে ইমানদিনে বিদেশ যাত্ৰাৰ ভিছাৰ বাবে আবেদন কৰিবলৈ দিল্লী বা কলকাতালৈ যাবলগীয়া হৈছিল। এতিয়াৰে পৰা ‘ভিএফএছ গ্ল’বেল’-এ গুৱাহাটীত আৰম্ভ কৰা ভিছা আবেদন কেন্দ্ৰৰ সহায়ত গুৱাহাটীৰ পৰাই বিশ্বৰ বহু দেশৰ ভিছা আবেদন সম্ভৱ হ’ব। তেওঁ লগতে কয়, এই কেন্দ্ৰই উত্তৰ-পূৰ্বাঞ্চলৰ জনসাধাৰণৰ বাবে আন্তঃৰাষ্ট্ৰীয় ভ্ৰমণ সেৱাৰ সুবিধা সহজে উপলব্ধ কৰাব আৰু বিশ্বৰ বহু দেশক উত্তৰ-পূৰ্বাঞ্চলৰ ওচৰ চপাই আনিব। ৰাইজৰ বাবে আন্তঃৰাষ্ট্ৰীয় যাতায়াত অধিক সহজলভ্য কৰাৰ দিশত এয়া এক গুৰুত্বপূৰ্ণ পদক্ষেপ। উত্তৰ-পূৰ্বাঞ্চলৰ আঠখন ৰাজ্যৰ জনতাক ভিছা আবেদনৰ সেৱা প্ৰদান কৰিবলগীয়া কেন্দ্ৰটোৰ গুৰুত্ব কেৱল গুৱাহাটীতে সীমাবদ্ধ নহয়, ইয়াৰ প্ৰভাৱ সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলতে পৰিব। দৰকাৰী নীতি-নিয়ম আৰু প্ৰক্ৰিয়া ৰক্ষা কৰি ভিছা আবেদন প্রক্রিয়াত ‘ভিএফএছ গ্ল’বেল’-এ সহায় আগবঢ়াব বুলি উল্লেখ কৰি মুখ্যমন্ত্রী ড° শৰ্মাই স্পষ্ট কৰে যে ভিছা আবেদন গ্রহণ কৰা বা প্রত্যাখ্যান কৰাৰ সিদ্ধান্ত সংশ্লিষ্ট দেশৰ দূতাবাস অথবা বাণিজ্যিক দূতাবাসে লয়। গুৱাহাটীত ভিছা আবেদন কেন্দ্রটো স্থাপন কৰাৰ বাবে তেওঁ ‘ভিএফএছ গ্ল’বেল’ক ধন্যবাদ জ্ঞাপন কৰে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ ‘এক্ট-ইষ্ট নীতি’য়ে ভাৰতৰ পূব দিশৰ চুবুৰীয়া দেশসমূহৰ সৈতে সম্পর্ক শক্তিশালী কৰাৰ ক্ষেত্ৰত উত্তৰ-পূৰ্বাঞ্চলক কেন্দ্ৰীয় স্থানৰ মৰ্যাদা প্রদান কৰিছে বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে উন্নত আন্তঃগাঁথনি, সুচল যোগাযোগ ব্যৱস্থা আৰু অর্থনৈতিক সহযোগিতাই অসমৰ বাবে সম্ভাৱনাৰ নতুন দুৱাৰ মুকলি কৰিছে। এই সম্ভাৱনাক ৰাইজৰ কল্যাণৰ বাবে বাস্তৱায়িত কৰাটো চৰকাৰৰ দায়িত্ব।

অসম চৰকাৰে বাণিজ্য, বিনিয়োগ, পর্যটন, শিক্ষা আৰু উদ্ভাৱনৰ কেন্দ্ৰ হিচাপে ৰাজ্যখনক গঢ়ি তুলিবলৈ প্রচেষ্টা চলাইছে। ইয়াৰ বাবে বিনিয়োগ বৃদ্ধি আৰু আন্তঃগাঁথনি উন্নয়নৰ উপৰি ৰাষ্ট্ৰৰ সীমা অতিক্রমি বিশ্বমানৰ দক্ষতা, জ্ঞান আৰু পেছাগত সুযোগ সৃষ্টি কৰিবলৈ জনসাধাৰণক উৎসাহিত কৰিব লাগিব। অহা ২৭ অক্টোবৰত গুৱাহাটীৰ লোকপ্রিয় গোপীনাথ বৰদলৈ আন্তঃৰাষ্ট্ৰীয় বিমানবন্দৰে এটা নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিব বুলি উল্লেখ কৰি তেওঁ কয় যে ভাৰত চৰকাৰৰ অসামৰিক বিমান পৰিবহণ মন্ত্রালয়ে গুৱাহাটী বিমানবন্দৰক আন্তঃৰাষ্ট্ৰীয় যাত্ৰীসকলৰ বাবে ‘হাব এণ্ড স্প’ক’ ব্যৱস্থাৰ অধীনত এক গুরুত্বপূর্ণ কেন্দ্র হিচাপে ঘোষণা কৰিছে। ইয়াৰ ফলত ২৭ অক্টোবৰৰ পৰা কোনো যাত্রীয়ে বিদেশলৈ যাত্ৰাৰ বাবে যদি গুৱাহাটীত ইমিগ্রেচন সম্পর্কীয় যাবতীয় পৰীক্ষা সম্পূৰ্ণ কৰে, তেন্তে দেশৰ আন বিমানবন্দৰত পুনৰ একেটা ইমিগ্ৰেচন প্ৰক্ৰিয়াৰ মাজেৰে যাবলগীয়া নহ’ব। দেশৰ অন্যান্য ৰাজ্যৰ যাত্ৰীসকলে গুৱাহাটীক এক সংযোগ কেন্দ্ৰ হিচাপে ব্যৱহাৰ কৰিব পাৰিব। আনহাতে গুৱাহাটীৰ পৰা চলাচল কৰা আন্তঃৰাষ্ট্ৰীয় বিমানত যাতায়াত কৰিবলৈ তেওঁলোকে নিজ ৰাজ্যৰ বিমানবন্দৰতে ইমিগ্ৰেচন প্রক্রিয়া সম্পূৰ্ণ কৰি গুৱাহাটীৰ পৰা সহজে বিদেশলৈ যাত্রা কৰিব পাৰিব। ডু বাই, ছিংগাপুৰ, ভুটানলৈ গুৱাহাটীৰ পৰা বিমান চলাচল কৰি আছে আৰু অহা ২৭ অক্টোবৰত বেংককলৈ এখন বিমানৰ যাত্ৰা আৰম্ভহ’ব বুলি সদৰী কৰি তেওঁ কয় যে ভিছা আবেদন কেন্দ্র, গুৱাহাটী বিমানবন্দৰত আৰম্ভহ’ বলগীয়া ‘হাব এণ্ডস্প’ক’ ব্যৱস্থা আৰু এনেধৰণৰ অন্যান্য পদক্ষেপসমূহে গুৱাহাটী তথা অসমক দেশৰ অন্যতম গুৰুত্বপূৰ্ণ আন্তঃৰাষ্ট্ৰীয় সংযোগ কেন্দ্ৰ হিচাপে প্রতিষ্ঠা কৰাত সহায় কৰিব। অসমৰ অপৰূপ প্রাকৃতিক সৌন্দর্য আৰু সমৃদ্ধ সাংস্কৃতিক ঐতিহ্যৰ প্ৰতি আকৰ্ষিত হৈ ৰাজ্যখনলৈ পৰ্যটকৰ আগমন বৃদ্ধি পোৱা বুলি মন্তব্য কৰি মুখ্যমন্ত্রী ড° শৰ্মাই কয় যে ২০১৬-১৭ বিত্তীয় বৰ্ষৰ পৰা ২০২৫-২৬ বিত্তীয় বর্ষলৈ বিগত প্রায় এটা দশকত অসমলৈ ৬ কোটিতকৈও অধিক পৰ্যটকৰ আগমন ঘটিছে। ইয়াৰে ২.৪১ লাখতকৈও অধিক বিদেশী পর্যটক। যুক্তৰাজ্য, ফ্রান্স, সংযুক্ত আৰব আমিৰশ্বাহী, অষ্ট্ৰেলিয়া, আমেৰিকা যুক্তৰাষ্ট্ৰ, ছুইজাৰলেণ্ড, জাপান, বাংলাদেশ, কানাডা, স্পেইন, বেলজিয়াম, ইজৰাইলকে ধৰি বিভিন্ন দেশৰ পৰা পৰ্যটকসকল অসমলৈ আহিছে। এই পৰিসংখ্যাই আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ প্ৰতি বৃদ্ধিপোৱা আগ্রহক প্রতিফলিত কৰাৰ লগতে পৰ্যটন খণ্ডত বিকাশৰ অপাৰ সম্ভাৱনাকো প্ৰমাণ কৰে। শেহতীয়াকৈ অসমৰ আইন-শৃংখলাজনিত পৰিস্থিতি উন্নত হোৱাৰ প্ৰতি লক্ষ্য ৰাখি অষ্ট্ৰেলিয়া, জাপান আৰু ইউৰোপীয় সংঘৰ ২৭খন সদস্য ৰাষ্ট্ৰই অসম সম্পর্কীয় ভ্রমণ নির্দেশনাসমূহ সংশোধন কৰিছে। ইয়ে অসমৰ প্ৰতি আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত আস্থা বৃদ্ধি পোৱাৰ লগতে পর্যটন, ব্যৱসায়িক আদান-প্রদান আৰু সাংস্কৃতিক বিনিময়ৰ বাবে অনুকূল পৰিৱেশ গঢ়ি উঠাত সহায় কৰিব। অনুষ্ঠানত পৰিবহণ মন্ত্ৰী চৰণ বড়ো, পৰ্যটন মন্ত্রী অজন্তা নেওগ, সাংসদ বিজুলী কলিতা মেধি, বিধায়ক বিজয় কুমাৰ গুপ্তা, প্রকাশ দাস, ৰাজু মেচ, ‘ভিএফএছ. গ্ল’বেল’ৰ দক্ষিণ এছিয়াৰ চি অ’ অ’ যুগ্মী তালৱাৰ, ফ্রান্স, চেক ৰিপাব্লিক, ছুইজাৰলেণ্ড, ইটালী আদি দেশৰ কূটনীতিবিদ আৰু কেইবাগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে।