কলংপৰীয়া চহৰ নগাঁৱত এবিভিপিৰ ব’হাগী আদৰণি

কলংপৰীয়া চহৰ নগাঁৱত এবিভিপিৰ ব’হাগী আদৰণি

ৰঙিলী বাৰ্ত্তাসেৱা- এয়া অসমীয়াৰ বাপতিসাহোন ৰঙালী বিহুৰ সময়। অসম আৰু অসমীয়াৰ উৎসাহৰ আৰু আদৰৰ এই ৰঙালী বিহুৰ প্ৰাক্ ক্ষণত‌ অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদ নগাঁও নগৰ শাখা আৰু ৰাষ্ট্ৰীয় কলা মঞ্চৰ উদ্যোগত যোৱা ৩০ মাৰ্চৰ পৰা ৮ এপ্ৰিল তাৰিখলৈ এক বিহু নৃত্যৰ কৰ্মশালা আয়োজন কৰা হৈছিল।এই ১০ দিনীয়া বিহু নৃত্য কৰ্মশালাৰ অন্তত আজি নগাঁৱৰ মুকলি মঞ্চত ‘ব’হাগী আদৰণি’ শীৰ্ষক এক অনুষ্ঠানৰ আয়োজন কৰা হয়, য’ত বিহুৰ লগতে অসমৰ বিভিন্ন জনগোষ্ঠীয় নৃত্যও প্ৰদৰ্শন কৰা হয়। উক্ত অনুষ্ঠানতেই কৰ্মশালাত ভাগলোৱা প্ৰায় অৰ্দ্ধশতাধিক প্ৰশিক্ষাৰ্থীক মানপ্ৰত্ৰৰে সন্মানিত কৰা হয়।উক্ত অনুষ্ঠানত অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সভাপতি ড° ৰীতামণি বৈশ্য,ভাৰতীয় কিষাণ সংঘৰ অসমৰ সাংগঠনিক সম্পাদক তথা এবিভিপি অসম প্ৰদেশৰ প্ৰাক্তন সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা, পাঞ্জাব বিশ্ববিদ্যালয়ৰ মহাপুৰুষ শংকৰদেৱ চেয়াৰ প্ৰফেছাৰ যোজনা ৰাৱত বিশেষ ভাৱে উপস্থিত থাকে। অনুষ্ঠানত উপস্থিত থাকি বিদ্যাৰ্থী পৰিষদৰ ৰাজ্যিক সভাপতি ড° ৰীতামণি বৈশ্যই সমগ্ৰ অসমবাসীক আগন্তুক ৰঙালী বিহুৰ ওলগ আৰু আহি থকা অসমীয়া নৱবৰ্ষৰ অলেখ শুভকামনা জ্ঞাপন কৰে। লগতে তেওঁ কয় যে “এয়া হৈছে উৎসৱ আৰু আনন্দৰ সময়, সমগ্ৰ অসমবাসী এতিয়া হেঁপাহৰ ৰঙালীক আদৰাৰ প্ৰস্তুতিত ব্যস্ত।ৰঙালীৰ বিনন্দীয়া ক্ষণে সকলোৰে জীৱনলৈ সুখ আৰু আনন্দ কঢ়িয়াই লৈ আহক”। অনুষ্ঠানত বিশেষ ভাৱে উপস্থিত থাকি ভাৰতীয় কিষাণ সংঘৰ অসমৰ সাংগঠনিক সম্পাদক কৃষ্ণকান্ত বৰা দেৱে সকলোকে ৰঙালী বিহুৰ ওলগ জনোৱাৰ লগতে অসমৰ সাংস্কৃতিক ঐতিহ্য সমূহৰ সংৰক্ষণ আৰু সেই সমূহৰ চৰ্চাৰ বাবে যুৱ প্ৰজন্মক আহ্বান জনায়।