বি বৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

বি বৰুৱা মহাবিদ্যালয়ত ৰাষ্ট্ৰীয় আলোচনা চক্ৰ

ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিজ্ঞান সমিতিৰ ৬৬ সংখ্যক বাৰ্ষিক কাৰিকৰী শিতানৰ লগত সংগতি ৰাখি মহানগৰীৰ বি বৰুৱা মহাবিদ্যালয়ত  ‘ইমাৰজিং প্ৰায়োউৰিটিজ ইন ছাইন্স এন্দ টেকন’লজি উইথ স্পিচিয়েল ফৰকাছ অন ৰোৰেল এন্দ গ্ৰীণ টেকন’লজি’ শীৰ্ষক বিষয়ত এখন ৰাষ্ট্ৰীয় আলোচনা চক্ৰ অনুষ্ঠিত হয়৷আহ্বায়ক ড° বিজয় শংকৰ গোস্বামীয়ে অনুষ্ঠান সন্দৰ্ভত চমুকৈ অৱগত কৰোৱাৰ পাছতে আদৰণি ভাষণ আগবঢ়ায় মহাবিদ্যালয়ৰ অধ্যক্ষ ড° সত্যেন্দ্ৰ নাথ বৰ্মনে৷প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড,অসমৰ অধ্যক্ষ ড° অৰূপ কুমাৰ মিশ্ৰই বন্তি প্ৰজ্বলনেৰে শুভাৰম্ভ কৰাৰ পাছতে মহাবিদ্যালয়ৰ পৰিচালনা সমিতিৰ সভাপতি ড° পাৰ্থ প্ৰতীম বৰুৱাই স্মৰণিকা তথা গৱেষণা পত্ৰৰ সাৰাংশ সম্বলিত গ্ৰন্হখন উন্মোচন কৰে৷অসম বিজ্ঞান সমিতিৰ সভাপতি ড° মোহন চন্দ্ৰ কলিতাৰ উপস্হিতিত মুখ্য বক্তৃতা প্ৰদান কৰে ভট্টদেৱ বিশ্ববিদ্যানয়ৰ উপাচাৰ্য ড° বিৰিঞ্চি কুমাৰ দাসে৷ড° স্মৃতিমালা শৰ্মাই আঁত ধৰাৰ পাছতে ড° কৃষ গোপাল ভট্টচাৰ্যৰ অধ্যক্ষতাত অনুষ্ঠিত হোৱা আলোচনা চক্ৰত আমন্ত্ৰিত বক্তৃতা প্ৰদান কৰে গুৱাহাটী আইআইটিৰ ড° উৎপল বৰা,প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ডৰ ড° শান্তনু কুমাৰ দত্ত আৰু আইআইএছটিৰ ড° মজিবুৰ ৰহমান খানে৷পৰৱৰ্তী সময়ত তিনিটা মুখ্য শিতানত ’গৱেষণা পত্ৰৰ আলোচনা চক্ৰ অনুষ্ঠিত হয়৷ইয়াতে পোষ্টাৰ মাধ্যমত ১৮ গৰাকী গৱেষকে গৱেষণা পত্ৰ প্ৰদৰ্শন কৰাৰ লগতে অফলাইন-অনলাইন মাধ্যমত ৭৭ গৰাকী গৱেষকে গৱেষণা পত্ৰ পাঠ কৰে৷পোষ্টাৰৰ বিচাৰক হিচাপে অংশগ্ৰহণ কৰে ড° মোহন চন্দ্ৰ কলিতা আৰু ড° উৎপল বৰাই৷একেদৰে অফলাইন মাধ্যমৰ গৱেষণা পত্ৰ পাঠ অনুষ্ঠানত কটন বিশ্ববিদ্যালয়ৰ ড° মনজিৎ কুমাৰ ভট্টাচাৰ্য,আইএএছটিৰ ড° ৰাজলক্ষ্মী দেৱী আৰু আইআইএএছটিৰ ড° মজিবুৰ ৰহমান খানে অধ্যক্ষতা কৰে৷আনহাতে অনলাইন মাধ্যমৰ গৱেষণা পত্ৰ পাঠ অনুষ্ঠানত দিল্লী বিশ্ববিদ্যালয়ৰ  ড° শশাংক ডেকা,পাটনা আইআইটিৰ ড° দেৱজিৎ শৰ্মা আৰু ইনডৰ আইআইটিৰ ড° ত্ৰিদিপ শৰ্মাই অধ্যক্ষতা কৰে৷এই আলোচনা চক্ৰখনত প্ৰদূষণ নিয়ন্ত্ৰণ বৰ্ড,অসমৰ লগতে আসাম ছাইন্স টেকন’লজি এন্দ এনভাইৰনমেন্ট কাউন্সিলেও সহযোগিতা আগবঢ়ায়৷