বৰষুণ আৰু তুমি তুমি লগা অনুভৱ- প্ৰস্তুতি শৰ্মা

Pc- We heart it

বৰষুণ আৰু তুমি তুমি লগা অনুভৱ

গ্ৰীষ্মৰ সন্ধিয়া প্ৰথম বৰষুণ জাক পৰিছে ,নিকা কৰিছে পৃথিৱীৰ ধূলি-ধূলিকণা বোৰ।এচাটি বতাহে জুৰ পেলাইছে হৃদয়ত।বিৰিখেও আলিংগন কৰিছে ,, বৰষুণ মোৰ প্ৰিয় ,আহ! প্ৰথমজাক বৰষুণ ত তিতাৰ মাদকতাই সুকীয়া । তুমি বাৰু বৰষুণত তিতিছানে? গ্ৰীষ্মৰ প্ৰথমজাক বৰষুণত ?অভিমানী বৰষুণ জাকে বহুত কথাই সোঁৱৰাই ,,সোঁৱৰাই তোমাৰ মোৰ লিপিবদ্ধ নোহোৱা পৃষ্ঠাখন। স্কুলীয়া দিনৰ বৰষুণ তোমাৰ মনত আছে ,,সেই দশম শ্ৰেণীৰ বৰষুণ জাক। তুমি আৰু মই একেলগে তিতাৰ সুকীয়া অভিজ্ঞতা, বৰষুণ ক লৈ তেতিয়াৰ পৰাই কবিতা লিখিছিলোঁ আৰু আজিও লিখো বৰষুণ আৰু তোমাৰ অনুভৱ

প্ৰস্তুতি শৰ্মা
গোলাঘাট বাণিজ্য মহাবিদ্যালয়