বৰষুণ হৈ নামিব
বনজিত দাস
ৰিহাবাৰী, বজালী ।
শূন্যতাৰ বাবেই ইমান নিৰব
শব্দ হেৰাই বুকুত
কান্দিছিল ওৰেতো ৰাতি
ধাৰাসা
ছন্দ তুলিছিল সময়ৰ সৈতে
এজাক বৰষুণ হৈ
হেৰোৱাৰ বেদনাবোৰ ধুই
সম্ভেদ দিছিল কাৰোবাৰ পদধ্বনিত
বৰষুণ হৈ নামিব গান
গৰ্জনৰ দৰে
হেৰুৱা শূন্যতা খেদি
পুৰাব পাৰে সিদৰে নিশব্দে
তাৰো আছে গভীৰ সম্পৰ্ক
ফাগুনে গাইছিল তাৰেই বাৰ্তা
নেদেখাকৈ কেনেকৈ বাজে
শুকান বাটত বিষাদৰ ৰঙৰ সঁফুৰা
পছোৱাই মেলিছিল অহাৰ বতৰা
হুৰাহুৰে হিলদল ভাঙি বৈছিল
একেই বেদনা গধুৰ কাৰোবাৰ ছাঁ
বন্দী হৈছিল আকাশ আৰু মাটিৰ সুৰত
নিজান বনৰ বাঁহীৰ মূৰ্চনা
ৰঙালীৰ বেলিটোৰ হাঁহি
ঈষৎ ওঁঠত হেৰাই যোৱা দাগৰ অনুভৱতা
কিদৰে বুজাব পাৰে
ৰঙালীৰ হেঁপাহৰ গানত বাজে
শব্দটো আছে যন্ত্ৰণা
কাৰ বাবেই ইমান শূন্যতা
প্ৰকৃতিৰ সেউজ সাজত ভাহে
নভবাকৈ তাৰ যাতনা
মাথো শূন্যতা
ব’হাগ আহে কোন বাটে
তথাপি প্ৰাণতে
হেঁপা
এজাক বৰষুণত দি যাব
ঠি
