কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নতুন শিক্ষা নীতি সম্পৰ্কীয় বক্তৃতানুষ্ঠান

কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ত নতুন শিক্ষা নীতি সম্পৰ্কীয় বক্তৃতানুষ্ঠান

ৰঙিলী বাৰ্ত্তাসেৱা- কৰ্মশ্ৰী হিতেশ্বৰ শইকীয়া মহাবিদ্যালয়ৰ শিক্ষা বিভাগৰ উদ্যোগত মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত নতুন শিক্ষা নীতি বিষয়ত এটি বক্তৃতানুষ্ঠান অনুষ্ঠিত হয়৷ অধ্যক্ষা ড° শিখামণি কোঁৱৰৰ আদৰণি ভাষণেৰে আৰম্ভ হোৱা অনুষ্ঠানটিত মূল বক্তৃতা প্ৰদান কৰে ইউনিভৰচিটি অৱ ছাইন্স এন্ড টেকন’ল’জি,মেঘালয়ৰ ‘স্কুল অৱ বিজিনেছ ছাইন্স বিভাগৰ ডীন ড° অমিত চৌধুৰীয়ে৷ তেওঁ নতুন শিক্ষানীতি ২০২০ য়ে উচ্চ শিক্ষাৰ ক্ষেত্ৰত আগবঢ়োৱা পৰামৰ্শসমূহ বিশদভাৱে বিশ্লেষণ কৰি দেখুৱায়৷ ভাষণ প্ৰসঙ্গত তেওঁ কয় যে নতুন শিক্ষানীতিয়ে ছাত্ৰ-ছাত্ৰীৰ কৌশলগত বিকাশৰ ওপৰত সৰ্বাধিক গুৰুত্ব আৰোপ কৰিছে৷এই নীতিৰ বুনিয়াদ গঢ়ি উঠিছে ব্যয়বহন যোগ্যতা, সুলভতা, গুণমান বিশিষ্টতা, সমতা আৰু দায়বদ্ধতাৰ ওপৰত৷ এই নীতিয়ে গুণমানবিশিষ্ট, কৌশলগত, জীৱনজোৰা শিক্ষাৰে শিক্ষিত কৰি সকলোকে উপযুক্ত সংস্হাপন তথা নিয়োগৰ সুবিধা আগবঢ়াব পাৰিব বুলি আশা কৰা হৈছে৷ অনুষ্ঠানত মহাবিদ্যালয়ৰ শিক্ষক-কৰ্মচাৰী তথা ছাত্ৰ-ছাত্ৰীসকল উপস্হিত থাকে৷ মুৰব্বী অধ্যাপিকা ড°শাশ্বতী বৰুৱা ভুঞাই আঁত ধৰা অনুষ্ঠানটিত শলাগৰ শৰাই আগবঢ়ায় অধ্যাপিকা ড°তাছৰিনা হুছেইনে৷