ভাৰতীয় নৌ বাহিনীৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীনৰ যুদ্ধ জাহাজ প্ৰদান পাকিস্তানক

Pc- Times Of India

ভাৰতীয় নৌ বাহিনীৰ শক্তিৰ সৈতে মোকাবিলা কৰিবলৈ চীনৰ যুদ্ধ জাহাজ প্ৰদান পাকিস্তানক

ৰঙিলী বাৰ্ত্তাসেৱা- চীনে চুবুৰীয়া চিৰবৈৰী ৰাষ্ট্র পাকিস্তানৰ নৌসেনাক শক্তিশালী কৰি তুলিবলৈ বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজ পাকিস্তানক গতাই দিছে। পাকিস্তানে এই অত্যাধুনিক যুদ্ধ জাহাজখন আৰব সাগৰ আৰু ভাৰত মহাসাগৰত মোতায়েন কৰিব।। চীনস্থিত পাকিস্তানী ৰাষ্ট্ৰদূত মইনুল হকে প্ৰকাশ কৰে যে ভাৰতীয় নৌ বাহিনীৰ শক্তিৰ সৈতে  মোকাবিলা কৰিবলৈ চীনে যোগান ধৰা যুদ্ধ জাহাজখন পাকিস্তানে মোতায়েন কৰিব। ভাৰত মহাসাগৰত পাকিস্তানী নৌসেনাৰ শক্তি বৃদ্ধি কৰাৰ লক্ষ্যৰে ২০১৮ চনতেই অত্যাধুনিক যুদ্ধ জাহাজ চীনৰ পৰা বিচাৰিছিল ইছলামাবাদে। চীন ষ্টেট শ্বিপবিল্ডিং কৰ্প’ৰেচন লিমিটেড(চি এছ এছ চি)ৰ দ্বাৰা ডিজাইন আৰু নিৰ্মাণ কৰা ০৫৪এ/পিৰ অন্যতম সংস্কৰণ পিএনএছ টুঘ্ৰীল নামৰ বৃহত্তম আৰু অত্যাধুনিক যুদ্ধ জাহাজখন চীনে পাকিস্তানক গতাই দিয়ে।চীনৰ চাংহাইত এক কাৰ্যসূচীৰে এই যুদ্ধ জাহাজখন পাকিস্তানক গতাই দিয়ে।ভাৰত মহাসাগৰ অঞ্চলত অন্য দেশৰ শক্তিৰ ভাৰসাম্য বৰ্তাই ৰাখিবলৈ এই যুদ্ধ জাহাজখন পাকিস্তানৰ অস্ত্ৰ হৈ উঠিব।