নিত্যাব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ এছইউচিআইৰ

নিত্যাব্যৱহাৰ্য সামগ্ৰীৰ মূল্যবৃদ্ধিৰ বিৰুদ্ধে প্ৰতিবাদ এছইউচিআইৰ

ৰঙিলী বাৰ্ত্তাসেৱা- বিজেপি পৰিচালিত ৰাজ্য চৰকাৰে অন্যায় আৰু অযৌক্তিকভাৱে পুনৰ বিদ্যুতৰ মাছুল ইউনিট প্ৰতি ৫৯ পইচাকৈ বৃদ্ধি কৰা আৰু কেন্দ্ৰীয় চৰকাৰে প্ৰতি লিটাৰ পে’ট্ৰলৰ ৮৪‌ প’ইচা, ডিজেলৰ ৮৩ প’ইচা আৰু চিলেণ্ডাৰ প্ৰতি ৫০ টকাকৈ বৃদ্ধি কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে  এছ ইউ চি আই (কমিউনিষ্ট) দলৰ অসম ৰাজ্যিক কমিটীৰ আহ্বানত ৰাজ্যজুৰি প্ৰতিবাদ কাৰ্যসূচী পালন কৰা হয়।এই উপলক্ষে গুৱাহাটীৰ উলুবাৰীত বিক্ষোভ কাৰ্যসূচী সংগঠিত হয়। মূল্যবৃদ্ধি ৰোধ কৰক, বিদ্যুত মাছুল বৃদ্ধি কৰা নচলিব, চৰকাৰৰ সকলো ব্যৰ্থতা জনসাধাৰণৰ কান্ধত জাপি দিয়া নচলিব, ৰন্ধন গেছৰ মূল্যবৃদ্ধি কাৰ স্বাৰ্থত কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰ জবাব দিয়া, অন্যায় আৰু অযৌক্তিক পেট্ৰোল-ডিজেলৰ মূল্যবৃদ্ধি বন্ধ কৰক   দাবী সম্বলিত প্লেকাৰ্ড হাতে হাতে লৈ দলৰ অৰ্ধ শতাধিক কৰ্মী-সমৰ্থকসকলে দলৰ উলুবাৰীস্থ ৰাজ্যিক কাৰ্যালয়ৰ পৰা শোভাযাত্ৰা কৰি উলুবাৰীৰ ভলভ’ প’ইণ্টৰ ওচৰত জি এছ ৰোডত বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰে। সংগঠিত এই কাৰ্যসূচীত অংশগ্ৰহণ কৰা দলৰ কৰ্মী- সমৰ্থকসকলে পে’ট্ৰল- ডিজেল, ৰন্ধন গেছৰ মূল্যবৃদ্ধি তথা বিদ্যুতৰ মাছুল বৃদ্ধিৰ বিৰুদ্ধে বলিষ্ঠ শ্লোগানেৰে পৰিৱেশ উত্তাল কৰি  তোলে। প্ৰতিবাদস্থলীত বক্তব্য প্ৰদান কৰে দলৰ ৰাজ্যিক কমিটীৰ সদস্য আব্দুচ চবুৰে । তেওঁ কয়-কৰ্পোৰেট গোষ্ঠীয়ে যাতে অধিক মুনাফা অৰ্জন কৰিব পাৰে তাৰেই সুবিধা কৰি দিয়া সিদ্ধান্তৰ ফলত প্ৰতিটো বয়-বস্তু মূল্য বৃদ্ধি।অথচ চৰকাৰৰ প্ৰয়োজন আছিল জনসাধাৰণক মুল্যবৃদ্ধিৰ পৰা কেনেকৈ সকা দিয়া যায় তাৰ পৰিকল্পনা কৰা। দেখা পোৱা গৈছে এই জ্বলন্ত সমস্যা সমূ্হৰ সমাধানৰ বাবে কোনো ধৰণৰ পৰিকল্পনা নকৰি বিজেপি পৰিচালিত চৰকাৰখনে চূড়ান্ত সাম্প্ৰদায়িক চিন্তাক বিয়পাই দি জনসাধাৰণৰ ঐক্যক বিনষ্ট কৰি গণতান্ত্ৰিক চেতনাৰ ভিত্তিত ঐক্যবদ্ধ গণ আন্দোলন যাতে সংগঠিত নহয় তাৰেই পৰিকল্পনাত লিপ্ত। লগতে কয় যে মূল্যবৃদ্ধিৰ দৰে জ্বলন্ত সমস্যা সমূ্হৰ বিৰুদ্ধে সকলো ৰাইজক ওলাই আহিবলৈ আহ্বান জনায়।ইয়াৰ পাছত বিক্ষোভকাৰী সকলে শোভাযাত্ৰা কৰি উলুবাৰী চাৰি আলি হৈ আহি ৰাজ্যিক কাৰ্যালয়ৰ সন্মুখত কাৰ্যসূচী শেষ কৰে।দলৰ গোৱালপাৰা, ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, লখিমপুৰ, দৰং, ওদালগুৰি, নলবাৰী, মঙ্গলদৈ, শোণিতপুৰ, কাছাৰ, কৰিমগঞ্জ আদি ৰাজ্যৰ বিভিন্ন জিলাসমূহতো দলৰ পক্ষৰ পৰা বিক্ষোভ কাৰ্যসূচী সংগঠিত কৰা হয়।