মেছাগড়ৰ মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগ:পহিলা বহাগৰ মুকলি বিহু আৰু ৪৪ সংখ্যক সদৌ অসম কণী যুঁজ মেলা 

মেছাগড়ৰ মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগ:পহিলা বহাগৰ মুকলি বিহু আৰু ৪৪ সংখ্যক সদৌ অসম কণী যুঁজ মেলা 
যদুমণি হাজৰিকা,নাজিৰা,ৰঙিলী বাৰ্ত্তাসেৱা– শিৱসাগৰ জিলাৰ অন্যতম শৈক্ষিক, সামাজিক আৰু সাংস্কৃতিক অনুষ্ঠান মেছাগড়স্থিত মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগত পৰহি  বৰ্ণাঢ়্য কাৰ্য্যসূচীৰে “পহিলা বহাগৰ মুকলি বিহু” আৰু ৪৪ সংখ্যক “সদৌ অসম মুকলি কণী যুঁজ মেলা” সম্পন্ন হৈ যায়। । মেছাগড়স্থিত  জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত  পুৱা  মহাসতী জয়মতী পুথিভঁৰালৰ সভাপতি নিৰঞ্জন বৰগোহাঞি আৰু সদৌ অসম কণী যুঁজ সন্থাৰ সভাপতি ডম্বৰু ফুকনে বিহুৱান উত্তোলনৰে দিনজোৰা কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে। । ইয়াৰ পিছতেই বিদ্যালয়ৰ চৌহদত গছপুলি ৰোপণ কাৰ্য্যসুচী ৰূপায়ণ কৰে জোকতলি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ অধ্যক্ষ ৰঞ্জন বুঢ়াগোহাঁয়ে। উজনি অসমৰ বিভিন্ন প্ৰান্তৰ পৰা অহা ৪ শতাধিক কণী যুঁজত অংশগ্ৰহণকাৰীৰ পঞ্জীয়নৰ পিছতেই  সদৌ অসম মুকলি কণী যুঁজ মেলাৰ উদ্বোধনী অনুষ্ঠান সম্পন্ন হয়। এই উদ্ধোধনী অনুষ্ঠানত সদৌ  অসম কণী যুঁজ সন্থাৰ মুখ্য উপদেষ্টা  তথা প্ৰাক্তন মন্ত্ৰী হিৰণ্য কোঁৱৰ সভাপতি ডম্বৰু ফুকন , সম্পাদক  প্ৰণৱ চেতিয়া উপস্থিত থাকে। ইয়াৰ পিছত বৃহত্তৰ মেছাগড় অঞ্চলৰ ৩২ গৰাকী বয়োজেষ্ঠ ব্যক্তিক বিহুৱানৰে বিহুৰ ওলগ জনোৱা হয় আৰু মুকলি বিহুৰ উদ্যোগতাকে ধৰি স্থানীয় বহু সংখ্যক লোকে সমুহীয়া সেৱা ধৰি  আশীৰ্বাদ বিচাৰে । ৰঙালী বিহুৰ ঐতিহ্য, পৰম্পৰা ৰক্ষা কৰি বিভিন্ন প্ৰান্তৰ পৰা অহা লোকে এই কণী মুকলি কণী যুঁজত ভাগ লয়। এই মুকলি বিহুত অসমৰ আগশাৰীৰ  শিৱসাগৰ সম্মিলিত ছোৱালী হুচঁৰি দল, জাঁজীপৰীয়া হুচঁৰি দল, চোমদেও হুঁচৰি দল, গেলেকীৰ নয়ন মিলন  হুচঁৰি দল, বকতা পাৰিজাতৰ জাংফাই টাই হুচঁৰি দল , মিলিজুলি জেং বিহু দল আৰু সম্প্ৰীতি জেং- বিহু দলে প্ৰদৰ্শন কৰা বিহু উপভোগ কৰিবলৈ সহস্ৰাধিক লোক সমবেত হয় । মহাসতী জয়মতী পুথিভঁৰালৰ উদ্যোগত আয়োজিত পহিলা বহাগৰ মুকলি বিহু আৰু সদৌ অসম কণী যুঁজ মেলাৰ কাৰ্য্যসূচী সফলতাৰে সম্পন্ন হোৱাত সহযোগ আগবঢ়োৱা সকলোটিলৈকে পুথিভঁৰালৰ সভাপতি নিৰঞ্জন বৰগোহাঞি আৰু সাধাৰণ সম্পাদক দিগন্ত বৰগোহাঞিয়ে  ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছে।