বিশ্ববৰেণ্য সংস্কৃত পণ্ডিত, “সদস্য মহীয়ান”, শিক্ষাবিদ ড০ অশোক কুমাৰ গোস্বামীৰ ৯০ সংখ্যক ওপজা দিনত “পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা সম্বৰ্দ্ধনা

বিশ্ববৰেণ্য সংস্কৃত পণ্ডিত, “সদস্য মহীয়ান”, শিক্ষাবিদ ড০ অশোক কুমাৰ গোস্বামীৰ ৯০ সংখ্যক ওপজা দিনত “পৰাগজ্যোতি প্ৰকাশন” ৰ পৰা সম্বৰ্দ্ধনা

গুৱাহাটী,ৰঙিলী বাৰ্ত্তাসেৱা- ভাৰততত্ববিদ, বিশ্ববৰেণ্য সংস্কৃত পণ্ডিত, অসম সাহিত্য সভাৰ সৰ্বোত্তম সন্মান “সদস্য মহীয়ান”, ভাৰতৰ ৰাষ্ট্ৰপতিৰ পৰা সন্মানিত, “মিথিলা ৰত্ন”, শিক্ষাবিদ, ভাৰতৰ লোকভাষা প্ৰচাৰ সমিতিৰ প্ৰাক্তন সভাপতি ড০ অশোক কুমাৰ গোস্বামীৰ আজি ৯০ সংখ্যক ওপজা দিন “পৰাগজ্যোতি প্ৰকাশন”ৰ উদ্যোগত তেখেতৰ নিজ বাসভৱন মহানগৰীৰ খানাপাৰা-ত্ৰিপুৰা পথৰ ‘শান্তিগ্ৰাম’ আবাসত উদযাপন কৰে । ২০০২ চনত তদানীন্তন ৰাষ্ট্ৰপতি কে. আৰ. নাৰায়ণৰ দ্বাৰা বিশেষ সন্মান প্ৰাপ্ত ড০ অশোক কুমাৰ গোস্বামীক সম্বৰ্দ্ধনা জ্ঞাপন কৰি অসম সাহিত্য সভাৰ প্ৰাক্তন সহকাৰী সম্পাদক কমল কলিতাই কয়- “অতিশয় নিৰ্মল ব্যক্তিত্বৰ অধিকাৰী ড০ গোস্বামী চাৰ । দেশ তথা সমাজৰ উন্নতি কল্পে অহৰহ কাম কৰাত সিদ্ধহস্ত । জ্ঞান তপস্বী অসম মুলুকৰ বটবৃক্ষ স্বৰূপ ।” অনুষ্ঠানত অংশ লৈ বামুণীমৈদান শাখা লেখিকা সংস্থাৰ সম্পাদিকা তথা ছেবাৰ কৰ্মচাৰী পুতুলী ঠাকুৰীয়া মেধিয়ে কয়- “ঈৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী ড০ গোস্বামী চাৰ । চাৰৰ সৎ চিন্তা-ভাৱনা, নিয়মানুবৰ্তিতা, শিষ্টাচাৰে সকলোকে সন্মোহিত কৰে ।” পৰাগজ্যোতি প্ৰকাশনৰ সচিব তথা সাংবাদিক দীপক শৰ্মাই কয়- “প্ৰজ্ঞাৰ সাধক ড০ গোস্বামী চাৰ নিজৰ স্ব-প্ৰতিভাৰে দেশ – বিদেশত জ্যোতিষ্কৰ দৰে জিলিকি আছে । বিশ্বজনীন চিন্তা, বৌদ্ধিক নিষ্ঠাৰে সমাজৰ সকলো স্তৰৰ লোকক আকৰ্ষিত কৰে ।ন-প্ৰজন্মই ড০ অশোক কুমাৰ গোস্বামীৰ চিন্তাৰ পৰা বহু শিকিবলগীয়া আছে ।” অনুষ্ঠানত ড০ গোস্বামীৰ পত্নী গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা বীণা দেৱী গোস্বামী, জী দৰ্শনা গোস্বামী ডেকা আদি উপস্থিত আছিল ।