ভাৰতৰ শ্ৰমিক আন্দোলনৰ পটভূমিত শ্ৰমিক দিৱসঃ এটি সমীক্ষা
নাছিৰ আহমেদ, শিমলাবাৰী, গোৱালপাৰা
নাৰায়ন মেঘাজীয়ে ১৮৮৪ চনত ‘ দ্য বোম্বে মিল হ্যাণ্ডছ এচোছিয়েশ্যন, The Bombay Mill Hands Associations’ নামেৰে মিল শ্ৰমিকসকলৰ ইউনিয়ন গঠন কৰে। এই সংগঠনটো শ্ৰমিকসকলৰ এটি ইউনিয়নৰ অধীনত কৰি তেওঁলোকৰ উদ্বেগ প্ৰকাশ আৰু নিয়োগকৰ্তা সকলৰ সেই অনুসৰি পদক্ষেপ গ্ৰহণ কৰিবলৈ এটি মঞ্চ তৈয়াৰ কৰি দিছিল। তাৰ ফলত, শ্ৰমিকসকলৰ আত্মবিশ্বাস বাঢ়ি গৈছিল। সেই কাৰণে, নাৰায়ণ মেঘাজীক ভাৰতত শ্ৰমিক আন্দোলনৰ জনক বুলি অভিহিত কৰা হৈছে।
ভাৰতীয় সৰ্বহাৰা শ্ৰেণীৰ প্ৰথম ৰাজনৈতিক ধৰ্মঘট ১৯০৮ চনৰ ১৩ জুলাইত সংঘটিত হৈছিল ; যেতিয়া বোম্বাইত গ্ৰীভছ আৰু কটন মিলৰ শ্ৰমিকসকলে ভাৰতীয় জাতীয়তাবাদী নেতা বাল গঙ্গাধৰ তিলকৰ বিচাৰৰ বিৰুদ্ধে প্ৰতিবাদ কৰি কাম বন্ধ কৰি দিছিল।
১৯২০ চনত লাজপত ৰায় সৰ্বভাৰতীয় ট্ৰেড ইউনিয়ন কংগ্ৰেছৰ ( AITUC) সভাপতি নিৰ্বাচিত হয়। তেওঁ শ্ৰমিকসকলক ট্ৰেড ইউনিয়ন গঠন কৰিবলৈ আৰু ব্ৰিটিছ ঔপনিৱেশিক শাসকৰ শোষণৰ বিৰুদ্ধে প্ৰতিবাদ কৰিবলৈ উৎসাহিত কৰিছিল। ভাৰতৰ স্বাধীনতা আন্দোলনৰ চৰমপন্থী নেতা হিচাপে তেওঁ বিভাজনবিৰোধী আন্দোলনত সক্ৰিয় ভূমিকা গ্ৰহণ কৰিছিল ; যিয়ে পৰোক্ষভাৱে শ্ৰমিক আন্দোলনৰ সৈতেও সম্পৰ্কিত আছিল। তেওঁৰ এই ভূমিকাৰ বাবে তেওঁ ভাৰতীয় শ্ৰমিক আন্দোলনৰ এজন বিশিষ্ট ব্যক্তি হিচাপে পৰিগণিত হৈছিল।
ভাৰতৰ স্বাধীনতা আন্দোলনৰ সময়ত জাতীয়তাবাদী নেতৃবৃন্দই শ্ৰমিকসকলক সংগঠিত হ’বলৈ উৎসাহিত কৰিছিল আৰু বিদেশী শোষণৰ বিৰুদ্ধে শ্ৰমিকসকলক সোচ্চাৰ হ’বলৈ সাহায্য আগবঢ়ায়।
১৯১৭ চনত ৰুছ বিপ্লৱৰ মতাদৰ্শ শ্ৰমিকসকলৰ মাজত শ্ৰেণী-সংহতি আৰু সাম্যবাদী আন্দোলনৰ ভিত্তি মজবুত কৰিছিল।
ঐতিহাসিক ভাবে নীল বিদ্ৰোহ ( ১৮৫৯-৬০) ৰ পৰা আৰম্ভ কৰি পৰৱৰ্তী সময়ত সূতাকল আৰু মৰাপাট কলৰ শ্ৰমিকসকলৰ ধৰ্মঘট ভাৰতৰ শ্ৰমিক আন্দোলনৰ ভিত্তি মজবুত কৰিছিল।
ভাৰতৰ বামপন্থী দলসমূহে শ্ৰমিক আন্দোলনৰ সৈতে ঘনিষ্ঠভাৱে যুক্ত আৰু তেওঁলোকে শ্ৰমিকসকলৰ স্বাৰ্থক জাতীয় ৰাজনীতিৰ মূল ধাৰাত তুলি ধৰে। ট্ৰেড ইউনিয়নসমূহে যৌথভাবে দেশব্যাপি সাধাৰণ ধৰ্মঘটৰ আহ্বান দি চৰকাৰৰ নব্য-উদাৰনৈতিক বা বে-চৰকাৰীকৰণৰ বিৰুদ্ধে প্ৰতিবাদ জনায়। ৰে’লৱে,ডাক,ব্যাঙ্ক আৰু অন্যান্য চৰকাৰী বিভাগত শ্ৰমিক ইউনিয়নসমূহ অত্যন্ত শক্তিশালী ; যিয়ে প্ৰশাসনিক আৰু ৰাজনৈতিক সিদ্ধান্তত প্ৰভাৱ পেলায়।
ভাৰতৰ শ্ৰমিক আন্দোলনৰ মূল কাৰণবোৰ হ’ল, ঔপনিৱেশিক শাসন, প্ৰথম বিশ্বযুদ্ধ আৰু দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী নিত্যপ্ৰয়োজনীয় পণ্যৰ মূল্য বৃদ্ধি, মজুৰি হ্ৰাস, নিৰাপদ কৰ্মপৰিৱেশৰ অভাৱ। ইয়াৰ উপৰিও পুঁজিবাদী শোষণৰ বিৰুদ্ধে শ্ৰমিকসকলৰ সচেতনা বৃদ্ধি, ট্ৰেড ইউনিয়নৰ বিকাশ আৰু জাতীয়তাবাদী আন্দোলনৰ পৰিপ্ৰেক্ষিতত শ্ৰমিকসকলক সংগঠিত হ’বলৈ প্ৰৰোচিত কৰিছিল।
তৎসত্ত্বেও, ভাৰতৰ প্ৰায় ৯০ শতাংশৰ বেছি শ্ৰমিক অসংগঠিত খাতত কাম কৰাৰ ফলত সিহঁতক সংগঠিত কৰা আৰু ৰাজনৈতিক অধিকাৰ নিশ্চিত কৰা এতিয়াও এটি ডাঙৰ প্ৰত্যাহ্বান হৈ পৰিছে । সেয়ে,’ আন্তৰ্জাতিক শ্ৰমিক দিৱস’ ( International Labour Day) উদযাপনৰ জৰিয়তে বিভিন্ন দল-সংগঠনে ভাৰতৰ শ্ৰমিকসকলক একত্ৰিত কৰাৰ বাবে প্ৰচেষ্টা অব্যাহত ৰাখিছে।
‘লেবাৰ কিষাণ পাৰ্টি অফ হিন্দুস্থান’ নামৰ সংগঠনটোৱে ১৯২৩ চনত ভাৰতত পোন প্ৰথমবাৰৰ বাবে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস ‘ উদযাপন কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে। এই বছৰতে ১ মে’ তাৰিখে চেন্নাইৰ সাগৰ তীৰত ‘ আন্তৰ্জাতিক শ্ৰমিক দিৱস উপলক্ষে ৰঙা পতাকা উত্তোলন কৰা হয়। ভাৰতৰ কমিউনিষ্ট আন্দোলনৰ অন্যতম পথিকৃত কমৰেড এম ছি চেত্তিয়াৰে এই উদ্যোগ লৈ হাতৰ কাষত থকা নিজৰ জীয়েকৰ শাৰীৰ ৰঙা আঁচল ফালি লাল ঝাণ্ডা বনাই ৰঙা পতাকা হিচাপে ব্যৱহাৰ কৰিছিল। এই দিৱসটিত দেশৰ সকলোৱে শ্ৰমিক দিৱস হিচাপে মহাসমাৰোহেৰে পালন কৰাৰ বাবে চৰকাৰক চৰকাৰী ছুটিৰ দিন ঘোষণা কৰিবলৈ প্ৰস্তাৱ আগবঢ়ায়। যাৰ ফলত, তেতিয়াৰ পৰাই প্ৰতি বছৰে আমাৰ দেশৰ প্ৰায় সকলো প্ৰান্ততে ট্ৰেড ইউনিয়নসমূহৰ উপৰিও সকলো অনুষ্ঠান-প্ৰতিষ্ঠানে বিভিন্ন কাৰ্যসূচীৰে ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস বা মে’ দিৱস’ উদযাপন কৰি আহিছে।
সাংস্কৃতিক ঐতিহ্যৰ ভিত্তিত জাকজমকতাপূৰ্ণ শোভাযাত্ৰা, বৰ্ণাঢ্য প্ৰদৰ্শনী, নাট্যাভিনয়ৰ দৃশ্য সুসজ্জিত কৰি ভাৰতৰ বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানত ‘আন্তৰ্জাতিক শ্ৰমিক দিৱস’ উদযাপন কৰা হয় ; য’ত শিক্ষানুষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলক অংশ গ্ৰহণ কৰিবলৈ অনুপ্ৰাণিত কৰা হয়। পৰ্যটকসকলক আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ জন্ম স্থান চেন্নাইৰ সাগৰ তীৰত ভ্ৰমণ কৰিবলৈ উৎসাহিত কৰা হয়। চৈধ্য একৰেৰে আৱৰা সেউজ বননি নেপিয়াৰ পাৰ্কত ভ্ৰমণকাৰীসকলক মে’ দিৱসৰ জাকজমকতাপূৰ্ণ শোভাযাত্ৰা দৰ্শন কৰিবলৈ উদ্বুদ্ধ কৰা হয়। চেন্নাইৰ ইগমৰ জিলাৰ চৰকাৰী যাদুঘৰত মে’ দিৱসৰ বিভিন্ন ঐতিহাসিক সমল ,যেনে – বিভিন্ন চিত্ৰকলা প্ৰদৰ্শন, ব্ৰঞ্জৰ মূৰ্ত্তি আৰু মে’দিৱসৰ বিভিন্ন প্ৰতিবাদৰ কাৰ্যকলাপ দেখুওৱা হয়। মে’ দিৱস উদযাপনৰ বিভিন্ন আকৰ্ষণীয় থলীসমূহ তলত উল্লেখ কৰা হ’ল। চেন্নাইৰ মাদ্ৰাজ উচ্চ ন্যায়ালয়ৰ কাষৰ
মেৰিনা বিচ( সাগৰ তীৰ) মে’ দিৱসৰ মূল পৰ্যটন থলী হিচাপে পৰিচিতি লাভ কৰিছে।
দিল্লীৰ গোকিঙত ( Gawking) থকা কুতুব মিনাৰ আৰু গোল্ডেন টেম্পল।
বাঙ্গালোৰৰ গোটেই মহানগৰত আন্তৰ্জাতিক শ্ৰমিক দিৱস’ উদযাপন কৰা হয়। প্ৰধানকৈ বাঙ্গালোৰ মহানগৰৰ এম জি ৰোড আৰু কুবন পাৰ্কত বৰ্ণাঢ্য প্ৰদৰ্শনীৰে উলিওৱা শোভাযাত্ৰা দৰ্শন কৰিবলৈ ভ্ৰমণকাৰীসকলৰ মাজত যথেষ্ট ভিৰ হোৱা দেখা যায়।
কলকাতাৰ হাওৰা ব্ৰীজ আৰু হুগলী নদীত আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ নানা শোভাযাত্ৰা উলিওৱা হয়।
মোম্বাইতো নানা ৰঙা ৰঙৰ গাড়ীৰে পৰ্যটকসকলক অনা নিয়া কৰি আন্তৰ্জাতিক শ্ৰমিক দিৱসৰ বিভিন্ন প্ৰদৰ্শনী উপভোগ কৰিবলৈ সুযোগ দিয়া হয়।
এনেদৰে, ভাৰতৰ সকলো প্ৰান্তত শ্ৰমিকসকলৰ বিভিন্ন ন্যায়সঙ্গত দাবী আৰু অধিকাৰ সাব্যস্ত কৰিবলৈ আন্তৰ্জাতিক শ্ৰমিক দিৱস পালন কৰা হয়।
